বিত্ত মন্ত্ৰালয়

বিত্তীয় তথ্য আদান-প্ৰদান ব্যৱস্থা-একাউন্ট এগ্ৰিগেটৰ নেটৱৰ্ক সম্পৰ্কে সকলোখিনি জানক

Posted On: 10 SEP 2021 8:00AM by PIB Guwahati

যোৱা সপ্তাহত ভাৰতে বিত্তীয় তথ্য আদান-প্ৰদান ব্যৱস্থা একাউন্ট এগ্ৰিগেটৰ (AA) নেটৱৰ্কৰ সূচনা কৰিলে যিয়ে বিনিয়োগ আৰু ক্ৰেডিটৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধনেৰে কেইবা নিযুত উপভোক্তাক বৃহত্তৰ সুগমতা প্ৰদান আৰু তেওঁলোকৰ বিত্তীয় ৰেকৰ্ডৰ ওপৰত নিয়ন্ত্ৰণ আৰু ঋণদাতা আৰু ফিনটেক কোম্পানীসমূহৰ বাবে গ্ৰাহকৰ সম্ভাৱনা বৃদ্ধি কৰিব। একাউন্ট এগ্ৰিগেটৰে এজন লোকক তেওঁৰ ব্যক্তিগত বিত্তীয় তথ্যৰ ওপৰত নিয়ন্ত্ৰণেৰে সবলীকৰণ কৰিছে, অন্যথা ই অন্ধকাৰতে থাকিলহেঁতেন।

এয়া হৈছে ভাৰতত মুক্ত বেংকিং সূচনা, ডিজিটেলী সুগমতাৰ অৰ্থে কেইবা নিযুত গ্ৰাহকক সবলীকৰণ আৰু সুৰক্ষিত আৰু ফলপ্ৰসূভাৱে সমগ্ৰ প্ৰতিষ্ঠানৰ সৈতে তেওঁলোকৰ বিত্তীয় তথ্য আদান-প্ৰদানৰ অভিমুখে প্ৰথম পদক্ষেপ।

বেংকিঙত একাউন্ট এগ্ৰিগেটৰ ব্যৱস্থাটো ভাৰতৰ আঠটা সৰ্ববৃহৎ বেংকৰ সৈতে আৰম্ভ কৰা হৈছে। একাউন্ট এগ্ৰিগেটৰ ব্যৱস্থাটোৱে ঋণদান আৰু সম্পত্তি ব্যৱস্থাপনাক অধিক ক্ষীপ্ৰ আৰু সুলভ কৰিব পাৰে।

 

1) একাউন্ট এগ্ৰিগেটৰ কি?

একাউন্ট এগ্ৰিগেটৰ (AA) হৈছে আৰবিআই নিয়ন্ত্ৰিত ব্যৱস্থা (regulated entity)ৰ এটা ধৰণ। এনবিএফচি-এএ লাইচেন্সৰে এই ব্যৱস্থাই এজন ব্যক্তিক সুৰক্ষিতভাৱে আৰু ডিজিটেলী সুগমতাত সহায় কৰে আৰু একাউন্ট থকা এটা বিত্তীয় প্ৰতিষ্ঠানৰপৰা এএ নেটৱৰ্কটোৰ আন কোনো নিয়ন্ত্ৰিত বিত্তীয় প্ৰতিষ্ঠানলৈ তথ্যৰ আদান-প্ৰদান প্ৰশস্ত কৰে। ব্যক্তিজনৰ সন্মতি অবিহনে তথ্যৰ আদান-প্ৰদান কৰিব নোৱাৰি।

 

এজন ব্যক্তিয়ে পন্দ কৰিবলৈ বহু একাউন্ট এগ্ৰিগেটৰ থাকিব।

 

ব্লেংক চেক’ৰ গ্ৰহণযোগ্যতাৰ দীৰ্ঘ্য  চৰ্তৰাজিৰ স্থানত আপোনাৰ তথ্যৰ প্ৰতিবাৰ ব্যৱহাৰৰ অৰ্থে এটি কণাত্মক (granular), ধাপে-ধাপে অনুমতি আৰু নিয়ন্ত্ৰণসহ একাউন্ট এগ্ৰিগেটৰ প্ৰতিস্থাপন কৰা হৈছে।

 

2)নতুন একাউন্ট এগ্ৰিগেটৰ নেটৱৰ্কটোৱে এজন সাধাৰণ ব্যক্তিৰ বিত্তীয় জীৱন কিদৰে উন্নতি সাধন কৰিব?

 

আজি ভাৰতৰ বিত্তীয় ব্যৱস্থাত উপভোক্তাৰ বাবে বহু সমস্যাৰ উদ্ভৱ হৈছে বেংক ষ্টেটমেন্টসমূহৰ কায়িকভাৱে স্বাক্ষৰিত আৰু স্কেন কৰা কপিসমূহৰ আদান-প্ৰদান, নটাৰী বা ষ্টাম্প নথি-পত্ৰৰ বাবে দৌৰা-দৌৰি বা তৃতীয় পক্ষলৈ আপোনাৰ বিত্তীয় ইতিবৃত্ত আগবঢ়াবলৈ আপোনাৰ ব্যক্তিগত ইউজাৰনেম আৰু পাছৱৰ্ড আদান-প্ৰদান কৰিব লাগে। এই সকলোখিনিৰ স্থানত একাউন্ট এগ্ৰিগেটৰ নেটৱৰ্কটো প্ৰতিস্থাপন কৰা হৈছে যি এটা সৰল, বাইল-আধাৰিত, সহজ আৰু সুৰক্ষিত ডিজিটেল তথ্য সুগমতা ও আদান-প্ৰদান প্ৰক্ৰিয়া। ই নতুন ধৰণৰ সেৱাৰ অৰ্থে সুযোগ সৃষ্টি কৰিব উদাহৰণস্বৰূপে নতুন ধৰণৰ লোন।

 

ইয়াৰ অৰ্থে ব্যক্তিজনৰ বেংকে মাথো একাউন্ট এগ্ৰিগেটৰ নেটৱৰ্কটোৰে সংযুক্ত হব লাগে। নেটৱৰ্কটোত আঠটা বেংক ইতিমধ্যে আছে চাৰিটাই ইতিমধ্যে সন্মতিৰ ভিত্তিত তথ্যৰ আদান-প্ৰদান কৰিছে (এক্সিছ, আইচিআইচিআই, এইচডিএফচি আৰু ইণ্ডাছইণ্ড বেংক) আৰু চাৰিটা শীঘ্ৰেই এই ক্ষেত্ৰত সক্ষম হবলৈ আগবাঢ়িছে (ষ্টেট বেংক অৱ ইণ্ডিয়া, কটক মহিন্দ্ৰা বেংক, আইডিএফচি ফাৰ্ষ্ট বেংক আৰু ফেডাৰেল বেংক)

 

3) আধাৰ ইকেৱাইচি তথ্যৰ আদান-প্ৰদান, ক্ৰেডিট ব্যুৰ তথ্যৰ আদান-প্ৰদান আৰু চিকেৱাইচিৰ দৰে প্লেটফৰ্মসমূহতকৈ একাউন্ট এগ্ৰিগেটৰ কেনেকৈ পৃথক?

 

আধাৰ ইকেৱাইচি আৰু চিকেৱাইচিয়ে মাথো কেৱাইচি উদ্দেশ্যৰ অৰ্থে চাৰি পৰিচয়’মূলক তথ্য আদান-প্ৰদানৰ অনুমতি দিছে (উদাহৰণস্বৰূপেঃ নাম, ঠিকনা, লিংগ, ইত্যাদি) একেদৰে, ক্ৰেডিট ব্যুৰ তথ্যই মাথো লোন হিষ্টৰী আৰু/বা ক্ৰেডিট স্কৰ প্ৰদৰ্শন কৰে। একাউন্ট এগ্ৰিগেটৰ নেটৱৰ্কে লেন-দেনৰ তথ্য বা ছেভিং/ডিপজিট/কাৰেন্ট একাউন্টৰপৰা বেংক ষ্টেটমেন্টৰ আদান-প্ৰদানৰ অনুমতি প্ৰদান কৰিছে।

 

4) কেনেধৰণৰ তথ্য আদান-প্ৰদান কৰিব পাৰি?

 

আজি, বেংকিং লেন-দেনৰ তথ্য সমগ্ৰ বেংকৰ সৈতে আদান-প্ৰদান কৰিবলৈ উপলব্ধ (উদাহৰণস্বৰূপেঃ কাৰেন্ট বা ছেভিং একাউন্টৰপৰা বেংক ষ্টেটমেন্ট) যাক নেটৱৰ্কটোত  পোৱা যায়।

 

ক্ৰমান্বয়ে এএ ফ্ৰেমৱৰ্কটোৱে আদান-প্ৰদানৰ বাবে সকলো বিত্তীয় তথ্য উপলব্ধ কৰি তুলিব। উপভোক্তাৰ বাবে কৰ তথ্য, পেঞ্চনৰ তথ্য, চিকিউৰিটি তথ্য (মিউচুৱেল ফাণ্ড আৰু ব্ৰকাৰেজ) আৰু বীমা তথ্য উপলব্ধ হৈ উঠিব। ইয়াক তদুপৰি এএৰ জৰিয়তে এজন ব্যক্তিলৈ হেল্থকেয়াৰ আৰু টেলিকম তথ্য সুগম কৰি তোলাৰ অৰ্থে বিত্তীয় খণ্ডৰ বাহিৰেও সম্প্ৰসাৰিত কৰা হব।

 

 

5) এএয়ে ব্যক্তিগত তথ্য দৰ্শন বা ‘এগ্ৰিগেট’ কৰিব পাৰেনে? তথ্যৰ এই আদান-প্ৰদান সুৰক্ষিতনে?

 

একাউন্ট এগ্ৰিগেটৰে তথ্য চাব নোৱাৰে; ই মাথো এজন ব্যক্তিৰ নিৰ্দেশনা আৰু সন্মতিৰ ওপৰত ভিত্তি কৰি ইয়াক এটা বিত্তীয় প্ৰতিষ্ঠানৰপৰা আন এটালৈ নিব পাৰে। নামটোৰ বিপৰীতে, তেওঁলোকে আপোনাৰ তথ্য এগ্ৰিগেট’ কৰিব নোৱাৰে। এএ আপোনাৰ তথ্য এগ্ৰিগেট কৰা আৰু আপোনাৰ বিস্তৃত প্ৰফাইল সৃষ্টি কৰা প্ৰযুক্তি কোম্পানীসমূহৰ দৰে নহয়।

 

এএয়ে আদান-প্ৰদান কৰা তথ্য প্ৰেৰকজনৰদ্বাৰা এনক্ৰিপ্ট কৰা হয় আৰু কেৱল গ্ৰহণকাৰীজনেহে ইয়াক ডিক্ৰিপ্ট কৰিব পাৰে। এণ্ড টু এণ্ড এনক্ৰিপশ্যন আৰু ডিজিটেল চিগনেছাৰ’ৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰে প্ৰক্ৰিয়াটোক কাগজৰ নথি-পত্ৰ আদান-প্ৰদানতকৈ অধিক বেছি সুৰক্ষিত কৰি তোলে।

 

6) এজন উপভোক্তাই তথ্য আদান-প্ৰদান কৰিব নোখোজাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে নে?

 

হয়। উপভোক্তাসকলৰ অৰ্থে এএৰ সৈতে পঞ্জীয়নভুক্ত হোৱাটো সম্পূৰ্ণভাৱে স্বেচ্ছামূলক যদি উপভোক্তাই সেৱা গ্ৰহণ কৰি থকা বেংকটো নেটৱৰ্কটোৰে সংযুক্ত হৈ থাকে, এজন লোকে এএত পঞ্জীয়নৰ কথা বিবেচনা কৰিব পাৰে, তেওঁ কোনটো একাউন্ট সংযুক্ত কৰিব খুজিছে সেয়া নিৰ্ধাৰণ কৰিব পাৰে আৰু একাউন্ট এগ্ৰিগেটৰৰ জৰিয়তে সন্মতি’ প্ৰদানৰ অৱস্থাত এজন নতুন ঋণদাতা বা বিত্তীয় প্ৰতিষ্ঠানলৈ কেতবোৰ নিৰ্দিষ্ট উদ্দেশ্যত তেওঁলোকৰ এটা একাউন্টৰপৰা তথ্য আদান-প্ৰদান কৰিব পাৰে। এজন গ্ৰাহকে যিকোনো সময়তেই আদান-প্ৰদানৰ অনুৰোধলৈ সন্মতি প্ৰত্যাখ্যান কৰিব পাৰে। যদি এজন উপভোক্তাই এটা নিৰ্দিষ্ট সময়সীমা (উদাহৰণস্বৰূপে লোনৰ সময়ছোৱাত) ত পুনৰাবৃত্তি (recurring) পদ্ধতিৰে তথ্যৰ আদান-প্ৰদান কৰিবলৈ সন্মত হয়, পাছত উপভোক্তাজনে একেদৰে যিকোনো সময়তে ইয়াক প্ৰত্যাহাৰ কৰিব পাৰে।

 

7) যদি এজন উপভোক্তাই মোৰ তথ্য এটা প্ৰতিষ্ঠানৰ সৈতে এবাৰ আদান-প্ৰদান কৰে, তেওঁলোকে কিমান দিনলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে?

 

তথ্যৰ আদান-প্ৰদানৰ অৰ্থে সন্মতিৰ সময়ত উপভোক্তাজনক গ্ৰহণকাৰী প্ৰতিষ্ঠানটোৱে এয়া লাভ কৰি থকাৰ সঠিক সময়সীমা অৱগত কৰা ব।

 

8) এজন গ্ৰাহকে কিদৰে এএৰ সৈতে পঞ্জীয়নভুক্ত হব পাৰে?

 

আপুনি এএৰ এপ বা ৱেবচাইটৰ জৰিয়তে তাৰ সৈতে পঞ্জীয়ন হব পাৰে। এএয়ে এটা হেণ্ডেল (ইউজাৰনেমৰ দৰে) আগবঢ়াব যাক সন্মতি প্ৰক্ৰিয়াটোৰ সময়ছোৱাত ব্যৱহাৰ কৰিব পৰা যাব।

 

আজি, এএ হিচাপে সঞ্চালনৰ অনুজ্ঞাৰে ডাউনলডৰ বাবে চাৰিটা এপ উপলব্ধ (Finvu, OneMoney, CAMS Finserv আৰু NADL) আৰু আন তিনিটাই আৰবিআইৰপৰা নীতিগত অনুমোদন লাভ কৰিছে (PhonePe, Yodlee আৰু Perfios) আৰু শীঘ্ৰেই এপ মুকলি কৰাৰ সম্ভাৱনা আছে।

 

9) এজন গ্ৰাহকে প্ৰতিটো এএৰ সৈতে পঞ্জীয়নভুক্ত হোৱাটো আৱশ্যক নে?

 

নহয়, এজন গ্ৰাহকে নেটৱৰ্কটোৰ যিকোনো বেংকৰপৰা তথ্য লাভ কৰিবলৈ যিকোনো এএৰ সৈতে পঞ্জীয়নভুক্ত হব পাৰে।

 

10) এই সুবিধা গ্ৰহণৰ বাবে এজন গ্ৰাহকে এএক ধন পৰিশোধ কৰিব লাগেনে?

 

এয়া এএটোৰ ওপৰত নিৰ্ভৰ কৰিব। কেতবোৰ এএ বিনামূলীয়া হব পাৰে কিয়নো তেওঁলোকে বিত্তীয় প্ৰতিষ্ঠানসমূহৰপৰা সেৱা মাচুল আদায় লয়। কিছুমানে সামান্য ইউজাৰ মাচুল লব পাৰে।

 

11) এজন গ্ৰাহকে তেওঁৰ বেংকে তথ্যৰ আদান-প্ৰদানৰ এএ নেটৱৰ্কটোত সংযুক্ত হোৱাৰ ক্ষেত্ৰত তেওঁ কেনে ধৰণৰ নতুন সেৱা লাভ কৰিব পাৰে?

 

এজন ব্যক্তিলৈ আগবঢ়োৱা দুটা মূল সেৱা হৈছে লোনৰ সুগমতা আৰু ধন ব্যৱস্থাপনাৰ সুগমতা। যদি এজন গ্ৰাহকে আজিয়েই এটা সৰু ব্যৱসায়িক বা ব্যক্তিগত লোন লাভ কৰিব খোজে, তেনে ক্ষেত্ৰত ঋণদাতা সৈতে বহু নথি-পত্ৰ আদান-প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। আজি এইটো এটা কষ্টকৰ আৰু হস্তসাধিত প্ৰক্ৰিয়া, যিয়ে লোনটো লাভ কৰাৰ ক্ষেত্ৰত বহু সময় লয়। একেদৰে, আজি ধন ব্যৱস্থাপনা কষ্টসাধ্য কিয়নো তথ্য ভিন্ন স্থানত মজুত থাকে আৰু বিশ্লেষণৰ বাবে একেলগে সহজে লাভ কৰিব নোৱাৰি।

 

একাউন্ট এগ্ৰিগেটৰৰ জৰিয়তে, এটা কোম্পানীয়ে টেম্পাৰ-প্ৰুফ সুৰক্ষিত তথ্য ক্ষীপ্ৰ আৰু সুলভভাৱে লাভ কৰিব পাৰে আৰু লোন মূল্যায়ন প্ৰক্ৰিয়াটোক ক্ষীপ্ৰতাৰে আগুৱাই নিব পাৰে যাৰ ফলত এজন গ্ৰাহকে এটা লোন লাভ কৰিব পাৰে। তদুপৰি, এজন গ্ৰাহকে কায়িকলেটাৰেল (physical collateral) অবিহনেই এটা লোন লাভ কৰিবলৈ সক্ষম হব পাৰে, ইয়াৰ অৰ্থে জিএছটি বা জিইএমৰ দৰে চৰকাৰী ব্যৱস্থাৰপৰা পোনপটীয়াকৈ ফিউছাৰ ইনভয়চ বা কেছ ফ্ল সন্দৰ্ভত নিৰ্ভৰযোগ্য তথ্য আদান-প্ৰদান কৰিব লাগিব।

 

 

*****



(Release ID: 1753720) Visitor Counter : 460