প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

আখড়া পৰিষদৰ অধ্যক্ষ নৰেন্দ্ৰ গিৰিৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 20 SEP 2021 8:10PM by PIB Guwahati

আখড়া পৰিষদৰ অধ্যক্ষ নৰেন্দ্ৰ গিৰিৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"আখড়া পৰিষদৰ অধ্যক্ষ নৰেন্দ্ৰ গিৰিৰ বিয়োগত অত্যন্ত মৰ্মাহত হৈছো। আধ্যাত্মিক পৰম্পৰাৰ প্ৰতি সমৰ্পিত তেওঁ সন্ত সমাজৰ অনেক ধাৰাক একত্ৰিত কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰভুৱে তেওঁক তেওঁৰ শ্ৰী চৰণত স্থান দিয়ক। ঔম শান্তি!"

****

DS/SH/SB



(Release ID: 1761103) Visitor Counter : 139