প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১ ছেপ্টেম্বৰত শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
31 AUG 2021 2:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে ১ ছেপ্টেম্বৰ ২০২১ তাৰিখে আবেলি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ১২৫ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব আৰু সমবেত লোকসকলক সম্বোধন কৰিব।
শ্ৰীলা ভক্তিবেদন্ত স্বামী প্ৰভুপদ জীৰ বিষয়ে
স্বামীজীয়ে ইণ্টাৰনেচনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা (ইস্কন) প্ৰতিষ্ঠা কৰিছিল যাক সাধাৰণতে ‘হৰে কৃষ্ণ আন্দোলন’ বুলি জনা যায়। ইস্কনে শ্ৰীমদ ভগৱদ গীতা আৰু অন্যান্য বৈদিক সাহিত্যক ৮৯ টা ভাষাত অনুবাদ কৰিছে। এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বত বৈদিক সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
স্বামীজীয়ে এশৰো অধিক মন্দিৰ স্থাপন কৰিছিল আৰু বিশ্ববাসীক ভক্তিযোগৰ শিক্ষাৰে শিক্ষিত কৰিবলৈ কেইবাখনো কিতাপ লিখিছিল।
অনুষ্ঠানটোত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীও উপস্থিত থাকিব।
****
DS/SH/KG
(ৰিলিজ আই ডি : 1752491)
অতিথি কক্ষ : 268
ত এই ৰিলিজটো পঢ়ক:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Bengali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam