প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘আজাদী@৭৫-নিউ আৰ্বান ইণ্ডিয়া : ট্ৰেন্সফৰ্মিং আৰ্বান লেণ্ডস্কেপ’ শীৰ্ষক সন্মিলন তথা বাণিজ্যমেলা
                    
                    
                        
                    
                
                
                    Posted On:
                04 OCT 2021 6:33PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ অক্টোবৰ, ২০২১ৰ পুৱা ১০.৩০বজাত লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুষ্ঠিতব্য ‘আজাদী@৭৫-নিউ আৰ্বান ইণ্ডিয়া : ট্ৰেন্সফৰ্মিং আৰ্বান লেণ্ডস্কেপ’ শীৰ্ষক সন্মিলন তথা প্ৰদৰ্শনীখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব।
এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ ৭৫,০০০ হিতাধিকাৰীক ডিজিটেল মাধ্যমেৰে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা-আৰ্বান’(পিএমএওৱাই-ইউ)ৰ আৱাসগৃহৰ চাবিসমূহ প্ৰদান কৰাৰ লগতে আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপতো মিলিত হ’ব। প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত ‘স্মাৰ্ট চিটী মিছন’ আৰু ‘অম্ৰুত’ আঁচনিৰ অধীনত ৰূপায়িত হ’ব লগা চহৰাঞ্চল উন্নয়ণ সম্পৰ্কীয় ৭৫টা প্ৰকল্পৰ উদ্বোধন/আধাৰশিলা স্থাপন কৰাৰ উপৰি ‘ফেম-২’ আঁচনিৰ অধীনত লক্ষ্ণৌ, কাণপুৰ, বাৰানসী, প্ৰয়াগৰাজ, গোৰক্ষপুৰ, ঝাঁসী আৰু গাজিয়াবাদকে ধৰি সাতখন মহানগৰীত চলাচল কৰিব লগা ৭৫খন বাছৰ যাত্ৰা পতাকা জোকাৰি মুকলি কৰাৰ লগতে ভাৰত চৰকাৰৰ ‘গৃহ নিৰ্মাণ আৰু চহৰাঞ্চল পৰিক্ৰমা মন্ত্ৰালয়’ৰ বিভিন্ন ধ্বজাবাহী আঁচনিৰ অধীনত ৰূপায়িত হ’বলগীয়া ৭৫টা প্ৰকল্প সন্দৰ্ভত যুগুতাই উলিওৱা এখন ‘কফী টেবল বুক’-ও উন্মোচন কৰিব। তেওঁ সন্মিলনখনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বাণিজ্যমেলাখনৰ তিনিটা প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌৰ ‘বাবা চাহেব আম্বেডকাৰ বিশ্ববিদ্যালয়’(বিবিএইউ)ত শ্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত স্থাপন কৰিব খোজা আসনখন সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাও কৰিব।
অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, কেন্দ্ৰীয় গৃহনিৰ্মাণ আৰু চহৰাঞ্চল পৰিক্ৰমা মন্ত্ৰীগৰাকীও উপস্থিত থাকিব।
 
****
DS/VJ/KB
                
                
                
                
                
                (Release ID: 1761725)
                Visitor Counter : 291
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Malayalam 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada