প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 24 AUG 2021 8:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

নেতাদ্বয়ে আফগানিস্তানত উদ্ভৱ হোৱা পৰিস্থিতি আৰু অঞ্চলটো আৰু বিশ্বখনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে উভয় কৌশলী অংশীদাৰে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ জ্যেষ্ঠ বিষয়াবৰ্গক সংযোগত থাকিবলৈ নিৰ্দেশনা আগবঢ়োৱাৰ অভিমত ব্যক্ত কৰে।

নেতাদ্বয়ে ক’ভিড মহামাৰীটোৰদ্বাৰা সৃষ্ট প্ৰত্যাহ্বান সত্বেও উভয় দেশৰ মাজত ‘বিশেষ আৰু বিশেষাধিকাৰসম্পন্ন কৌশলগত অংশীদাৰিত্ব’ ৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে। তেওঁলোকে ‘স্পুটনিক ভি’ ভেকচিনৰ যোগান আৰু উৎপাদনকে প্ৰমুখ্য কৰি ক’ভিড মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত অব্যাহত থকা দ্বিপাক্ষিক সহযোগিতাৰ শলাগ লয়।

নেতা দুজনে তদুপৰি ব্ৰিকছ সন্মিলন, ৰাষ্ট্ৰৰ এছচিঅ’ মুৰব্বীসকলৰ পৰিষদৰ বৈঠক আৰু ইষ্টাৰ্ণ ইকনমিক ফৰামত ভাৰতৰ অংশগ্ৰহণকে ধৰি আগন্তুক দ্বিপাক্ষিক সংযোগ সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰৱৰ্তী দ্বিপাক্ষিক সন্মিলনৰ অৰ্থে তেখেতে ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত আগমনলৈ বাট চাই ৰৈছে। দুয়োজন নেতাই বিশেষকৈ আফগানিস্তানৰ পৰিস্থিতিকে ধৰি দ্বিপাক্ষিক আৰু বৈশ্বিক প্ৰসংগসমূহত যোগাযোগ বৰ্তাই ৰখাত সন্মতি প্ৰকাশ কৰে।

***

DS/SH/SB



(Release ID: 1752511) Visitor Counter : 173