প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘কোৱাড নেতৃবৃন্দৰ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 24 SEP 2021 3:10AM by PIB Guwahati

কোৱাড নেতৃবৃন্দৰ শীৰ্ষ সন্মিলন আহৰি পৰত ২৩ছেপ্টেম্বৰ, ২০২১ তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচি- অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

মহামাৰী-উত্তৰ কালত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই সন্মুখা-সন্মুখীকৈ কৰা এইখন হৈছে প্ৰথম বৈঠক। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী মৰিছনৰ মাজত অন্তিমখন দ্বিপাক্ষিক সন্মিলন ভাৰ্চুৱেল মাধ্যমৰে অনুষ্ঠিত হৈছিল ২০২০চনৰ ৪জুনত। এইখন সন্মিলনতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ৰণকৌশলগত সহযোগিতামূলক সম্পৰ্কই বিস্তাৰ লাভ কৰিছিল।

এই বৈঠকত প্ৰধানমন্ত্ৰীদ্বয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক প্ৰসংগসমূহৰ বিস্তৃত আলোচনা কৰাৰ লগতে আঞ্চলিক আৰু গোলকীয় পৰিমণ্ডলত বিশেষ গুৰুত্ব লাভ কৰা প্ৰসংগসমূহৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে শেহতীয়া ভাবে অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ প্ৰথমখন + আলোচনা সভাকে ধৰি দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা উচ্চ-পৰ্যায়ৰ যোগাযোগসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীদ্বয়ে ২০২০চনৰ জুনত অনুষ্ঠিত ভাৰ্চুৱেল সন্মিলনৰ সিদ্ধান্তসমূহৰ পিচত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত পৰস্পৰৰ কল্যাণৰ বাবে ভৱিষ্যতেও ঘনিষ্ঠ সম্পৰ্ক অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দোহাৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত, স্বাধীন, সমৃদ্ধ আৰু নীতিনিষ্ঠ এলেকা হিচাপে গঢ়ি তোলাৰ বাবে দুয়োখন দেশে গ্ৰহণ কৰা সিদ্ধান্ত বাস্তৱায়নৰ ক্ষেত্ৰতো নেতাদ্বয়ে সহমত ব্যক্ত কৰে।

দ্বিপাক্ষিক বিস্তৃত অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইচিএ) সন্দৰ্ভত বৰ্তমান অব্যাহত থকা বুজাবুজিৰ প্ৰয়াসক লৈয়ো দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰসংগত তেওঁলোকে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মৰিছনৰ বিশেষ বাণিজ্যিক প্ৰতিনিধিৰ ৰূপত দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নী এব্বটয়ে কৰা ভাৰত ভ্ৰমণকো আদৰণি জনায় আৰু এইক্ষেত্ৰত ২০২১চনৰ ডিচেম্বৰ মাহৰ আগতে এক মধ্যবৰ্তিকালীন চুক্তিত উপনীত হোৱাৰ বাবে চলাই থকা প্ৰয়াসৰ কথাও উল্লেখ কৰে দুয়োগৰাকী নেতাই।  
 

****

DS/SH/KB



(Release ID: 1762030) Visitor Counter : 184