তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

পিএমজেডিৱাইয়ে দূৰৱৰ্তী আৰু পাহাৰীয়া অঞ্চলসমূহক স্পৰ্শ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক লাভান্বিত কৰিছে বুলি বিশেষজ্ঞই কয়


পিএমজেডিৱাইৰ ৭ম বাৰ্ষিকী উপলক্ষে ৱেবিনাৰ অনুষ্ঠিত কৰিলে পিআইবি, গুৱাহাটীয়ে

Posted On: 02 SEP 2021 3:21PM by PIB Guwahati

২০১৪ ত প্ৰধান মন্ত্ৰী জন ধন যোজনা (PMJDY) আৰু আন সম্পৰ্কীয় আঁচনিসমূহৰ শুভাৰম্ভণিৰ জৰিয়তে ভাৰতৰ বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰকৃত যাত্ৰা আৰম্ভ হৈছিল বুলি কয় ষ্টেট বেংক অৱ ইণ্ডিয়া, গুৱাহাটীৰ ডিজিএম শ্ৰী সুশান্ত কুমাৰ চাহুৱে। প্ৰধান মন্ত্ৰী জন ধন যোজনাৰ শুভাৰম্ভণিৰ ৭ম বাৰ্ষিকী উপলক্ষে আয়োজিত এখনি ৱেবিনাৰ সম্বোধন কৰিয়েই তেওঁ এইদৰে কয়। আজি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীয়ে ৱেবিনাৰখনি অনুষ্ঠিত কৰে।

বিত্তীয় অন্তৰ্ভুক্তি সন্দৰ্ভত বক্তব্য প্ৰদান কৰি শ্ৰী চাহুৱে কয় যে বিত্তীয় অন্তৰ্ভুক্তিয়ে মূলতঃ ক্ৰেডিট, বিনিয়োগ, বীমা আৰু পেঞ্চনৰে সম্পৰ্কীয় ভিন্ন বিত্তীয় প্ৰডাক্টৰ জৰিয়তে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোলৈ নিৰ্ভৰযোগ্য বিত্তীয় সমাধান আগবঢ়াইছে। তেওঁ অৱগত কৰে যে অসমত পিএমজেডিৱাই আঁচনিৰ অধীনত অভিলেখ সংখ্যক বেংক একাউন্ট খোলা হয়। ২০২১ ৰ জুন অনুসৰি ৰাজ্যখনত ৫০ লাখ গৃহস্থীৰ বিপৰীতে ১ কোটি ৯০ লাখ পিএমজেডিৱাই একাউন্ট আছে বুলি তেওঁ কয়। তেওঁ ভাষণ প্ৰসংগত পিএম জীৱন জ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ দৰে আন আঁচনিসমূহৰ সফলতা সন্দৰ্ভতো উল্লেখ কৰে।

শ্ৰী চাহুৱে ভিন্ন জিলা আৰু খণ্ড পৰ্য্যায়ৰ চৰকাৰী কৰ্মচাৰীৰ দৰে সকলো পক্ষ আৰু এনজিঅ’সমূহকো এই কাৰ্য্যক্ৰমত ভালদৰে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাই যাতে বিত্তীয় অন্তৰ্ভুক্তি কাৰ্য্যক্ৰমটোৱে সমাজৰ নিম্নতম শ্ৰেণীটোক স্পৰ্শ কৰিব পাৰে আৰু সফলতাৰে এই অভিযানটো আগবাঢ়ি যাব পাৰে।

ৱেবিনাৰখনিত ভাষণ প্ৰদান কৰি, ষ্টেট বেংক অৱ ইণ্ডিয়া, কলকাতাৰ ডিজিএম শ্ৰীমতী কুহু গাংগুলীয়ে জনাই যে আজিলৈকে ছিকিমত ৮৬ হাজাৰ জন ধন একাউন্ট খোলা হৈছে। ইয়াক এটি বৃহৎ সফলতা হিচাপে আখ্যায়িত কৰি তেওঁ কয় যে জন ধন যোজনাই দূৰৱৰ্তী আৰু পাহাৰীয়া অঞ্চলসমূহক স্পৰ্শ কৰি সকলো শ্ৰেণীৰ লোককে লাভান্বিত কৰিছে। 

 

ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী, অধ্যাপক এছ. এছ. মহাপাত্ৰই পিএমজেডিৱাইৰ প্ৰসংগৰে দেশখনৰ বিত্তীয় অন্তৰ্ভুক্তি আৰু অৰ্থনৈতিক উন্নয়ন সন্দৰ্ভত কয়। তেওঁ কয় যে সাত বছৰৰ চমু সময়ৰ ভিতৰত ভাৰতে বহু পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে আৰু বিত্তীয় অন্তৰ্ভুক্তি বাতাবৰণটো শক্তিশালী হৈ পৰিছে আৰু এতিয়া ই অতিশয় দৰিদ্ৰ লোকজনলৈ বিত্তীয় সেৱাসমূহ আগবঢ়াবলৈ সক্ষম। শ্ৰী মহাপাত্ৰই লগতে কয় যে ক’ভিড-১৯ ৰ সময়ছোৱাত আত্মনিৰ্ভৰ পেকেজে জনতাক জন ধনক সকলো কল্যাণ আঁচনিৰ বাবে মাধ্যম বুলি ভাবিবলৈ বাধ্য কৰায়।

দৈনিক পূৰ্বোদয়ৰ সম্পাদক শ্ৰী ৰবি শংকৰ ৰবিয়ে অভিমত ব্যক্ত কৰি কয় যে পিএমজেডিৱাইৰ বাবেই আমাৰ দেশৰ নিম্ন স্তৰৰ লোকসকলৰ বাবে বেংক একাউন্ট এটা খোলাটো এতিয়া জটিল কথা নহয়। এই আঁচনিৰ অধীনত, বেংকত একাউন্ট খুলিবলৈ অসুবিধাৰ সন্মুখীন হোৱা লোকসকললৈ চৰকাৰখনে সুগমতা আগবঢ়াইছে।

পিআইবিৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া শ্ৰী গোপজিৎ দাসে আদৰণি ভাষণ প্ৰদান কৰে আৰু ৱেবিনাৰখনিৰ আঁত ধৰে পিআইবি, গুৱাহাটীৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া শ্ৰীমতী সুচৰিতা চাহুৱে। আজিৰ ৱেবিনাৰখনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ ও ৰিজিঅ’নেল আউটৰীছ ব্যুৰ’ৰ ক্ষেত্ৰীয় কাৰ্য্যালয়সমূহৰ বিষয়া-বৰ্গই অংশগ্ৰহণ কৰে।

****



(Release ID: 1754299) Visitor Counter : 110