জল শক্তি মন্ত্ৰালয়

জল জীৱন অভিযান সন্দৰ্ভত পূৰ্বোত্তৰৰ ৮ খন ৰাজ্যৰ পিএইচইডি মন্ত্ৰীসকলৰ সন্মিলনত পৌৰহিত্য কৰিব কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে


সন্মিলনত ৰাজ্যকেইখনত জল জীৱন অভিযানৰ ক্ষীপ্ৰ ৰূপায়ণৰ সকলো দৃষ্টিকোণ সন্দৰ্ভত সামগ্ৰিকভাৱে আলোচনা কৰা হ’ব

পূৰ্বোত্তৰৰ ব্যাপক সৰ্বাংগীন উন্নয়নত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ গুৰুত্ব আৰোপ
২০২১-২২ ত জেজেএমৰ অধীনত পূৰ্বোত্তৰৰ ৮ খন ৰাজ্যলৈ কেন্দ্ৰীয় অনুদান হিচাপে ৯,২৬২ কোটি টকা আবন্টন

Posted On: 15 SEP 2021 1:50PM by PIB Guwahati

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ১৬ ছেপ্টেম্বৰ, ২০২১ ত জল জীৱন অভিযান (JJM) সন্দৰ্ভত পূৰ্বোত্তৰৰ ৰাজ্যকেইখনৰ জন স্বাস্থ্য কাৰিকৰী বিভাগ (PHED) ৰ মন্ত্ৰীসকলৰ এদিনীয়া সন্মিলনত পৌৰহিত্য কৰিব। গুৱাহাটীস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিতব্য এই সন্মিলনখনিত পূৰ্বোত্তৰৰ ৮ খন ৰাজ্যৰে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী তথা প্ৰতিখন ৰাজ্যৰে জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকিব।

সন্মিলনখনিত এতিয়ালৈকে লাভ কৰা অগ্ৰগতি, ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰাৰ সমান্তৰালভাৱে পূৰ্বোত্তৰৰ ৰাজ্যকেইখনৰ বাকী থকা আটাইবোৰ গৃহস্থীয়ে যাতে  শীঘ্ৰেই টেপযোগে পানীৰ সংযোগ লাভ কৰে তাৰ পৰিকল্পনা কৰা হ’ব। ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰট’কল মানি চলি এই সন্মিলন অনুষ্ঠিত হ’ব তথা লাইভ সম্প্ৰচাৰো কৰিবলগীয়াৰ পৰিপ্ৰেক্ষিতত সকলো পক্ষ যথাঃ এই ৰাজ্যকেইখনৰ পিএইচইডিৰ মুখ্য/কাৰ্য্যবাহী/সহকাৰী/কনিষ্ঠ অভিযন্তাসকল এই আলোচনাৰপৰা লাভান্বিত হ’ব পাৰিব।

জল জীৱন অভিযান হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখনি ধ্বজাবাহী আঁচনি। ৰাজ্যসমূহৰ অংশীদাৰিত্বত জল শক্তি মন্ত্ৰালয়ৰ খোৱা পানী ও অনাময় বিভাগ (DDWS) য়ে ৰূপায়ণ কৰা এই আঁচনিখনৰ লক্ষ্য হৈছে ২০২৪ ৰ ভিতৰত সমগ্ৰ দেশৰ গ্ৰামাঞ্চলসমূহৰ প্ৰতিঘৰ গৃহস্থীলৈ টেপযোগে পানীৰ সংযোগৰ ব্যৱস্থা কৰা। পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ফাণ্ড শ্বেয়াৰিং পেটাৰ্ন হৈছে ৯০:১০।

কেন্দ্ৰীয় চৰকাৰৰ দেশখনৰ পূৰ্বোত্তৰৰ উন্নয়নত পূৰ্ণ গুৰুত্বৰে আৰু ইয়াৰ সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিবলৈ, ২০২১-২২ বিত্তীয় বৰ্ষৰ সময়ছোৱাত, জল জীৱন অভিযানৰ অধীনত পূৰ্বোত্তৰৰ ৰাজ্যকেইখনলৈ কেন্দ্ৰীয় অনুদান হিচাপে ৯,২৬২ কোটি টকা আবন্টন দিয়া হয়। পূৰ্বোত্তৰৰ গ্ৰামাঞ্চলসমূহৰ গৃহস্থীলৈ টেপযোগে পানীৰ সংযোগ প্ৰদানৰ অৰ্থে বৰ্ধিত আবন্টন তথা একেদৰে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত পুঁজি মুকলি কৰি দিয়া কাৰ্য্যই অঞ্চলটোৰ অৰ্থনীতিত উদ্দীপনা যোগাব বুলি আশা কৰা হৈছে।

সন্মিলনখনত গুৰুত্ব আৰোপ কৰিবলগীয়া দৃষ্টিকোণসমূহ হৈছেঃ কাৰ্য্যক্ৰমটি ৰূপায়ণ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ প্ৰসংগৰাজি যথাঃ কৌশল ও পৰিকল্পনা, এতিয়ালৈকে লাভ কৰা অগ্ৰগতি, সময়োচিতভাৱে লক্ষ্যত উপনীত হ’বলৈ ৰূপায়ণৰ গতি বৃদ্ধি কৰাৰ উপায় ইত্যাদি। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীজনে জেজেএমৰ ৰূপায়ণ সন্দৰ্ভত পিএইচইডি মন্ত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিব আৰু উত্তৰ-পূবৰ প্ৰত্যন্ত গাঁওসমূহৰ বাকী থকা সকলো গৃহস্থীয়ে কিদৰে শীঘ্ৰেই টেপযোগে পানীৰ সংযোগ লাভ কৰিব পাৰে, তাৰ আলোচনা কৰিব।

অভিযানটোৰ কথা ঘোষণাৰ সময়ত, পূৰ্বোত্তৰৰ ৰাজ্যকেইখনৰ মুঠ ৯০.১৪ লাখ গ্ৰামীণ গৃহস্থীৰ ভিতৰত, মাত্ৰ ২.৮৩ লাখ (৩.১৩%) গৃহস্থীয়েহে টেপযোগে পানীৰ সংযোগ লাভ কৰি আছিল, এতিয়া এই পৰিমাণ প্ৰায় ২২ লাখ গৃহস্থী (২৪.৪৫%) লৈ বৃদ্ধি পাইছে। ক’ভিড-১৯ মহামাৰী আৰু ব্যাঘাত/লকডাউন সত্বেও যোৱা ২৪ মাহত প্ৰায় ২০ লাখ গৃহস্থীক টেপযোগে পানীৰ সংযোগ প্ৰদান কৰা হৈছে। মেঘালয়, মণিপুৰ আৰু ছিকিমে ২০২২ ৰ ভিতৰত ‘হৰ ঘৰ জল’ৰ স্থিতিত উপনীত হ’বলৈ লক্ষ্য নিৰ্ধাৰণ কৰাৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাই ২০২৩ ৰ ভিতৰত আৰু ইয়াৰ পাছতেই অসমে ২০২৪ ৰ ভিতৰত প্ৰতিঘৰ গৃহস্থীকে টেপযোগে পানীৰ সংযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

অংগনৱাড়ী কেন্দ্ৰ, আশ্ৰমশালা আৰু বিদ্যালয়সমূহত পাইপেৰে পানীৰ যোগান ধৰাটো নিশ্চিত কৰিবলৈ, ২০২০ৰ ২ অক্টোবৰত এটি অভিযানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ লক্ষ্য আছিল সেৱন আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন ক্ৰিয়াৰ অৰ্থে বিশুদ্ধ টেপৰ পানীৰ যোগানৰ ব্যৱস্থা কৰা তথা হাত ধোৱা কাৰ্য্য আৰু টয়লেটত ব্যৱহাৰৰ অৰ্থেও পাইপেৰে পানীৰ যোগান ধৰা। পূৰ্বোত্তৰৰ ৰাজ্যসমূহত, মুঠ ৭২ হাজাৰ বিদ্যালয়ৰ ভিতৰত, সম্প্ৰতি ৪০ হাজাৰ (৫৬%) বিদ্যালয়ত টেপৰ পানীৰ যোগান ব্যৱস্থা আছে। সমান্তৰালভাৱে, ৭০ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ (AWC) ৰ ভিতৰত, ২৭,৪৭৪ (৩৯%) কেন্দ্ৰলৈ টেপযোগে পানী যোগানৰ ব্যৱস্থা কৰা হৈছে। ছিকিমত, সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ টেপযোগে পানীৰ যোগান আগবঢ়োৱা হৈছে।

এই কাৰ্য্যক্ৰমৰ চালিকাশক্তি হৈছে ‘সমাজৰ অংশগ্ৰহণ’। পানী যোগান আঁচনিখনৰ পৰিকল্পনা কৰাৰেপৰা, ইয়াৰ ৰূপায়ণ আৰু নিশ্চিত পানী যোগানৰ লক্ষ্যত উপনীত হ’বলৈ নিয়মীয়া সঞ্চালন আৰু পৰিচালনাত ই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সেয়েহে, জল জীৱন অভিযানৰ অধীনত, সহযোগী ক্ৰিয়া-কলাপসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হয় যথাঃ গাঁও পানী ও অনাময় সমিতি (VWSC)/পানী সমিতিসমূহৰ সবলীকৰণ, গ্ৰাম্য কৰ্ম পৰিকল্পনা (VAP) ৰ প্ৰস্তুতি আৰু অনুমোদন য’ত থাকিব খোৱা পানীৰ উৎসৰ সুদৃঢ়কৰণ/বৰ্ধন, পানী যোগান আন্তঃগাঁথনি, গ্ৰে ৱাটাৰ ট্ৰিটমেন্ট ও পুনৰ ব্যৱহাৰ আৰু গাঁৱৰ পানী যোগান ব্যৱস্থাৰ সঞ্চালন ও পৰিচালনা। এই ৰাজ্যসমূহে ব্যাপক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কাৰ্য্যক্ৰম অনুষ্ঠিত কৰিছে, বিশেষকৈ প্ৰতিখন গাঁৱতে পানীৰ মানদণ্ড নিৰীক্ষণৰ অৰ্থে গৰিষ্ঠসংখ্যক মহিলাৰে ৫ জনকৈ লোক আৰু ৰাজমিস্ত্ৰি, পাইপ মিস্ত্ৰি, ইলেক্ট্ৰিচিয়ান, মটৰ মেকানিক, ফিটাৰ, পাম্প চালক ইত্যাদি স্থানীয় থলুৱা লোকসকলক নিযুক্ত কৰিছে।

https://jalshakti-ddws.gov.in/sites/default/files/15th-August-banner2.jpg

চৰকাৰৰ পানী যোগান আৰু অনাময় ব্যৱস্থাৰ উন্নয়ন সাধনত গুৰুত্ব আৰোপেৰে, ১৫ সংখ্যক বিত্ত আয়োগে ২০২১-২২ ত আৰএলবি/পিআৰআইসমূহৰ অৰ্থে ২৬,৯৪০ কোটি টকা সন্নিবদ্ধ অনুদান আগবঢ়ায়। এয়া আবন্টনৰ দিয়া হৈছিল খোৱা পানীৰ যোগান, বৰষুণৰ পানী সংৰক্ষণ আৰু পানীৰ পুনৰ ব্যৱহাৰ আৰু অনাময় আৰু অ’ডিএফ স্থিতিৰ পৰিচালনাৰ অৰ্থে। ২০২১-২২ ৰপৰা ২০২৫-২৬ লৈ ৫ বছৰৰ বাবে ১.৪২ লাখ কোটি টকাৰ সুনিশ্চিত পুঁজি আগবঢ়োৱা হৈছে। এই পুঁজিয়ে জল জীৱন অভিযানৰ অধীনত অব্যাহত থকা প্ৰচেষ্টাত উদ্দীপনা যোগাব। এই অনুদানৰ যুক্তিসংগত ব্যৱহাৰৰ অৰ্থে গ্ৰহণ কৰা সকলো প্ৰসায় নিৰ্ধাৰণ কৰিব গ্ৰামীণ স্থানীয় নিকায়সমূহে য’ত গুৰুত্ব আৰোপ কৰিবলগীয়া ভিন্ন ক্ৰিয়া-কলাপসমূহ হৈছেঃ বৰষুণৰ পানী সংৰক্ষণ, খোৱা পানীৰ উৎসৰ সুদৃঢ়কৰণ, পানী যোগানৰ উন্নয়ন সাধন, গ্ৰে ৱাটাৰ ব্যৱস্থাপনা আৰু নিয়মীয়া সঞ্চালন ও পৰিচালনা।

গাঁওসমূহত পানীৰ যোগানৰ পৰিমাণ, মানদণ্ড, চাপ আৰু নিয়মীয়তাৰ মূল্যায়নৰ অৰ্থে চেন্সৰ-আধাৰিত আইঅ’টি চিষ্টেম সংস্থাপিত কৰা হৈছে। জল জীৱন অভিযানৰ ডেশ্বব’ৰ্ডত গাঁও-পৰ্য্যায়লৈকে তথ্য উপলব্ধ। অভিযানটোৰ অধীনত নিশ্চিত পানী যোগানত গুৰুত্ব আৰোপ কৰা হৈছে যাতে গ্ৰামাঞ্চলৰ বাকী থকা গৃহস্থীসমূহ তথা একেদৰে প্ৰতিখন বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ (AWC), প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (PHC), সামূহিক স্বাস্থ্য কেন্দ্ৰ (CHC), সামূহিক কেন্দ্ৰ ইত্যাদিলৈ নিশ্চিতভাৱে ‘কোনো বাদ পৰি নোযোৱাকৈ’ পুনর্নির্মাণ/বৰ্ধনৰ জৰিয়তে টেপযোগে পানীৰ সংযোগ আগবঢ়োৱা হয়। এই জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলসমূহত, অভিকৰ্ষ-আধাৰিত পানী যোগান ব্যৱস্থা হৈছে অতিশয় পচ্ছন্দৰ বিকল্প কিয়নো ই ব্যয় সাশ্ৰয়ী, সঞ্চালন আৰু পৰিচালনা কৰিবলৈ সহজ।

https://jalshakti-ddws.gov.in/sites/default/files/jjmbanner1.jpg

গ্ৰামাঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধন আৰু সহজসাধ্য জীৱন যাত্ৰাৰ বৰ্ধনৰ অৰ্থে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ৰ ১৫ আগষ্টত তেখেতৰ স্বাধীনতা দিৱসৰ ভাষণত জল জীৱন অভিযানৰ কথা ঘোষণা কৰিছিল। গ্ৰামাঞ্চলসমূহৰ গৃহস্থীসমূহত টেপ সংযোগৰ ব্যৱস্থাই মহিলা আৰু জীয়ৰীৰ ‘কঠিন পৰিশ্ৰম’ লাঘৱ কৰাত সহায় কৰিব কিয়নো পানী কঢ়িওৱাটো তেওঁলোকৰেই দায়িত্ব। সৰ্বজনীন ক’ভাৰেজ অভিযানটোৰ উদ্দেশ্য হোৱাৰ পৰিপ্ৰেক্ষিতত, চুবুৰী/গাঁৱৰ প্ৰতিটো পৰিয়ালেই টেপযোগে পানীৰ সংযোগ লাভ কৰিব আৰু ‘কোনো বাদ পৰি নৰয়’। এই ব্যৱস্থাই নগৰীয়া আৰু গ্ৰামাঞ্চলসমূহৰ মাজত ব্যৱধানৰ সেতুবন্ধনত সহায় কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ দৃষ্টিক আগুৱাই নি, জল জীৱন অভিযানে প্ৰতিঘৰ গৃহস্থীকে টেপযোগে পানী যোগানৰ দৃষ্টিক বাস্তৱায়িত কৰিবলৈ অগ্ৰসৰ হৈছে, যাৰ জৰিয়তে মহিলা আৰু জীয়ৰীৰ কঠোৰ পৰিশ্ৰমৰ অৱসান ঘটিব।

 

****



(Release ID: 1760793) Visitor Counter : 160