প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 27 SEP 2021 2:19PM by PIB Guwahati

নমস্কাৰ!

কাৰ্যক্ৰমত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়া জী, মন্ত্ৰীমণ্ডলৰ মোৰ আন সহযোগীসকল, জ্যোষ্ঠ বিষয়াবৰ্গ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা চৰকাৰী আৰু বে-চৰকাৰী হাস্পটালসমূহৰ চিকিত্সক, পৰিচলনাৰে জড়িত বিষয়ববীয়াবৃন্দ, কাৰ্যক্ৰমত উপস্থিত থকা মহানুভৱ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল।

একৈশ শতিকাত আগবাঢ়ি যোৱা ভাৰতৰ বাবে আজিৰ দিনটো সঁচাকৈ এক গুৰুত্বপূৰ্ণ দিন। বিগত সাতোটা বছৰত, দেশৰ স্বাস্থ্য সা-সুবিধাসমূহ শক্তিশালী কৰি তোলাৰ বাবে চলোৱা অভিযানে আজিৰে পৰা আৰু এটা নতুন পৰ্বত প্ৰৱেশ কৰিব। এয়া কিন্তু সাধাৰণ পৰ্ব নহয়, এয়া দৰাচলতেই এক অসামান্য পৰ্ব। আজি এক এনেকুৱা মিছনৰ শুভাৰম্ভ হৈছে, যিয়ে ভাৰতৰ স্বাস্থ্য সা-সুবিধাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিব।

বন্ধুসকল,

তিনিবছৰৰ আগতে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীৰ উপলক্ষত পণ্ডিতজীক উচৰ্গা কৰা ‘আয়ুষ্মান ভাৰত যোজনা’, সমগ্ৰ দেশতে ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছিল। মোৰ ভাল লাগিছে যে আজিৰে পৰা ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ও সমগ্ৰ দেশতে আৰম্ভ হ’ব। এই মিছনে দেশৰ দুখীয়া আৰু মধ্যবিত্তসকলৰ চিকিত্সাৰ ক্ষেত্ৰত হোৱা সমস্যা আঁতৰোৱাৰ ক্ষেত্ৰত বহুখিনি সহায় আগবঢ়াব পাৰিব। প্ৰযুক্তিৰ সহায়ত দেশৰ বহু সহস্ৰ চিকিত্সালয়ৰ সৈতে যোগাযোগ কৰাৰ যি কাম ‘আয়ুষ্মান ভাৰতে’ কৰিছে, আজিৰে পৰা আৰু অধিক ৰূপত বিস্তাৰিত হ’ব পাৰিব। নাগৰিকসকলে এক শক্তিশালী প্ৰযুক্তি-মঞ্চৰ সুযোগ লাভ কৰিব।

বন্দুসকল,

সাম্প্ৰতিক ভাৰতত ‘সু-শাসন’ৰ ক্ষেত্ৰত যেনেদৰে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰা হৈছে, যেনেদৰে শাসনৰ সংস্কাৰৰ আধাৰ নিৰ্মাণ কৰা হৈছে, সেয়াই স্বতঃস্ফূৰ্ত ভাবেই জনসাধাৰণৰ সবলীকৰণ সম্ভৱ কৰি তুলিছে। এয়া নিতান্তই অভুতপূৰ্ব বুলি পৰিগণিত হৈছে। ‘ডিজিটেল ইণ্ডিয়া’ অভিযানে ভাৰতৰ সৰ্ব-সাধাৰণ নাগৰিকসকলক ডিজিটেল প্ৰযুক্তিৰে সংযোজিত কৰি, দেশৰ শক্তিকে অনেক গুণে বঢ়াই দিছে আৰু ভালকৈয়ে জানো যে, আমাৰ দেশে গৌৰৱৰে ক’ব পাৰে, ১৩০কোটি আধাৰ নম্বৰ, ১১৮কোটি মোবাইল ব্যৱহাৰকাৰী, প্ৰায় ৮০কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী, প্ৰায় ৪৩কোটি জনধন একাউণ্ট, ইমান ডাঙৰ সংযোগৰ আন্তঃগাঁথনি পৃথিৱীৰ আন ক’তো নাই। এই ডিজিটেল আন্তঃগাঁথনিয়ে ৰেচনৰ পৰা প্ৰশাসন পৰ্যন্ত প্ৰতিটো ক্ষেত্ৰকে দ্ৰুত আৰু পাৰদৰ্শী পদ্ধতিৰে সাধাৰণ ভাৰতীয়ৰ কাষলৈ চপাই নিছে। ‘ইউপিআই’-ৰ মাধ্যমেৰে সকলো সময়তে, সকলোতে, ডিজিটেল লেন-দেনত আজি ভাৰতে পৃথিৱীত এক পৰিচিতি গঢ়ি তুলিছে। অলপতে দেশত ‘ই-ৰূপী ভাওচাৰ’ৰ প্ৰচলন কৰা হৈছে, সেয়াও এক উল্লেখনীয় সংযোজন।

বন্ধুসকল,

ভাৰতৰ ডিজিটেল সমাধানসমূহে ক’ৰোনাৰে যুঁজতো প্ৰতিগৰাকী ভাৰতীয়ক সহায়ৰ হাত আগবঢ়াইছে, এক নতুন শক্তি প্ৰাদন কৰিছে। এতিয়া ‘আৰোগ্য সেতু এপ্’-ৰে ক’ৰোনাৰ সংক্ৰমণ হোৱাত বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰা, জাগৃতিৰ সৃষ্টি কৰা, সমগ্ৰ পৰিস্থিতিক বিশ্লেষণ কৰা, নিজৰ আশ-পাশৰ বিষয়ে তথ্য অৱগত হোৱা আদিৰ দৰে ক্ষেত্ৰত ‘আৰোগ্য সেতু এপ্’-য়ে বহুত ডাঙৰ সহায় কৰিছে। সেইদৰে ‘সকলোকে প্ৰতিষেধক, বিনামূলীয়া প্ৰতিষেধক আভিযান’-ৰ অধীনত ভাৰতে আজি প্ৰায় ৯০কোটি পালি প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে। এইধৰণৰ তথ্য-পাতি উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত ‘কো-উইন’-য়েও বহুত ডাঙৰ ভূমিকা পালন কৰিছে। পঞ্জীয়ণৰ পৰা প্ৰত্যয়িতকৰণ পৰ্যন্ত ইমান বৃহত্ পৰিসৰৰ ডিজিটেল মঞ্চ, পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশসমূহেও সম্ভৱ কৰিব পৰা নাই।

বন্ধুসকল,

ক’ৰোনাৰ সময়ছোৱাত ‘টেলি-মেডিচিন’ৰ প্ৰসাৰ অভুপূৰ্ব ৰূপত হৈছে। ‘ই-সঞ্জীৱনী’ৰ মাধ্যমৰে এই পৰ্যন্ত প্ৰায় একোটি পঁচিশ লাখ ‘দূৰ-সঞ্চালিত পৰামৰ্শ দান’ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। এই সুবিধাৰে দেশৰ দূৰ-দূৰণিত বসবাস কৰা দেশবাসীসকলে ঘৰত থাকিয়েই চহৰৰ ডাঙৰ ডাঙৰ হাস্পটালসমূহত কৰ্মৰত ডাঙৰ ডাঙৰ চিকিত্সকসকলৰে সংযোজিত হ’ব পাৰে। বিখ্যাত চিকিত্সকসকলৰ পৰা সহজেই চিকিত্সা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। মই আজি এই সুযোগতে দেশৰ সকলো চিকিত্সক, নাৰ্ছ আৰু ‘পেৰা-মেডিকেল’ কৰ্মীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছো। টীকাকৰণেই হওক, ক’ৰোনা আক্ৰান্ত ৰোগীৰ চিকিত্সাই হওক, তেওঁলোকৰ প্ৰয়াস, ক’ৰোনাৰে যুঁজি দেশক বহু পৰিমাণে সকাহ দান কৰিব পাৰিছে, বহুত ডাঙৰ সহায়ৰ হাত আগবঢ়াব পাৰিছে।

বন্ধুসকল,

‘আয়ুষ্মান ভাৰত-পিএম জেএওৱাই’-য়ে দুখীয়া লোকসকলক জীৱনৰ বহুত ডাঙৰ চিন্তাৰ পৰা সকাহ দান কৰিলে। এই পৰ্যন্ত দেশৰ ২কোটিৰো অধিক লোকে এই যোজনাৰ অধীনত বিনামূলীয়া চিকিত্সাৰ সুবিধা গ্ৰহণ কৰিছে আৰু ইয়াৰো আধাখিনি হিতাধিকাৰী আমাৰ মাতৃ, আমাৰ ভগ্নী, আমাৰ জীয়াৰীসকল। এয়া সঁচাকৈয়ে নিশ্চিন্ত কৰিব পৰা, সন্তোষ দিব পৰা কথা নহয় জানো! আমি সকলোৱেই জানো যে আমাৰ পৰিয়ালসমূহৰ অৱস্থা, সু চিকিত্সাৰ অভাৱৰ বেদনা অধিক ভাবে বহণ কৰিবলগীয়া হয় আমাৰ মাতৃ আৰু ভগ্নীসকলে। ঘৰৰ চিন্তা, ঘৰৰ খা-খৰছৰ চিন্তা, ঘৰৰ আন সদস্যসকলৰ চিন্তাত আমাৰ মা-বাই-ভনীসকলে তেওঁলোকৰ চিকিত্সাৰ বাবে হ’বলগীয়া খৰছক সদায়ে এৰাই চলিবহে বিচাৰে, নিৰন্তৰ এৰাই চলাৰ চেষ্টা কৰে, তেওঁলোকে কয়, ‘এতিয়াই ভাল হৈ যাব’, ‘এ, এয়াতো এদিনৰ কথা’, ‘নাই, এনেই এপালি ঔষধ লৈ ল’ম সকলো ঠিক হৈ যাব’, কিয়নো মাকৰ মন নহয় জানো, তেওঁ দুখ সহ্য কৰি ল’ব, কিন্তু পৰিয়ালৰ ওপৰত আৰ্থিক বোজা দিবলৈ নিবিচাৰে।

বন্ধুসকল,

যিসকলে ‘আয়ুষ্মান ভাৰত’ৰ জৰিয়তে, ইতিমধ্যে লাভ আদায় কৰিছে, অথবা যিসকলে চিকিত্সা গ্ৰহণ কৰি আছে, তাৰ মাজত বহু লক্ষ এনে লোকো আছে যিসকলে এই যোজনাৰ আগতে চিকিত্সালয়লৈ যাবলৈ সাহসেই কৰিব পৰা নাছিল, তেওঁলোকে সেয়ে এই কথাটো এৰাইহে চলি আহিছিল। তেওঁলোকে দুখ-বেদনা সহ্য কৰি গৈছিল, জীৱন গাড়ীৰ চকা কেনেবাকৈ চলাই ৰাখিছিল, কিন্তু পইচাৰ অভাৱৰ বাবেই চিকিত্সালয়ৰ পিনে মু-কে কৰা নাছিল। এই সমস্যাই আমাক ভিতৰ পৰ্যন্ত আক্ৰান্ত কৰি পেলায়। এই ক’ৰোনা কালতে মই এনেকুৱা পৰিয়ালকো লগ পাইছো আৰু তাৰো আগতে যিসকলে এই ‘আয়ুষ্মান’-ৰ সেৱা গ্ৰহণ কৰিছিল। কিছুমান বয়োজ্যেষ্ঠ ব্যক্তিয়ে কৈছিল যে ‘মই এই কাৰণেই চিকিত্সা কৰোৱা নাছিলো, কিয়নো মই মোৰ সন্তানৰ ওপৰত ধাৰৰ কোনো বোজা দি মৰিব বিচৰা নাছিলো’। নিজেই সহ্য কৰি যাব, পাৰিলেতো সোনকালেই যোৱাৰ কথা ভাবিব, ঈশ্বৰে বিচাৰিলেতো গুছিয়েই যাব, কিন্তু সন্তানৰ ওপৰত, ল’ৰা-ছোৱালীৰ ওপৰত কোনো আৰ্থিক বোজা এৰি থৈ নাযায়, সেয়ে চিকিত্সাই কৰোৱা নাছিলে আৰু ইয়াত, এই কাৰ্যক্ৰমত উপস্থিত আমাকতৈ অধিক সংখ্যকেই নিজৰ পৰিয়ালত, নিজৰ আশ-পাশত এনে বহুত লোকক চাগৈ দেখিবলৈ পাইছে। আমাতকৈয়ো অধিক ব্যক্তিয়ে সম্ভৱ নিজেই এনে পৰিস্থিতিৰ মাজৰে দিন পাৰ কৰিছে।

বন্ধুসকল,

এতিয়াতো ক’ৰোনা-কাল, কিন্তু তাৰ আগতে, মই যেতিয়া দেশত ভ্ৰমণ কৰিছিলো, ৰাজ্যসমূহলৈ গৈছিলো, তেতিয়া মই ‘আয়ুষ্মান আঁচনি’ৰ হিতাধিকাৰীসকলক লগ পাবলৈ চেষ্টা কৰিছিলো। মই তেওঁলোকক লগ পাইছিলো, তেওঁলোকৰ সৈতে কথা-বতৰা পাতিছিলো। তেওঁলোকৰ বেদনা, তেওঁলোকৰ অনুভৱ, তেওঁলোকে দিয়া পৰামৰ্শ মই পোনপতীয়াকৈ পাইছিলো। এইবোৰ কথা অৱশ্যে সংবাদ মাধ্যমত সিমানকৈ প্ৰচাৰ বা চৰ্চা হোৱা নাছিল, কিন্তু এই কামটোক মই মোৰ দৈনন্দিন কাম তালিকাত অন্তৰ্ভুক্ত কৰি লৈছিলো। ‘আয়ুষ্মান ভাৰত’ৰ লাখ লাখ হিতাধিকাৰীৰ সৈতে মই নিজে সন্মুখা সন্মুখীকে বাৰ্তালাপ কৰিছিলো। মই বাৰু কেনেকৈ পাহৰো সেই গৰাকী বৃদ্ধা মাতৃক, যিয়ে বছৰ বছৰ ধৰি বেদনা সহ্য কৰাৰ পিচত পাথ্থৰ-নিষ্কাষণৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছিল, সেইগৰাকী যুৱক যিয়ে কিডনীৰ অসুখত জীয়াতু ভুগীবলগীয়া হৈছিল। কাৰোবাৰ ভৰিৰ বিষ, কাৰোবাৰ আক’ কামীহাড়ৰ বিষ, সেইসকল লোকৰ মুখবোৰ মই হয়তো কেতিয়াও পাহৰিব নোৱাৰিম! এতিয়া ‘আয়ুষ্মান ভাৰত’ এনেবোৰ লোকক সকাহ দিয়াৰ সম্বল হৈ উঠিছে। অলপ সময়ৰ আগতে যিখন ছবি ইয়াত প্ৰদৰ্শিত কৰা হ’ল, যিখন ‘কফীটোবুল বুক’ৰ উন্মোচন কৰা হ’ল তাত বিশেষকৈ সেইসকল মাতৃ-ভগ্নীৰ কথা আলোচনা কৰা হৈছে। বিগত তিনিটা বছৰত চৰকাৰে হাজাৰ-কোটি টকা ব্যয় কৰিছে তাৰ দ্বাৰা লাখ লাখ পৰিয়ালে দাৰিদ্ৰৰ কৰাল গ্ৰাসত পৰাৰ পৰা ৰক্ষা পৰিছে। কোনেও দুখীয়া হৈ জীৱন কটাব নিবিচাৰে। কঠোৰ পৰিশ্ৰম কৰি দাৰিদ্ৰৰ পৰা মুক্ত হোৱাৰ বাবে সকলোৱেই চেষ্টা অব্যাহত ৰাখে, সুযোগৰ সন্ধান কৰি থাকে। কেতিয়াবা এনে লাগে যেন আৰু অলপ দিনৰ ভিতৰতে দাৰিদ্ৰৰ পৰা মুক্ত হ’ব পৰা যাব, কিন্তু তেনে সময়তে হঠাত্ পৰিয়াল কাৰোবাৰ এনে ৰোগ আৰম্ভ হয় আৰু সকলো শ্ৰম পণ্ড হৈ পৰে। আৰু পৰিয়ালটো আকৌ প্ৰচণ্ড দাৰিদ্ৰৰ কৱলত নিমৰ্জ্জিত হৈ পৰে। এনে ৰোগ-ব্যাধিয়ে পৰিয়ালসমূহক দাৰিদ্ৰৰ বৱলৰ পৰা ওলাবলৈ নিদিয়ে। আৰু সেয়ে, ‘আয়ুষ্মান ভাৰত’ৰ লগতে, স্বাস্থ্যসেৱাৰে জড়িত যিবোৰ সমাধান চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে সেয়া দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে বহুত ডাঙৰ বিনিয়োগ বুলিয়ে পৰিগণিত হৈছে।

ভাই-ভনীসকল, 

আয়ুষ্মান ভাৰত-ডিজিটেল মিছন-য়ে চিকিত্সালয়ত ব্যৱস্থাসমূহক কেৱল সৰল কৰাই নহয়, বৰং ‘স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰা’ৰ সম্ভৱনাকো (ইজ অব লিভিং) বৃদ্ধি কৰিব। সাম্প্ৰতিক সময়ত চিকিত্সালয়সমূহত প্ৰযুক্তিৰ যি ব্যৱহাৰ হৈছে, সেয়া সদ্যহতে কেৱল এখন চিকিত্সালয়ত অথবা এটা গোটৰ মাজতে সীমাবদ্ধ আছে। নতুন হাস্পটাল অথবা নতুন চহৰলৈ যেতিয়া ৰোগী যায়, তেওঁলোকে পুনৰাই সেই একেই প্ৰক্ৰিয়াৰ মাজৰে আগবাঢ়িবলগীয়া হয়। ‘ডিজিটেল হেল্থ ৰেকৰ্ডছ’ৰ অবৰ্তমানত তেওঁলোকে বছৰ বছৰ ধৰি সংগৃহীত তথ্য-পাতিৰে তৈয়াৰ কৰা ‘ফাইল’ লৈ ফুৰিব লগা হয়। জৰুৰীকালীন পৰিস্থিতিততো সেয়াও সম্ভৱ নহয়গৈ। ইয়াৰ ফলত ৰোগী আৰু ডাক্টৰ, দুয়োৰে বহুত সময় অপচয় হয়, সমস্যাও অদিক হয় আৰু চিকিত্সাৰ খৰছো অধিক হয়গৈ। আমি প্ৰায়েই দেখা পাওযে বহুত ব্যক্তিৰ আকৌ চিকিত্সালয়লৈ যোৱাৰ সময়ত তেওঁলোকৰ চিকিত্সা সম্পৰ্কীয় ‘ৰেকৰ্ডে’ই নাথাকে। এনে পৰিস্থিতিত যিবোৰ ডাক্টৰৰ পৰামৰ্শ থাকে, পৰীক্ষা-পাতি কৰা হয়, সেয়া আকৌ শূণ্যৰ পৰা কৰিবলগীয়া হয়, নতুনকৈ কৰিবলগীয়া হয়। চিকিত্সা সংক্ৰান্তীয়  ‘ৰেকৰ্ড’ নথকাৰ বাবেই সময়তো অধিক লাগেই, খৰছো অধিক ভৰিবলগীয়া হয়, কেতিয়াবাতো উপচাৰো বিপৰীত ধৰণৰ হৈ পৰে আৰু আমাৰ গাঁও-বস্তিৰ পৰা যোৱা বহু ভাই-ভনীয়ে এইবোৰ কাৰণতে বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়াতো পৰেগৈ। কেৱল এয়াই নহয়, চিকিত্সকসকলৰ কেতিয়াবতো কাকতত এডভাৰ্টাইজমেণ্টয়েই নোলায়। কাণ বাগৰিয়েই খবৰ প্ৰচাৰিত হয়, বোলে ‘অমুক ডাক্টৰ বৰ ভাল, মই গৈছিলো আৰু মই ভাল পালো’। আৰু তেনেকৈয়ে ডাক্টৰৰ বিষয়ে সকলোৱে জানিব আৰু তাৰ পিচত আৰু কোন ডাক্টৰ ভাল, কোন কি বিষয়ত এক্সপাৰ্ট, কাৰ তালৈ যোৱা উচিত আদিৰ দৰে কথবোৰৰ প্ৰচাৰ চলি যায়। সত্যাসত্য নিৰূপণ কৰাৰ প্ৰয়োজন কোনেও অনুভৱেই নকৰে। মই এটা কথা ক’ব খুজিছো, দেশৰ সকলো নাগৰিককে এইধৰণৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ ক্ষেত্ৰত ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’-য়ে বহুত ডাঙৰ ভূমিকা পালন কৰিব।

বন্ধুসকল,

আয়ুষ্মান ভাৰত-ডিজিটেল মিছন-য়ে এতিয়া সমগ্ৰ দেশৰ চিকিত্সালয়সমূহৰ ‘ডিজিটেল হেল্থ ছলিউশ্যন’ক এজনৰ সৈতে আন এজনক সংযোজিত কৰিব। ইয়াৰ জৰিয়তে দেশবাসীয়ে এতিয়া একোটাকৈ ‘ডিজিটেল আৰ্হি’ লাভ কৰিব। সকলো নাগৰিকৰে স্বাস্থ্য সম্বন্ধীয় তথ্য পাতি ‘ডিজিটেলী’ সংৰক্ষিত হ’ব। ‘ডিজিটেল হেল্থ আইডি’ৰ মাধ্যমেৰে প্ৰতিগৰাকী ৰোগীয়ে নিজেও আৰু চিকিত্সকসকলেও পুৰণি তথ্য-পাতিৰ প্ৰয়োজন হ’লে পৰীক্ষা কৰিব পাৰিব। কেৱল এয়াই নহয়, ইয়াত চিকিত্সক, নাৰ্ছ, ‘পেৰা-মেডিক্স’ বন্ধুসকলৰো পঞ্জীয়ণ কৰা হ’ব। দেশৰ চিকিত্সালয়সমূহ, ক্লিনিক, পৰীক্ষাগাৰ, ফাৰ্মেচী এইসকলোবোৰৰে পঞ্জীয়ণ কৰা হ’ব। অৰ্থাত্ এই ‘ডিজিটেল মিছন’, স্বাস্থ্যৰে জড়িত সংশ্লিষ্ট প্ৰতিটো পক্ষকে একেখন মঞ্চতে একত্ৰিত কৰিবগৈ।

বন্ধুসকল,

এই মিছনৰ সকলোতকৈ ডাঙৰ লাভটো হ’ব দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীকেইটাৰ। এটা সুবিধা হ’ব যে ৰোগীয়ে দেশৰ যিকোনো স্থানৰ ভাল চিকিত্সকক অতি সহজেই বিচাৰিব পাৰিব, যিয়ে তেওঁৰ ভাষাও জানিব আৰু বুজিব আৰু তেওঁৰ অসুখৰ ভালৰো ভাল অনুভৱীও হ’ব। ইয়াৰ দ্বাৰা ৰোগীয়ে দেশৰ যিকোনো স্থানত থকা বিশেষজ্ঞ চিকিত্সকৰে সম্পৰ্ক কৰাৰ সুযোগ অধিক হ’ব। কেৱল চিকিত্সকেই নহয়, বৰং উন্নত মানৰ পৰীক্ষণৰ বাবে পৰীক্ষাগাৰ আৰু ঔষধ-পাতিৰ দোকানো বিচাৰি উলিওৱাত সহজ হ’ব।

বন্ধুসকল,

এই আধুনিক মঞ্চৰ জৰিয়তে চিকিত্সা আৰু স্বাস্থ্যসেৱা নীতি-নিৰ্দ্ধাৰণৰে জড়িত সম্পূৰ্ণ বাতাবৰণ আৰু অধিক প্ৰভাৱশালী হ’ব পৰা বিধৰ হ’ব। চিকিত্সক আৰু হাস্পটালে এই মঞ্চৰ উপযোগ নিজৰ সেৱাক ‘ৰিম’ট হেল্থ ছাৰ্ভিচ’ প্ৰদান কৰাত কৰিব পাৰিব। ‘প্ৰভাৱশালী আৰু বিশ্বস্ত তথ্যভাণ্ডাৰ’ৰ সৈতে ইয়াত চিকিত্সাও অধিক উন্নত হ’ব আৰু ৰোগীসকলৰ পা-পইচাও ৰাহি হ’ব।

ভাই-ভনীসকল,

দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাটোক সহজ আৰু সুলভ কৰি তোলাৰ বাবে দেশত যি অভিযানৰ শুভাৰম্ভ হৈছে, এয়া ৬-৭বছৰ ধৰি চলা এক আন্তৰিক প্ৰক্ৰিয়াৰ অংশহে। যোৱা বছৰসমূহত ভাৰতে দেশত আৰোগ্যৰে জড়িত দশকজোৰা চিন্তা আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন সাধন কৰিছে। এতিয়া ভাৰতত এনে এক স্বাস্থ্য আৰ্হিৰে কাম চলি আছে, যি ‘বিস্তৃত পৰিসৰ’ৰ হোৱাৰ লগতে ‘সমাৱেশী’ও হোৱাত গুৰুত্ব আৰোপ কৰা হৈছে। এনে এক আৰ্হি, য’ত ৰোগৰ পৰা বাচোৱাত গুৰুত্ব আৰোপ কৰা হৈছে, অৰ্থাত্ ‘প্ৰিভেণ্টিভ হেল্থকেয়াৰ’, ৰোগীৰ ক্ষেত্ৰত চিকিত্সা সুলভ হওক, সস্তা হওক আৰু সকলোৱে সুবিধা গ্ৰহণ কৰিব পৰা বিধৰ হওক। ‘যোগ আৰু আয়ুৰ্বেদ’ৰ দৰে আয়ুষৰ আমাৰ পাৰম্পৰিক চিকিত্সা পদ্ধতিত গুৰুত্ব আৰোপ কৰা হৈছে, এনেবোৰ কাৰ্যক্ৰম দুখীয়া আৰু মধ্যবিত্তীয়সকলক বেমাৰৰ কুচক্ৰৰ পৰা বচোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে। দেশত স্বাস্থ্য আন্তঃগাঁথনিৰ বিকাশ আৰু উন্নত চিকিত্সাৰ সা-সুবিধাসমূহ, দেশৰ কোণে কোণে পোৱোৱাৰ ব্যৱস্থা কৰাৰ বাবে, নতুন স্বাস্থ্য নীতি যুগুতাই উলিওৱা হৈছে। আজিৰ তাৰিখত দেশত এইমছ-ৰ দৰে বহুত ডাঙৰ আৰু আধুনিক স্বাস্থ্য সংস্থানসমূহৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে। লোকসভাৰ প্ৰতি ৩টা সমষ্টিৰ মাজত এখন চিকিত্সা মহাবিদ্যালয়ৰ কামো আগবাঢ়ি আছে।

বন্ধুসকল,

ভাৰতত স্বাস্থ্য সা-সুবিধাসমূহ উন্নত কৰাৰ বাবে গাঁৱৰ চিকিত্সা সেৱাব্যৱস্থাৰ সংস্কাৰ সাধনত গুৰুত্ব প্ৰদান কৰাতো আৱশ্যক। আজি দেশত গাঁও আৰু ঘৰৰ কাষতে প্ৰাথমিক স্বাস্থ্যসেৱাৰে জড়িত নেটৱৰ্কক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰে শক্তিশালী কৰি তোলা হৈছে। এই পৰ্যন্ত এনে প্ৰায় ৮০হাজাৰ কেন্দ্ৰই কাম-কাজ অব্যাহত ৰাখিছে। এই কেন্দ্ৰসমূহত সাধাৰণ ৰোগ-পৰীক্ষণ আৰু টীকাকৰণৰ পৰা  গুৰুতৰ ধৰণৰ ৰোগৰ প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষণ আৰু অনেক ধৰণৰ পৰীক্ষাৰ সুবিধা আছে। এই কেন্দ্ৰসমূহৰ মাধ্যমৰে সজাগতা সৃষ্টিৰ লগতে গুৰুতৰ ধৰণৰ ৰোগবোৰ সময় থাকোতেই চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে।

বন্ধুসকল,

পৃথিৱী জুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনাৰ মাজতো চিকিত্সা পৰিগাঁথনি নিৰ্মাণক নিৰন্তৰ গতি প্ৰদান কৰি থকা হৈছে। দেশৰ জিলা-চিকিত্সালয়সমূহত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’-ৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে, শিশুসকলৰ চিকিত্সাৰ বাবে জিলা আৰু খণ্ড উন্নয়ণ পৰ্যায়ত থকা চিকিত্সালয়সমূহত বিশেষ সুবিধা নিৰ্মাণ কৰি থকা হৈছে। জিলা পৰ্যায়ৰ চিকিত্সালয়ত নিজাববীয়া ‘অক্সিজেন প্ৰকল্প’ও স্থাপন কৰা হৈছে।

বন্ধুসকল,                               

ভাৰতৰ স্বাস্থ্য খণ্ডক ৰূপান্তৰিত কৰাৰ বাবে চিকিত্সাবিজ্ঞানৰ শিক্ষাৰো অভুতপূৰ্ব সংস্কাৰ সাধন কৰি থকা হৈছে। ৭-৮টা বছৰত আগৰ তুলনাত আজি অধিক চিকিত্সক আৰু পেৰা-মেডিকেল কৰ্ম-বাহিনী নিৰ্মাণ কৰি থকা হৈছে। কেৱল কৰ্মীয়েই নহয় বৰঞ্চ স্বাস্থ্যসেৱাৰে জড়িত আধুনিক প্ৰযুক্তি, জৈৱপ্ৰযুক্তিৰে জড়িত গৱেষণা, ঔষধ-পাতি আৰু উপকৰণত আত্মনিৰ্ভৰশীলতাৰ সৈতে দেশত ‘মিছন মোড’ত কাম চলি আছে। ক’ৰোনাৰ প্ৰতিষেধক বিকশিত কৰা আৰু উত্পাদন কৰাত ভাৰতে যেনেদৰে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে, সেয়াই আমাক গৰ্বৰে ভৰাই তুলিছে। স্বাস্থ্য উপকৰণ আৰু ঔষধৰ কেঁচামালৰ বাবে ‘পিএলআই আঁচনি’ৰেও এই ক্ষেত্ৰত ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’কো বহুত সহযোগিতা আগবঢ়াই আহিছে।

বন্ধুসকল,

উন্নত চিকিত্সা পদ্ধতিৰ লগতে দুখীয়া আৰু মধ্যবিত্তীয়সকলে যাতে কম দামত ঔষধ-পাতি কিনিব পাৰে সেই কথা নিশ্চিত কৰাৰো প্ৰয়োজন আছে। সেয়ে কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় ঔষধ, অস্ত্ৰেপচৰাত ব্যৱহৃত উপকৰণ, ‘ডায়েলেছিছ’ৰ দৰে অনেক সেৱা আৰু বয়-বস্তুৰ দাম কম কৰাৰ দিহা কৰিছে। ভাৰতত প্ৰস্তুত কৰা পৃথিৱীৰ শ্ৰেষ্ঠ ‘জেনেৰিক ঔষধ’সমূহক চিকিত্সাৰ ক্ষেত্ৰত অধিক হাৰত ব্যৱহাৰ কৰাৰ বাবে উত্সাহিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৮হাজাৰৰো অধিক ‘জনৌষধী কেন্দ্ৰ’ই দুখীয়া আৰু মধ্যবিত্তীয় পৰিয়ালসমূহক বহু পৰিমাণে সকাহ দি আহিছে আৰু ‘জনৌষধী কেন্দ্ৰ’ত যিবোৰ ঔষধ কিনে, তেনে ৰোগীৰ সৈতেও মই বহু কেইবাৰ কথা-বতৰা পাতিছো আৰু মই দেখিছো এনে কেতবোৰ পৰিয়াল আছে তেওঁলোকে দিনৌ ঔষধ কিনিবলগীয়া হয়। কোনোবাই বয়সত হোৱা অসুখৰ বাবে আন কোনোবাই আকৌ অন্য কেতবোৰ বিশেষ ৰোগৰ বাবে। এই ‘জনৌষধী কেন্দ্ৰ’সমূহৰ বাবে এনে পৰিয়ালসমূহৰ হাজাৰ-পোন্ধৰশ টকা মাহেকত ৰাহি হৈ আহিছে।

বন্ধুসকল,

আজিৰ কাৰ্যক্ৰম ‘বিশ্ব পৰ্যটন দিৱস’ত অনুষ্ঠিত কৰা হৈছে। কোনোবাই হয়তো ভাবিব পাৰে স্বাস্থ্যসেৱাৰে বিজড়িত এক কাৰ্যক্ৰমৰ আকৌ পৰ্যটন দিৱসৰে কি সম্পৰ্ক আছে! কিন্তু স্বাস্থ্যৰ পৰ্যটনৰে এক গভীৰ সম্পৰ্ক আছে। কিয়নো আমাৰ স্বাস্থ্য আন্তঃগাঁথনি যেতিয়া সংহত হয়, তেতিয়া তাৰ প্ৰভাৱ পৰ্যটন ক্ষেত্ৰখনৰ ওপৰতো পৰে। কোনোবা পৰ্যটক বাৰু এনে ঠাইলৈ যাব বিচাৰিবনে য’ত কোনো জৰুৰী পৰিস্থিতিত চিকিত্সাৰ বাবে উন্নত সুবিধা নাথাকিব? আৰু ক’ৰোনাৰ পিচৰে পৰাতো এয়া এতিয়া আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। য’ত প্ৰতিষেধক প্ৰদানৰ পৰিমাণ বাঢ়িব, পৰ্যটকসকলে তেনেবোৰ ঠাইলৈ যোৱাৰ বাবে সিমানেই সুৰক্ষিত অনুভৱ কৰিব। আৰু আপোনালোকে নিশ্চয় দেখিছে যে, হিমাচলেই হওক, উত্তৰাখণ্ডই হওক, ছিক্কিম, গোৱাৰ দৰে আমাৰ ‘টুৰিষ্ট ডেষ্টিনেশ্যন ৰাজ্য’সমূহে, আন্দামান নিকোবৰৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলে দ্ৰুতগতিৰে টীকাকৰণৰ কাম আগুৱাই নিছে যাতে আগন্তুক সময়ত এইসমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ আহিব লগা পৰ্যটকসকলে এক ধৰণৰ সুৰক্ষাৰ নিশ্চয়তা অনুভৱ কৰিব পাৰে। আগন্তুক বছৰটোত এই সকলোবোৰ কাৰকেই আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। অৰ্থাত, ‘হাস্পটাল আৰু হস্পটেলিটী’ পৰস্পৰে পৰস্পৰৰ হাতত হাত ধৰি আগুৱাব পাৰিব।

বন্ধুসকল,

আজি ভাৰতৰ চিকিত্সক আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত পৃথিৱীয়ে কৰা ভৰসা নিৰন্তৰ বাঢ়িবলৈ ধৰিছে। আমাৰ দেশৰ চিকিত্সকসকলে পৃথিৱী জুৰি বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে, ভাৰতৰ নাম উজলাই তুলিছে। পৃথিৱীৰ ডাঙৰ ডাঙৰ ব্যক্তিসকলক আপুনি যদি সোধে তেতিয়া তেওঁলোক কয়, ‘হয় মোৰ এগৰাকী চিকিত্সক হিন্দুস্তানী হয়’। অৰ্থাত ভাৰতৰ চিকিত্সকৰ কদৰ বাঢ়িছে। ভাৰতৰ আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলেই পৃথিৱীৰ লোকে চিকিত্সা বিচাৰি ভাৰতলৈ আহিবলৈ হেতা-ওপৰা লগাব। আজিৰ প্ৰেক্ষাপটতো চিকিত্সা ল’বলৈ বুলি ভাৰতলৈ অহা বিদেশীৰ সংখ্যা কম নহয়। কেতিয়াবাতো বৰ আবেগিক হ’বলগীয়া ধৰণৰ কথাবতৰাও শুনিবলৈ পোৱা যায়। সৰু সৰু শিশু আমাৰ চুবুৰীয়া দেশসমূহৰ পৰা যেতিয়া আমাৰ ইয়ালৈ আহে আৰু আৰোগ্য লাভ কৰি দেশলৈ ওভতে তেতিয়া তেওঁলোকৰ মুখত দেখা আনন্দৰ অভিব্যক্তিয়ে আমাক আহ্লাদিত কৰি তোলে।

বন্ধুসকল,

আমাৰ টীকাকৰণ কাৰ্যক্ৰম, ‘কো-উইন প্ৰযুক্তি মঞ্চ’ আৰু ‘ফাৰ্মা খণ্ড’ই ভাৰতৰ মান আৰু বঢ়াইছে। যেতিয়া ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ দ্বাৰা প্ৰযুক্তিৰ নতুন ব্যৱস্থা বিকশিত হব, তেতিয়া পৃথিৱীৰ যিকোনো দেশৰ ৰোগীয়ে ভাৰতৰ চিকিত্সকৰ সৈতে ৰোগ সম্বন্ধে আলোচনা কৰাৰ, চিকিত্সা কৰোৱাৰ, নিজৰ ৰোগ-সম্পৰ্কীয় তথ্য পাতি তেওঁলোকলৈ প্ৰেৰণ কৰি পৰামৰ্শ গ্ৰহণ কৰিবলৈ তেনেই সহজ হৈ পৰিব। নিশ্চিত ভাবেই ইয়াৰ প্ৰভাৱ ‘হেল্থ টুৰিজম’ৰ ওপৰতো পৰিব।

বন্ধুসকল,

সুস্থ ভাৰতৰ পথ, ‘স্বাধীনতাৰ অমৃতকাল’ত, ভাৰতৰ বৃহত্ সংকল্পসমূহক সিদ্ধ কৰাৰ ক্ষেত্ৰত, বৃহত্ সপোনক সাকাৰ কৰাৰ বাবে বহুত অৱশ্যক। ইয়াৰ বাবে আমি মিলিজুলি আমাৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। মোৰ বিশ্বাস, চিকিত্সা ক্ষেত্ৰৰে জড়িত সকলো ব্যক্তি, আমাৰ চিকিত্সকসকল, ‘পেৰামেডিক্স’সকল, চিকিত্সা সংস্থানসমূহে এই নতুন ব্যৱস্তাক দ্ৰুতগতিৰে আদৰি ল’ব। আকৌ এবাৰ ‘আয়ুষ্মান ভাৰত-ডিজিটেল মিছন’ৰ বাবে দেশক বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো!!

বহুত বহুত ধন্যবাদ!

****

DS/SH/AV/KB



(Release ID: 1760744) Visitor Counter : 301