প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অসমৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

পোষ্ট কৰা হৈছে: 31 AUG 2021 10:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa ৰ সৈতে বাৰ্তালাপ কৰো আৰু ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বুজ লওঁ। এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰা হৈছে। মই বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছো।"

****

DS/SH/SB


(ৰিলিজ আই ডি : 1754300) অতিথি কক্ষ : 360