প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জাৰ্মানীৰ ‘ফেডাৰেল চেঞ্চেলৰ’ ড০ এঞ্জেলা মৰ্কেলৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনৰে বাৰ্তালাপ
प्रविष्टि तिथि:
23 AUG 2021 8:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ ‘ফেডাৰেল চেঞ্চেলৰ’ ড০ এঞ্জেলা মৰ্কেলৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰে।
আফগানিস্থানৰ শেহতীয়া নিৰাপত্তাজনিত পৰিস্থিতি আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ লগতে সামগ্ৰিক ভাবে পৃথিৱীতে পৰিব পৰা প্ৰভাৱ সন্দৰ্ভত দুয়োগৰাকী শীৰ্ষ নেতাই আলোচনাত মিলিত হয়। তেওঁলোকে দেশখনৰ সংকটাৱস্থাত আৱদ্ধ হৈ পৰা লোকসকলক সৰ্বাধিক গুৰুত্ব প্ৰদানৰে তত্কালীন ভাবে দেশলৈ প্ৰত্যাৰ্পণ কৰাৰ লগতে সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰি শান্তি বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে।
আলোচনাকালত দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ প্ৰতিষেধক, জলবায়ু আৰু শক্তি সম্পৰ্কীয় প্ৰসংগত গুৰুত্ব প্ৰদান কৰি উন্নয়ণী সহযোগিতা আৰু বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্কক অধিক শক্তিশালী কৰি তোলাৰ দৰে দুয়োখন দেশৰ দ্বিপাক্ষিক কাৰ্যক্ৰমসমূহৰ সম্পৰ্কেও মত বিনিময় কৰে। নেতাদ্বয়ে ‘চিঅ’পি-২৬’ৰ আগন্তুক সভা আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে উথ্থাপন কৰা ‘সামুদ্ৰিক নিৰাপত্তা’ সম্পৰ্কীয় আলোচনাৰ প্ৰস্তাৱ সন্দৰ্ভতো বাৰ্তালাপ কৰে। আলোচনাত তেওঁলোকে ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত ‘সন্মিলিত সহযোগিতাৰ উত্তৰণ’ সন্দৰ্ভত দুয়োখন দেশে পোষণ কৰি অহা উমৈহতীয়া ধাৰণসমূহৰ ক্ষেত্ৰতো বিশেষ আলোচনা মিলিত হয়।
***
DS/SH/KB
(रिलीज़ आईडी: 1750461)
आगंतुक पटल : 205
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada