কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

‘ফছফেটিক’ আৰু ‘পটাছিক’(পিএণ্ডকে) সাৰৰ ক্ষেত্ৰত ২০২১-২২(১অক্টোবৰ,২০২১ৰ পৰা ৩১মাৰ্চ, ২০২২পৰ্যন্ত) বৰ্ষৰ বাবে ‘পোষণ আধাৰিত ৰাজসাহায্য’(এনবিএছ) আগবঢ়োৱাৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

২০২১-২২ৰ ৰবিশস্যৰ বতৰকালীন সময়ছোৱাৰ বাবে আনুমোদিত মুঠ ৰাজসাহায্যৰ পৰিমাণ ২৮,৬৫৫কোটি টকা

Posted On: 12 OCT 2021 8:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত ‘ফছফেটিক’ আৰু ‘পটাছিক’(পিএণ্ডকে)সাৰৰ ক্ষেত্ৰত ২০২১-২২(১অক্টোবৰ,২০২১ৰ পৰা ৩১মাৰ্চ, ২০২২পৰ্যন্ত)বৰ্ষৰ বাবে পোষণ আধাৰিত ৰাজসাহায্য(এনবিএছ) আগবঢ়োৱাৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱা হয়। পোষণ আধাৰিত ৰাজসাহায্যৰ অনুমোদিত হাৰ তলত উল্লেখ কৰা হল:

প্ৰতি কিলোগ্ৰামত ৰাজসাহায্যৰ হাৰ(টকাৰ হিচাপত)

N (নাইট্ৰজেন)

 

P(ফছফৰাছ)

 

K(পটাছ)

 

S(ছালফাৰ)

 

18.789

 

45.323

 

10.116

 

2.374

 

 

  1. ‘ৰোল-অভাৰ’ ধনৰাশিৰ পৰিমাণ হ’ব ২৮,৬০২কোটি টকা।

(ii) ‘ডিএপি’-ৰ ক্ষেত্ৰত অতিৰিক্ত ৰাজসাহায্যৰ বাবে বিশেষ এককালীন ‘পেকেজ’ত থুলমূলকৈ অতিৰিক্ত খৰছৰ পৰিমাণ হ’ব ৫,৭১৬কোটি  টকা।

(iii) আটাইতকৈ অধিক ব্যৱহৃত ‘এনপিকে গ্ৰেড’- ‘এনপিকে ১০-২৬-২৬’, ‘এনপিকে ২০-২০-০-১৩’ আৰু ‘এনপিকে ১২-৩২-১৬’ৰ ক্ষেত্ৰত অতিৰিক্ত ৰাজসাহায্যৰ বাবে থুলমূলকৈ অতিৰিক্ত খৰছৰ পৰিমাণ হ’ব ৮৩৭কোটি টকা। প্ৰয়োজন হোৱা মুঠ ৰাজসাহায্যৰ পৰিমাণ হ’ব ৩৫,১১৫কোটি  টকা।

ইফালে, গুড়(০:০:১৪.৫:০)ৰ পৰা উত্পাদিত পটাছকো ‘এনবিএছএছ আঁচনি’ৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱলৈ বৈঠকত অনুমোদন জনোৱা হয়।

 

২০২১-২২ৰ ৰবিশস্যৰ বতৰকালীন সময়ছোৱাৰ বাবে আনুমোদিত মুঠ ৰাজসাহায্যৰ পৰিমাণ হ’বগৈ ২৮,৬৫৫কোটি টকা।

 

 

****

DS/KB



(Release ID: 1763910) Visitor Counter : 134