প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ’(এনএইচআৰচি)ৰ অষ্টাবিংশ প্ৰতিস্থা দিৱসৰ কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 12 OCT 2021 2:00PM by PIB Guwahati

নমস্কাৰ!

আপোনালোক আটাইকে নৱৰাত্ৰীৰ পবিত্ৰ পৰ্বৰ বহুত বহুত শুভকামনা জনালো! কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা দেশৰ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ অধ্যক্ষ ন্যায়াধীশ শ্ৰী অৰুণ কুমাৰ মিশ্ৰ জী, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় জী, মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্যবৃন্দ, ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষসকল, উচ্চতম ন্যয়ালয়ৰ আদৰণীয় বিচাৰপতিসকল, সদস্যসকল, ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ প্ৰতিনিধিবৃন্দ, সামাজিক সংগঠনসমূহৰ বন্ধুসকল, মহানুভৱসকল আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!

আপোনালোক আটাইকে মানৱ অধিকাৰ আয়োগ অষ্টাবিংশ প্ৰতিস্থা দিৱস বাবে আন্তৰিক অভিনন্দন জনাইছো। এই আয়োজন আজি এনে এক মুহূৰ্তত অনুষ্ঠিত কৰা হৈছে, যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছে। ভাৰতৰ বাবে মানৱ অধিকাৰৰ প্ৰেৰণা, মানৱ অধিকাৰৰ প্ৰমূল্যৰ বহুত ডাঙৰ স্ৰোত হৈছে স্বাধীনতাৰ বাবে আমি কৰা আন্দোলন, আমাৰ ইতিহাস। আমি শতিকা ধৰি নিজৰ অধিকাৰৰ বাবে সংঘৰ্ষত অৱতীৰ্ণ বলগীয়া হৈছিলো। এখন ৰাষ্ট্ৰৰ ৰূপত, এখন সমাজৰ ৰূপত অন্যায়-অত্যাচাৰৰ প্ৰতিৰোধ কৰা, এক এনেকুৱা সময়ত যেতিয়া সমগ্ৰ পৃথিৱী যুদ্ধৰ হিংসাত নিমগ্ন আছিল, ভাৰতে তেতিয়া সমগ্ৰ পৃথিৱীখনকে অধিকাৰ আৰু অহিংসাৰ পথ দেখুৱাইছিল। আমাৰ পূজনীয় বাপুক দেশেই নহয়, বৰং সমগ্ৰ বিশ্বই মানৱ অধিকাৰ আৰু মানৱীয় প্ৰমূল্যৰ প্ৰতীকৰ ৰূপত গ্ৰহণ কৰিছে। এয়া আমাৰ সকলোৰে বাবে সৌভাগ্য যে আজি অমৃত মহোত্সৱ জৰিয়তে আমি মহাত্মা গান্ধীৰ সেইসমূহ প্ৰমূল্য আৰু আদৰ্শক জীৱনৰ সংকল্প হিচাপে গ্ৰহণ কৰিবলৈ লৈছো। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ-য়ে ভাৰতৰ এইসমূহ নৈতিক সকল্পক নৈতিক শক্তি প্ৰদান কৰি আহিছে, নিজৰ সহযোগিতা প্ৰদান কৰি আহিছে।

বন্ধুসকল,

ভাৰত আত্মবত্ সৰ্বভূতেষু- মহান আদৰ্শক, সংস্কাৰক, বিচাৰধাৰাক লৈ আগবঢ়া এখন দেশ। আত্মবত্ সৰ্বভূতেষু, অৰ্থাত্, মই যেনেকুৱা আন মানুহবোৰো মোৰ দৰেই। মানৱ-মানৱৰ মাজত, জীৱৰ জীৱৰ মাজত কোনো প্ৰভেদ নাই। আমি যেতিয়াই এই বিচাৰধাৰাক স্বীকাৰ কৰি তেতিয়াই সকলোধৰণৰ অহিত চিন্তাই মেলানি মাগিব। বিভিন্ন বিবিধতাৰ পিচতো ভাৰতৰ জনমানসে এই বিচাৰধাৰাক সহস্ৰ বছৰ ধৰি জীৱন্ত কৰি আহিছে। সেয়ে বহুশ বছৰৰ পৰাধীনতাৰ পিচতো ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল, আমাৰ সংবিধানে গ্ৰহণ কৰা সমতা আৰু মৌলিক অধিকাৰসমূহক তেনেই সহজভাবেই স্বীকাৰ কৰি লৈছিল সকলো জনতাই।

বন্ধুসকল,

স্বাধীনতাৰ পিচতো ভাৰতে নিৰন্তৰ বিশ্বক সমতা আৰু মানৱাধিকাৰসমূহৰে বিজড়িত প্ৰসংগসমূহৰ ক্ষেত্ৰত নতুন পাৰ্ছপেক্টিভ, নতুন ভিছন প্ৰদান কৰিছিলবিগত দশকসমূহত এনেকুৱা কিমান অৱকাশে বিশ্বৰ সন্মুখত ধৰা দিছিলহি, যেতিয়া পৃথিৱী ভ্ৰমিত হৈছিল, বিপথে পৰিচালিত হৈছিল। কিন্তু ভাৰত মানৱাধিকাৰৰ প্ৰতি সদয়ে প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে, সংবেদনশীল হৈয়ে আহিছে। বিভিন্ন প্ৰত্যাহ্বানৰ পিচতো আমাৰ এই আস্থাই আমাক আশ্বস্ত কৰে যে ভাৰতে মানৱাধিকাৰক সকলোৰে ওপৰত বুলি গ্ৰহণ কৰি এখন আদৰ্শ সমাজ নিৰ্মাণৰ কাম এনেদৰেই কৰি যাব।

বন্ধুসকল,

সম্প্ৰতি দেশে সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস মূল মন্ত্ৰক সাৰোগত কৰি আগবাঢ়িব খুজিছে। এয়াও একধৰণে মানৱাধিকাৰক সুনিশ্চিত কৰাৰে মূল ভাৱনা। চৰকাৰে যদি কোনো আঁচনি আৰম্ভ কৰে আৰু তাৰ লাভ একাংশই লাভ কৰে, আন একাংশই লাভ নকৰে তেন্তে তেনে পৰিস্থিতিত অধিকাৰৰ প্ৰসংগ উথ্থাপিত বই। আৰু সেয়ে আমি, প্ৰতিটো যোজনাৰ লাভ, সকলোৱে পোৱাটো নিশ্চিত কৰাৰ লক্ষ্য লৈ আগবাঢ়িব খুজিছো। যেতিয়া ভেদভাৱ নাথাকে, যেতিয়া পক্ষপাতৰ অৱকাশ নাথাকে, পাৰদৰ্শিকতাৰে কামবোৰ পৰিচালিত হয়, তেতিয়া সাধাৰণ মানুহৰ অধিকাৰো সুনিশ্চিত হয়। এইবেলিৰ ১৫আগষ্টত দেশৰ সৈতে কথা-বতৰা হওতে, মই এই কথাত জোৰ দিছিলো যে এতিয়া আমি মূলভুত সা-সুবিধাসমূহক এশ শতাংশ পৰ্যন্ত লৈ যাব লাগিব। এই এশ শতাংশ সম্পূৰ্ণ কৰাৰ অভিযান, সমাজৰ অন্তিম শাৰীত, যাৰ কথা অলপ আগতে আমাৰ অৰুণ মিশ্ৰ জীয়ে উল্লেখ কৰিছিল। শেষ শাৰীত থকা সেইগৰাকী ব্যক্তিৰ অধিকাৰকো সুনিশ্চিত কৰাৰ বাবে, যি গৰাকীয়ে ব্যক্তিয়ে চাগৈ তেওঁৰনো অধিকাৰ কি সেই কথাটোও নাজানিব পাৰে। তেওঁ তো অভিযোগ দিবলৈ নাযায়, কোনো আয়োগৰ কাষ নাচাপে। এতিয়া চৰকাৰে দুখীয়া-দৰিদ্ৰজনৰ ঘৰলৈ গৈ, দুখীয়াসকলক সা-সুবিধা দিয়াৰ কামত ব্ৰতী হৈছে।

বন্ধুসকল,

যেতিয়া দেশৰ এটা বৃহত্ বৰ্গই, নিজৰ আৱশ্যকীয়তাসমূহ পূৰণ কৰাৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হয়, তেতিয়া তেওঁলোকৰ হাতত নিজৰ অধিকাৰ আৰু নিজৰ আকাংক্ষাৰ বাবে কিবা কৰাৰ বাবে সময়, শক্তি অথবা ইচ্ছা একোৱেই অৱশিষ্ট নাথাকেগৈআৰু আমি সকলোৱেই জানো যে দুখীয়া-দৰিদ্ৰসকলৰ জীৱন যদি আমি ভালকৈ লক্ষ্য কৰো তেতিয়া দেখবলৈ পাম যে প্ৰয়োজনীয়তাই তেওঁলোকৰ জীৱন আৰু সেই প্ৰয়োজনীয়তাসমূহৰ পূৰণ কৰিবলৈকে তেওঁলোকে তেওঁলোকৰ জীৱনৰ পল অনুপল, দেহৰ প্ৰতিটোপাল তেজ ক্ষয় কৰিবলগীয়া হয়। আৰু যেতিয়া প্ৰয়োজনীয়তাই পূৰণ নহয়গৈ, তেতিয়াতো অধিকাৰৰ কাষলৈকে যোৱাটো সম্ভৱ নহয়গৈ। দুখীয়া-দৰিদ্ৰজনে যেতিয়া নিজৰ মূলভুত সুবিধাকণকে, আৰু যাৰ বিষয়ে অলপ আগতে অমিত ভায়ে বিস্তৃত ভাবে উল্লেখ  কৰিছে। শৌচালয়, বিজুলী, স্বাস্থ্যৰ চিন্তা, চিকিত্সাৰ চিন্তা, এইবোৰৰ বাবে যুঁজি থাকিবলগীয়া হয়, আৰু কোনোবাই তেওঁলোকৰ আগত গৈ তেওঁলোকৰ অধিকাৰৰ তালিকা গণিবলৈ ধৰে, দুখীয়াসকলে সকলোৰে আগতে এই কথাই  সুধিব কি এই অধিকাৰে তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণ কৰিব পাৰিবনে? কাগজত লিখি থোৱা অধিকাৰসমূহক দুখীয়া-দৰিদ্ৰজনৰ কাষলৈ নিয়াৰ বাবে প্ৰথমে তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ, তেওঁলোকৰ আৱশ্যকীয়তাসমূহ পূৰণ কৰাটো খুবেই জৰুৰী ব। যেতিয়া আৱশ্যকীয়তাসমূহ পূৰণ বলৈ ধৰিব তেতিয়াই দুখীয়াজনে তেওঁলোকৰ শক্তি অধিকাৰ আহৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা , নিজৰ অধিকাৰ বিচাৰিব পৰা ব। আৰু আমি সকলোৱে এই কথাৰেও পৰিচিত যে যেতিয়া আৱশ্যকীয়তা পূৰণ হয়, অধিকাৰৰ প্ৰতি সতৰ্কতা আহে তেতিয়াই আকাংক্ষায়ো সিমানেই তীব্ৰতাৰে বাঢ়িবলৈ ধৰে। এই আকাংক্ষা যিমানেই প্ৰবল হয়, সিমানেই দুখীয়া-দৰিদ্ৰজনে দাৰিদ্ৰ পৰা বাহিৰলৈ ওলোৱাৰ বাবে শক্তি লাভ কৰিব পাৰিব। দাৰিদ্ৰৰ দুঃচক্ৰৰ পৰা বাহিৰলৈ ওলাই নিজৰ সপোন পূৰ্ণ কৰাৰ বাবে আগুৱাই যাব পাৰিব। সেয়ে, যেতিয়া দুখীয়াৰ বাবে শৌচালয় সজা হয়, তেওঁলোকৰ ঘৰলৈ বিজুলীৰ পোহৰ প্ৰবাহিত হয়, তেওঁলোকে গেছৰ সংযোগ লাভ কৰিবলৈ ধৰে, তেতিয়া এয়া কেৱল এক যোজনা তেওঁলোকৰ ওচৰ চপাই নিয়াৰ প্ৰক্ৰিয়াই হৈ নাথাকে এই যোজনাই তেওঁলোকৰ আৱশ্যকতা পূৰ্ণ কৰে, তেওঁলোকে অধিকাৰৰ প্ৰতি সজাগ কৰি থাকে, তেওঁলোকৰ মনত আকাংক্ষাৰ জন্ম দিবলৈ ধৰে।

বন্ধুসকল,

দুখীয়াই পাবলগীয়া এই সা-সুবিধাসমূহে তেওঁলোকৰ জীৱনলৈ মৰ্যাদা আনিছে, তেওঁলোকৰ গৰিমা বঢ়াইছে। যিসকল দৰিদ্ৰই এদিন শৌচ কৰিবৰ বাবে মুকলি ঠাইলৈ যাবলৈ বাধ্য হৈছিল, এতিয়া দুখীয়াসকলে যেতিয়া শৌচালয় লাভ কৰিলে, সিয়ে তেওঁলোকক মৰ্যাদা লাভৰ অনুভৱো প্ৰদান কৰিছে। যিসকল দৰিদ্ৰই এদিন বেংকৰ ভিতৰলৈ যাবলৈকে সাহস গোটাব পৰা নাছিল, সেইসকল দুখীয়াই যেতিয়া জনধন একাউণ্ট খুলিবলৈ পালে, তাৰ দ্বাৰা তেওঁলোকে উত্সাহ লাভ কৰিলে, তেওঁলোকৰ মৰ্যাদাও বাঢ়িবলৈ ধৰিলে। যিসকল দৰিদ্ৰই এদিন ডেবিট কাৰ্ড কথা ভাবিও পৰা নাছিল, সেইসকল দুখীয়াই যেতিয়া ৰু-পে কাৰ্ড লাভ কৰিলে, জেপত যেতিয়া ৰু-পে কাৰ্ড থাকে তেতিয়াতো তেওঁলোকৰ মৰ্যাদা বাঢ়েই। যিসকল দুখীয়াই এটা গেছৰ সংযোগ লাভ কৰাৰ বাবে কাৰোবাৰ ছিফাৰিছৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল, তেওঁলোকে যেতিয়া ঘৰতে বহি থাকিয়েই উজ্জ্বলা যোজনা অধীনত গেছৰ সংযোগ লাভ কৰিব পৰা , তেতিয়া তেওঁলোকৰ মৰ্যাদা বাঢ়িবলৈ ধৰিলে। যিসকল মহিলাই প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি সম্পত্তিৰ মালিকানা নোপোৱাকৈয়ে জীৱন পাত কৰিবলগীয়া হৈছিল, যেতিয়া চৰকাৰী আবাস যোজনাৰ ঘৰ তেওঁলোকৰ নামত আৱণ্টিত কৰাৰ ব্যৱস্থা কৰা সেইসকল মাতৃ-ভগ্নীৰ মৰ্যাদা বাঢ়িবলৈ ধৰিলে।

বন্ধুসকল,

বিগত বছৰবোৰত দেশত বেলেগ বেলেগ বৰ্গত, বেলেগ বেলেগ স্তৰত হৈ অহা অন্যায়সমূহক দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে। দশকজুৰি মুছলমান মহিলাসকলে তিনি তালাক বিৰুদ্ধে আইন বলবত্কৰণৰ দাবী উথ্থাপন কৰি আহিছিল। আমি তিনি তালাক বিৰুদ্ধে আইন প্ৰণয়ন কৰি মুছলমান মহিলাসকলক নতুন অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰিলো। মুছলমান মহিলাক হজৰ সময়ত মহৰম বাধ্য-বাধকতাৰ পৰা মুক্ত কৰাৰো ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে।

বন্ধুসকল,

ভাৰতৰ নাৰীশক্তিৰ সন্মুখত স্বাধীনতাৰ ইমান দশকৰ পিচতো অনেক বাধাই বাট ভেটি আহিছিল। বহু খণ্ডত তেওঁলোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছিল, মহিলাসকলৰ ক্ষেত্ৰত অন্যায় কৰা হৈছিল। এতিয়া মহিলাসকলৰ বাবে কামৰ অনেক ক্ষেত্ৰৰ দুৱাৰ মোকলাই দিয়া হৈছে। তেওঁলোকে ২৪ঘণ্টা সুৰক্ষাৰ নিশ্চিতিৰে কাম কৰাৰ সুযোগ লাভ কৰিছে। পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশেই এয়া কৰিব পৰা নাই, কিন্তু আজি ভাৰতে কেৰিয়াৰ মেন ২৬ সপ্তাহৰ দৰ্মহাসহ প্ৰসৱকালীন ছুটী দিয়াৰ ব্যৱস্থা কৰিছে।

বন্ধুসকল,

সেইসকল মহিলাই যেতিয়া ২৬সপ্তাহৰ ছুটী লাভ কৰে, সিয়ে একপ্ৰকাৰে নৱজাতক শিশুসকলৰ অধিকাৰকে সুৰক্ষা প্ৰদান কৰে। তেওঁলোকৰ অধিকাৰ হৈছে তেওঁলোকৰ মাকৰ সৈতে জীৱন কটোৱাৰ; সেই অধিকাৰ তেওঁলোকে লাভ কৰিব পাৰিছে। সম্ভৱতঃ এই পৰ্যন্ত আমাৰ আইনৰ কিতাপত এইবোৰৰ বিষয়ে উল্লেখ হোৱা নাই।

বন্ধুসকল,

কন্যাসকলৰ সুৰক্ষাৰে জড়িত বহু আইনী পদক্ষেপো বিগত বছৰকেইটাত গ্ৰহণ কৰা হৈছে। দেশৰ ৭০০ৰো অধিক জিলাত ওৱান ষ্টপ চেণ্টাৰ চলি আছে, একেটা স্থানতে মহিলাসকলৰ বাবে চিকিত্সা সহযোগিতা, আৰক্ষী সুৰক্ষা, মনোৰোগ সম্পৰ্কীয় পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা, আইনী সহযোগিতা আৰু অস্থায়ী আশ্ৰয় দানৰ ব্যৱস্থা কৰা হৈছে। মহিলাসকলৰ ক্ষেত্ৰত হোৱা অপৰাধামূলক কৰ্ম-কাণ্ডৰ তুৰন্ত বিচাৰ, ইয়াৰ বাবে দেশত চাৰে ছশৰো অধিক ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা হৈছে।  বলাত্কাৰৰ দৰে জঘন্য অপৰাধাৰ ক্ষেত্ৰত মৃত্যুদণ্ড পৰ্যন্ত শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। মেডিকেল টাৰ্মিনেশ্যন অব প্ৰেগ্নেন্সী আইন সংশোধন কৰি মহিলাসকলক গৰ্ভপাতৰ স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে। সুৰক্ষিত আৰু আইন সংগত গৰ্ভপাতৰ সুবিধা লাভ কৰাৰ ফলত মহিলাসকলৰ জীৱনলৈ আহিব পৰা সংকট বহু পৰিমাণে হ্ৰাস পাোৱাৰ লগতে তেওঁলোকে প্ৰতাৰণাৰ পৰা মুক্তিৰ অৱকাশ লাভ কৰিলে। শিশুসকলৰে জড়িত অপৰাধাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰোপ কৰাৰ লক্ষ্যৰেও আইনী ব্যৱস্থা কৰা হৈছে, নতুন ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা হৈছে।

বন্ধুসকল,

আমাৰ দিব্যাংগ ভাই-ভনীসকলৰো যে কি শক্তি, সেয়া আমি অলপতে সামৰণি পৰা পেৰালিম্পিক পুনৰবাৰ অনুভৱ কৰাৰ সুযোগ পাইছিলো। বিগত বছৰকেইটাত দিব্যাংগসকলক শক্তিশালী কৰি তোলাৰ বাবে অনেক নতুন সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছিল। দেশৰ হাজাৰ হাজাৰ ভৱন, সাৰ্বজনিক বাছ, ৰেলসেৱাৰ বিভিন্ন আস্থান আদিক দিব্যাংগসকলৰ বাবে সুগম কৰি তোলা, প্ৰায় ৭০০ ৱেবছাইটক দিব্যাংগসকলৰ অনুকূল কৰি প্ৰস্তুত কৰা, তেওঁলোকৰ সুবিধাৰ বাবে বিশেষ পইচাৰ প্ৰচলন কৰা, কাৰেন্সী নোটসমূহকো, আপোনালোকে চাগৈ বহুতে এই বিষয়ে বিশেষ ভাবে নাজানিবও পাৰে, এতিয়া যিবোৰ নোট প্ৰচলনৰ বাবে মোকলাই দিয়া হৈছে, সেইসমূহত দিব্যাংগ অৰ্থাত্ যি প্ৰজ্ঞাচক্ষু আমাৰ ভাই-ভনীসকলৰ আছে, তেওঁলোকে সেইবোৰ চুই চয়েই এইসমূহ নোটনো কিমান মূল্যৰ কৈ দিব পাৰে। শিক্ষাৰ পৰা দক্ষতা বিকাশলৈ, দক্ষতা বিকাশৰ পৰা অনেক সংস্থান আৰু বিশেষ পাঠ্যক্ৰম প্ৰস্তুত কৰালৈকে, বিগত বছৰকেইটাত বহুত চেষ্টা কৰা হৈছে। আমাৰ দেশত অনেক ভাষা, অনেক দোৱান আছে, সিমানেই ভিন্নতা আমাৰ ছাইনেজসমূহতো আছিল। মুক-বধিৰসকল যদি গুজৰাটৰ হয় তেন্তে তেওঁলোকে যেনেধৰণৰ ছাইনেজ ব্যৱহাৰ কৰে, সেয়া ৰাজস্থান, গোৱা, তামিলনাডুৰ সৈতে একে নহয়। অৰ্থাত্ এইসমূহ ৰাজ্যত বেলেগ বেলেগ ছাইনেজ ব্যৱহাৰ কৰা হয়। ভাৰতে এই সমস্যাৰ সমাধান কৰাৰ বাবে সমগ্ৰ দেশৰ বাবে এটা ছাইনেজ ব্যৱস্থা কৰি, আইনী ব্যৱস্থাৰে বলবত্ কৰিছে। দেশজুৰি ইয়াৰ প্ৰশিক্ষণৰো দিহা কৰা হৈছে। এয়া তেওঁলোকৰ অধিকাৰৰ চিন্তা আৰু এক সংবেদনশীল প্ৰয়াসৰে পৰিণাম হয়। অলপতে দেশৰ ছাইন লেংগুৱেজ প্ৰথমখন অভিধান আৰু ভিডিঅ বুক সুবিধা দেশৰ দিব্যাংগ ৰা-ছোৱালীসকলক প্ৰদান কৰা হৈছে। এই গ্ৰন্থৰ জৰিয়তে তেওঁলোকক -লাৰ্ণিং ব্যৱস্থাৰে সংযোজিত কৰিব পৰা যাব। এইবোলি যি নতুন শিক্ষা নীতি প্ৰবৰ্তন কৰা হৈছে তাতো এই কথাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। সেইদৰে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলকো উন্নত সুবিধা আৰু সমান সুযোগ দিয়াৰ বাবে ট্ৰেন্সজেণ্ডাৰ পাৰ্ছনৰ্ছ(প্ৰটেকশ্যন অব ৰাইটছ) আইন প্ৰণয়ন কৰা হৈছে। যাযাবৰ আৰু অৰ্দ্ধ যাযাবৰী লোকসকলৰো বিকাশ তথা কল্যাণ বোৰ্ড স্থাপন কৰা হৈছে। লোক-আদালত মাধ্যমৰে, লাখ লাখ পুৰণা গোচৰৰ মীমাংসা হোৱাৰ ফলত আদালতৰ বোজা কমিবলৈ ধৰিছে আৰু দেশবাসীয়েও সুফল পাবলৈ সক্ষম হৈছে। এই সকলো প্ৰয়াসে সমাজত চলি থকা অন্যায় আঁতৰোৱাৰ ক্ষেত্ৰত বৃহত্ ভূমিকা পালন কৰি আহিছে।

বন্ধুসকল,

আমাৰ দেশে ৰোনাই সৃষ্টি কৰা ইমান ডাঙৰ মহামাৰীৰ মুখামুখী হৈছে। শতিকাৰ ইমান ডাঙৰ দুৰ্যোগ, যাৰ সন্মুখত পৃথিৱীৰ বৃহত্ বৃহত্ দেশৰো থৰহৰি কম্পমান অৱস্থা হৈছে। আগৰ অভিজ্ঞতাৰ পৰা পাৰি যে ইমান এখন বিশাল দেশত, ইমানবোৰ জনসংখ্যা থকা দেশ এখনত মহামাৰীয়ে তাণ্ডৱ চলোৱাৰ পিচত সমাজত অস্থিৰতাৰ সৃষ্টি বই লাগিছিল। কিন্তু দেশৰ সৰ্বসাধৰণ মানুহৰ অধিকাৰৰ বাবে, ভাৰতে যিখিনি কৰিছে, সিয়ে সমগ্ৰ আশংকাকে এইবেলি ভুল প্ৰতিপন্ন কৰিলে। এনে এক কঠিন সময়তো ভাৰতে এই কথাৰ প্ৰয়াস কৰিছে এজনো দৰিদ্ৰই যাতে ভোকত থাকিবলগীয়া নহয়। এই কাম পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশেও কিন্তু কৰিব পৰা নাই।

আজিৰ তাৰিখতো ভাৰতে ৮০কোটি মানুহক বিনামূলীয়াকৈ খাদ্য সামগ্ৰীৰ যোগান ধৰি আহিছে। ভাৰতে এই ৰোনা কালত দুখীয়া-দৰিদ্ৰ, অসহায়, বয়োজ্যেষ্ঠসকলক তেওঁলোকৰ বেংক একাউণ্ট জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড- সুবিধাৰো শুভাৰম্ভ কৰিছে, যাতে দেশৰ যিকোনো প্ৰান্তলৈকে নাযাওক কিয়, তেওঁলোকে ৰেচনৰ বাবে বাটকুৰি বাবলগীয়া নহয়।

ভাই-ভনীসকল,

মানৱীয় সংবেদনা আৰু সংবেদনশীলতাক সকলোৰে উৰ্ধ্বত ৰাখি, সকলোকে লগত লৈ আগবঢ়াৰ বাবে কৰা এনে প্ৰয়াসে দেশৰ ক্ষুদ্ৰ কৃষকসকলকো বহুখিনি সকাহ দান কৰিছে। আজি দেশৰ খেতিয়কে কোনোবা তৃতীয় ব্যক্তিৰ পৰা ঋণ বলৈ বাধ্য হবলগীয়া নহয়, তেওঁলোকৰ হাতত কিষাণ সন্মান নিধি সাহস আছে, ফচল বীমা যোজনাআছে; তেওঁলোকক বজাৰৰে সংযোজিত কৰিব পৰা নীতিৰ শক্তি আছে। ইয়াৰ ফলতে সংকটৰ সময়তো দেশৰ খেতিয়কে অভিলেখ পৰিমাণৰ ফচল উত্পাদনৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উদাহৰণো আমাৰ সন্মুখত আছে। এই ক্ষেত্ৰসমূহত আজি বিকাশে পোখা মেলিছে, ইয়াত মানুহৰ জীৱনৰ মান উন্নত কৰাৰ বাবে গম্ভীৰতাৰে প্ৰয়াস অব্যাহত ৰখা হৈছে। এই প্ৰয়াসে মানৱাধিকাৰকো সিমানেই শক্তিশালী কৰাত সহায় কৰিছে।

বন্ধুসকল,

মানৱাধিকৰেৰে জড়িত আৰু এটা পক্ষ আছে, যাৰ বিষয়ে আজি মই আলোচনা কৰিব বিচাৰিছো। শেহতীয়া বছৰচেৰেকত মানৱাধিকাৰৰ ব্যাখ্যা কিছুমান মানুহে নিজৰ নিজৰ ভাগে, নিজৰ স্বাৰ্থ সিদ্ধি হোৱাকৈ দিবলৈ লৈছে। একেধৰণ কিছুমান ঘটনাত কিছুমান মানুহে মানৱাধিকাৰ উংলঘা হোৱা বুলি অনুভৱ কৰে আৰু তেনেধৰণৰ আন এটা ঘটনাৰ ক্ষেত্ৰত সেইসকল লোকেই কিন্তু মানৱাধিকাৰ উলংঘা হোৱা বুলি অনুভৱ নকৰে। এইধৰণৰ মানসিকতায়ো কিন্তু মানৱাধিকাৰৰ বহুত ডাঙৰ অনিষ্ট সাধন কৰে। মানৱাধিকাৰৰ হণন তেতিয়া হয়, যেতিয়া তেনে ঘটনাত ৰাজনৈতিক ৰং সানি চোৱা হয়, ৰাজনৈতিক চশমাৰ মাজেৰে চোৱা হয়, ৰাজনৈতিক লাভ-লোকচানৰ অংকৰে চোৱাৰ ব্যৱস্থা কৰা হয়। এনেধৰণৰ ছিলেক্টিভ ব্যৱহাৰ, গণতন্ত্ৰৰ বাবেও সিমানেই অনিষ্টকাৰী হয়। আমি প্ৰায়েই দেখো যে এনে ব্যৱহাৰৰেই কিছুমান লোকে মানৱাধিকাৰৰ হণনৰ নামত দেশৰ প্ৰতিচ্ছৱিৰো বহুত ক্ষতি সাধন কৰে। এনেধৰণৰ লোকসকলৰ পৰা দেশ সতৰ্ক হৈ থাকিব লাগিব।

বন্ধুসকল,

পৃথিৱীত যেতিয়া মানৱাধিকাৰৰ আলোচনা কৰা হয়, তেতিয়া তাৰ কেন্দ্ৰত ব্যক্তিগত অধিকাৰ প্ৰসংগই থাকে। এয়া হোৱাও উচিত। কিয়নো ব্যক্তিৰেইহে সমাজৰ গঠিত হয় আৰু সমাজৰ পৰা ৰাষ্ট্ৰ নিৰ্মিত হয়। কিন্তু ভাৰত আৰু ভাৰতৰ পৰম্পৰাই শতাব্দী ধৰি এই বিচাৰক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। আমাৰ দেশত শাস্ত্ৰসমূহত বাৰম্বাৰ এই কথাৰ উল্লেখ কৰি অহা হৈছে। আত্মনঃ প্ৰতি কুলানি পৰেষাম্ সমাচাৰেত্ অৰ্থা্ত্, যি নিজৰ বাবে প্ৰতিকূল হয়, সেই ব্যৱহাৰ আন কোনো ব্যক্তিৰ প্ৰতি নকৰিবা। ইয়াৰ অৰ্থ এয়ে যে মানৱাধিকাৰ কেৱল অধিকাৰৰে জড়িত হৈ নাথাকে, বৰং আমাৰ কৰ্তব্যৰ বিষয়ো হয়। আমি নিজৰ লগতে আনৰ অধিকাৰৰ কথাও চিন্তা কৰিব লাগে, আনৰ অধিকাৰো নিজৰ কৰ্তব্য বুলি গণ্য কৰিব লাগে, আমি প্ৰতিগৰাকী মানুহৰ ক্ষেত্ৰত সম ভাৱ আৰু মম ভাৱ প্ৰদৰ্শন কৰা উচিত! সমাজত যেতিয়া এই সহজতা আহি যায়, তেতিয়া মানৱাধিকাৰ আমাৰ সমাজৰ জীৱন-প্ৰমূল্য হৈ উঠিব। অধিকাৰ আৰু কৰ্তব্য, এই দুয়োটা এনে চিৰি, যাৰ ওপৰৰে মানৱৰ বিকাশ আৰু মানৱৰ গৰিমাৰ যাত্ৰাই অগ্ৰগতি লাভ কৰে। অধিকাৰৰ যিমান আৱশ্যক, কৰ্তব্যৰো সিমানেই আৱশ্যক। অধিকাৰ আৰু কৰ্তব্যৰ কথা পৃথককৈ চৰ্চা কৰা উচিত নহয়, একেলগেহে কৰা উচিত। এয়া আমাৰ সকলোৰে অনুভৱ যে আমি যিমানেই কৰ্তব্যৰ প্ৰতি আগ্ৰহশীল , সিমানেই অধিকাৰ সুনিশ্চিত হৈ উঠিব। সেয়ে, প্ৰতিগৰাকী ভাৰতবাসীয়ে নিজৰ অধিকাৰৰ প্ৰতি সজাগ হোৱাৰ লগতে নিজৰ কৰ্তব্যসমূহো সিমানেই গম্ভীৰতাৰে পালন কৰাৰ, ইয়াৰ বাবেও আমি সকলোৱে মিলি নিৰন্তৰ প্ৰয়াস কৰিব লাগিব, নিৰন্তৰ অনুপ্ৰাণিত কৰি ৰাখিব লাগিব।

বন্ধুসকল,

এইখন ভাৰতৰে সংস্কৃতিয়ে আমাক প্ৰকৃতি আৰু পৰ্যাবৰণৰো চিন্তা কৰিবলৈ শিকাই আহিছে। গছতো পৰামাত্মাই বাস কৰে বুলি বিবেচনা কৰাটো আমাৰ সংস্কাৰ। সেয়ে আমি কেৱল বৰ্তমানৰে চিন্তা নকৰো, আমি ভৱিষ্যতকো লগত লৈ আগবাঢ়িব খোজো। আমি নিৰন্তৰ বিশ্বক আগন্তুক প্ৰজন্মসমূহৰ মানৱাধিকাৰৰ প্ৰতি সজাগ-সচেতন কৰি আহিছো। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা হওক, নবীকৰণযোগ্য শক্তিৰ বাবে ভাৰতে গ্ৰহণ কৰা লক্ষ্যই হওক, হাইড্ৰজেন মিছনে হওক আজি ভাৰতে ছাষ্টেইনেবল লাইফ আৰু ইক-ফ্ৰেইণ্ডলী গ্ৰ দিশত দ্ৰুতগতিৰে আগবাঢ়ি গৈছে। মানৱাধিকাৰৰ ক্ষেত্ৰত কাম কৰি থকা আমাৰ প্ৰবুদ্ধসকল, সামাজিক সংগঠনসমূহৰ সদস্যসকলে এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰয়াস বৃদ্ধি কৰাটো মই কামনা কৰিম। আপোনালোক আটাইৰে প্ৰয়াসে ৰাইজৰ অধিকাৰৰ লগতে, কৰ্তব্যৰ প্ৰতি অনুপ্ৰাণিত কৰিব, এই শুভ কামনাৰেই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ!  

 

                                                                                  

****

 

DS/AKJ/DK/KB


(Release ID: 1764640) Visitor Counter : 3229