প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় বায়ু সেনাৰ বাবে ৫৬ খন চি-২৯৫ এমডব্লিউ ট্ৰেন্সপ’ৰ্ট এয়াৰক্ৰাফ্টৰ ক্ৰয়ত কেবিনেটৰ অনুমোদন


‘আত্মনিৰ্ভৰ ভাৰত’লৈ প্ৰবল উদ্দীপনা

Posted On: 08 SEP 2021 6:27PM by PIB Guwahati

মুখ্য উদ্ধৃতিসমূহঃ

  • স্পেইনৰপৰা ফ্লাইৱে অৱস্থাত ১৬ এয়াৰক্ৰাফ্ট হস্তান্তৰ কৰা হ; ৪০ খন নিৰ্মাণ কৰা হব ভাৰতত
  • থলুৱা ক্ষমতা সুদৃঢ়কৰণ ও মেক ইন ইণ্ডিয়াক উদ্দীপনা যোগাবলৈ একক পদক্ষেপ
  • সকলো এয়াৰক্ৰাফ্টতে থলুৱা ইলেকট্ৰনিক ৱাৰফেয়াৰ চ্যুট সংস্থাপিত কৰা হ
  • আইএএফৰ পুৰণি অভ্ৰ এয়াৰক্ৰাফ্টৰ স্থানত প্ৰতিস্থাপন কৰা হ
  • সমসাময়িক প্ৰযুক্তিৰে ৫-১০ টন ক্ষমতাৰ ট্ৰেন্সপৰ্ট এয়াৰক্ৰাফ্ট

আজি সুৰক্ষাৰ কেবিনেট কমিটিয়ে ভাৰতীয় বায়ু সেনাৰ বাবে মেচাৰ্ছ এয়াৰবাছ ডিফেন্স এণ্ড স্পেছ এছ.এ., স্পেইনৰপৰা ৫৬ খন চি-২৯৫ এমডব্লিউ ট্ৰেন্সপ’ৰ্ট এয়াৰক্ৰাফ্টৰ ক্ৰয়ত অনুমোদন জনালে। চি-২৯৫ এমডব্লিউ এয়াৰক্ৰাফ্ট হৈছে সমসাময়িক প্ৰযুক্তিৰে ৫-১০ টন ক্ষমতাৰ ট্ৰেন্সপ’ৰ্ট এয়াৰক্ৰাফ্ট যাক আইএএফৰ পুৰণি অভ্ৰ এয়াৰক্ৰাফ্টৰ স্থানত প্ৰতিস্থাপন কৰা হ’ব। এই এয়াৰক্ৰাফ্টৰ ক্ষীপ্ৰ প্ৰতিক্ৰিয়া আৰু ট্ৰুপ আৰু কাৰ্গ’ৰ প্যাৰা ড্ৰপিঙৰ বাবে আছে ৰিয়েৰ ৰেম্প ড’ৰ।

চুক্তিখনিৰ স্বাক্ষৰৰ ৪৮ মাহৰ ভিতৰত স্পেইনৰপৰা ফ্লাইৱে’ অৱস্থাত ষোল্লখন এয়াৰক্ৰাফ্ট হস্তান্তৰ কৰা হ’ব আৰু চুক্তিখনিৰ স্বাক্ষৰৰ দহ বছৰৰ ভিতৰত টাটা কনচৰ্টিয়ামে ভাৰতত চল্লিশ এয়াৰক্ৰাফ্ট নিৰ্মাণ কৰিব। এয়া হৈছে এটা ব্যক্তিগত কোম্পানীয়ে ভাৰতত সামৰিক বিমান নিৰ্মাণ কৰিবলৈ আগবঢ়া প্ৰথমটো প্ৰকল্প। আটাই ৫৬ এয়াৰক্ৰাফ্টতে থলুৱা ইলেকট্ৰনিক ৱাৰফেয়াৰ চ্যুট সংস্থাপিত কৰা হব। এই প্ৰকল্পই ভাৰতৰ মহাকাশ বাতাবৰণটোক উদ্দীপনা যোগাব য’ত দেশখনৰ ভিন্ন প্ৰান্তৰ বহু এমএছএমইয়ে এয়াৰক্ৰাফ্টখনৰ অংশসমূহৰ প্ৰস্তুতত জড়িত হৈ পৰিব।

এই কাৰ্য্যক্ৰমে চৰকাৰখনৰ ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক প্ৰবল উদ্দীপনা যোগাব কিয়নো ই ভাৰতীয় ব্যক্তিগত খণ্ডটোৰ বাবে প্ৰযুক্তি প্ৰগাঢ় আৰু অতিশয় প্ৰতিযোগী বিমান পৰিবহণ উদ্যোগটোত প্ৰবেশৰ অনন্য সুযোগ আগবঢ়াইছে। এই প্ৰকল্পই ঘৰুৱা বিমান নিৰ্মাণক উদ্দীপনা যোগোৱাৰ ফলশ্ৰুতিত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু ৰপ্তানি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

বৃহৎ সংখ্যক বিস্তাৰিত অংশ, এৰ’ ষ্ট্ৰাকচাৰৰ চাব-এছেম্বলী আৰু মূল উপাংশ এছেম্বলী ভাৰতত প্ৰস্তুতৰ পৰিকল্পনা কৰা হৈছে। এই কাৰ্য্যক্ৰমে দেশখনৰ মহাকাশ বাতাবৰণটোত নিয়োগ সৃষ্টিত অনুঘটক হিচাপে ক্ৰিয়া কৰিব আৰু ই পোনপটীয়াকৈ ৬০০ অতিশয় দক্ষ, ৩০০০ ৰোধিক পৰোক্ষ নিয়োগ আৰু অতিৰিক্তভাৱে ৩০০০ মধ্যমীয়া দক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। যিয়ে ভাৰতৰ মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডটোত ৪২.৫ লাখৰো অধিক কৰ্মঘন্টাৰ সূচনা কৰিব। ই হাংগাৰ, বিল্ডিং, এপ্ৰন আৰু টেক্সীৱে’ৰ মাধ্যমেৰে বিশেষীকৃত আন্তঃগাঁথনিৰ বিকাশ সাধনত জড়িত হৈ পৰিব। ভাৰতত নিৰ্মাণ প্ৰক্ৰিয়াটোৰ সময়ছোৱাত, বিশেষ প্ৰক্ৰিয়াসমূহত জড়িত হৈ পৰিবলগীয়া টাটা কনচৰ্টিয়ামৰ আটাই যোগানধাৰীয়ে বৈশ্বিকভাৱে সমাদৃত নেশ্যনেল এৰ’স্পেছ এণ্ড ডিফেন্স কনট্ৰেক্টৰ এক্ৰিডিয়েশ্যন প্ৰগ্ৰেম (NADCAP)ৰ স্বীকৃতি লাভ কৰিব বুলি আশা কৰা হৈছে।

হস্তান্তৰ সম্পূৰ্ণ হোৱাৰ ঠিক পূৰ্বে, ভাৰতত চি-২৯৫ এমডব্লিউ এয়াৰক্ৰাফ্টৰ বাবে ‘ডি’ পৰ্য্যায়ৰ চাৰ্ভিছিং ব্যৱস্থা (MRO) স্থাপনৰ পৰিকল্পনা কৰা হৈছে। এই ব্যৱস্থাই ভিন্ন প্ৰকাৰৰ চি-২৯৫ এয়াৰক্ৰাফ্টৰ বাবে আঞ্চলিক এমআৰঅ’ কেন্দ্ৰ হিচাপে ক্ৰিয়া কৰিব বুলি আশা কৰা হৈছে।

তদুপৰি, এই অ’ইএমে ভাৰতীয় অফছেট পাৰ্টনাৰসমূহৰপৰা যোগ্য প্ৰডাক্ট আৰু সেৱাৰ প্ৰত্যক্ষ ক্ৰয়ৰ জৰিয়তে ইয়াৰ অফছেট বাধ্যবাধকতা মুক্তকৰণে অৰ্থনীতিক উদ্দীপনা যোগাব।

এই কাৰ্য্যক্ৰম হৈছে থলুৱা ক্ষমতা সুদৃঢ়কৰণ আৰু ‘মেক ইন ইণ্ডিয়া’ক উদ্দীপনা যোগাবলৈ ভাৰত চৰকাৰৰ এটি অনন্য পদক্ষেপ।

****



(Release ID: 1753823) Visitor Counter : 227