কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

চৰকাৰে চেনী ছিজন ২০২১-২২ৰ বাবে চেনী মিলৰ দ্বাৰা দেয় কুঁহিয়াৰৰ উচিত আৰু লাভজনক মূল্যৰ নিৰ্ধাৰণক স্বীকৃতি দিছে


কুঁহিয়াৰ খেতিয়কৰ বাবে এতিয়ালৈকে উচ্চতম উচিত আৰু লাভজনক মূল্য প্ৰতি কুইণ্টলত ২৯০ টকা স্বীকৃতি প্ৰদান

এই নিৰ্ণয়ৰ ফলত ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ আশ্ৰিতৰ লগতে চেনী মিল আৰু সম্পৰ্কিত সহায়ক কাৰ্যকলাপত কৰ্মৰত ৫ লাখ শ্ৰমিক লাভবান হ'ব

এই নিৰ্ণয়ে উপভোক্তাৰ হিত আৰু কুঁহিয়াৰ খেতিয়কৰ হিতৰ মাজত সন্তুলন স্থাপন কৰিছে

Posted On: 25 AUG 2021 2:07PM by PIB Guwahati

কুঁহিয়াৰ খেতিয়কৰ হিতৰ কথা লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰী মণ্ডলীয় সমিতিয়ে চেনী ছিজন ২০২১-২২ (অক্টোবৰ-ছেপ্টেম্বৰ)ৰ বাবে কুঁহিয়াৰৰ উচিত আৰু লাভজনক মূল্য (এফআৰপি) প্ৰতি কুইণ্টলত ২৯০ টকা স্বীকৃতি প্ৰদান কৰিছে। স্বীকৃতি অনুসৰি এই প্ৰত্যেক ০.১%ৰ আদায়ত (ৰিকভাৰী) ১০%তকৈ অধিক বৃদ্ধিৰ হেতু, আৰু এফআৰপিত ৰিকভাৰী হেতু প্ৰত্যেক ০.১%ৰ কমৰ বাবে প্ৰতি কুইণ্টলত ২.৯০ টকাৰ এক প্ৰিমিয়াম প্ৰদান কৰি ১০%ৰ মূল আদায় দৰৰ (ৰিকভাৰী ৰেট) বাবে ২৯০/- টকা প্ৰতি কুইণ্টলত হ'ব। সম্প্ৰতি, চৰকাৰে খেতিয়কৰ হিতৰ ৰক্ষাৰ বাবে এই সিদ্ধান্তও লৈছে যে সেই চেনী মিলৰ বিষয়ত কোনো কৰ্তন নহ'ব য'ত আদায় ৯.৫ শতাংশতকৈ কম। এনে খেতিয়কে কুঁহিয়াৰৰ বাবে বৰ্তমান চেনী ছিজন ২০২০-২১ত ২৭০.৭৫ টকা প্ৰতি কুইণ্টলৰ স্থানত অহা চেনী ছিজন ২০২১-২২ত ২৭৫.৫০ টকা প্ৰতি কুইণ্টলত পাব।

 

চেনী ছিজন ২০২১-২২ৰ বাবে কুঁহিয়াৰৰ উৎপাদন ব্যয় প্ৰতি কুইণ্টলত ১৫৫ টকা। ১০%ৰ আদায় দৰত (ৰিকভাৰী ৰেট) প্ৰতি কুইণ্টলত ২৯০ টকাৰ এই এফআৰপি উৎপাদন ব্যয়তকৈ ৮৭.১% অধিক, ই খেতিয়কক তেওঁলোকৰ ব্যয়ত ৫০%তকৈ অধিক ৰিটাৰ্ন দিয়াৰ প্ৰতিশ্ৰুতিও সুনিশ্চিত কৰিছে।

 

বৰ্তমান চেনী ছিজন ২০২০-২১ত ৯১,০০০ কোটি টকাৰ মূল্যৰ প্ৰায় ২,৯৭৬ লাখ টন কুঁহিয়াৰ চেনী মিলৰ দ্বাৰা ক্ৰয় কৰা হৈছে, যি এতিয়ালৈকে উচ্চতম স্তৰ আৰু ন্যূনতম সমৰ্থন মূল্যৰ সন্দৰ্ভত ধানৰ ফচল ক্ৰয়ৰ পিছত দ্বিতীয় স্থানত। অহা চেনী ছিজন ২০২১-২২ত কুঁহিয়াৰৰ উৎপাদনত কাংক্ষিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চেনী মিলৰ দ্বাৰা প্ৰায় ৩,০৮৮ লাখ টন কুঁহিয়াৰ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। কুঁহিয়াৰ খেতিয়কৰ বাবে যাবলগীয়া মুঠ টকা প্ৰায় ১,০০,০০০ কোটি টকা হ'ব। চৰকাৰে নিজৰ কৃষক হিতৈষী উপায়বিলাকৰ মাধ্যমত এই কথা সুনিশ্চিত কৰা হ'ব যে কুঁহিয়াৰ খেতিয়কে তেওঁলোকৰ বকেয়া ধনৰাশি সময়মতে পায়।

 

স্বীকৃত এফআৰপি চেনী মিলৰ দ্বাৰা চেনী ছিজন ২০২১-২২ (১ অক্টোবৰ, ২০২১ৰ পৰা আৰম্ভ)ত খেতিয়কৰ পৰা কুঁহিয়াৰ ক্ৰয়ৰ বাবে প্ৰযোজ্য হ'ব। চেনী ক্ষেত্ৰ এক গুৰুত্বপূৰ্ণ কৃষি-আধাৰিত ক্ষেত্ৰ যি কৃষি শ্ৰম আৰু পৰিবহন সহিতে বিভিন্ন সহায়ক কাৰ্যকলাপত কৰ্মৰত লোকৰ উপৰিও প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ আশ্ৰিত তথা চেনী মিলত পোনপটীয়াকৈ কৰ্মৰত প্ৰায় ৫ লাখ শ্ৰমিকৰ জীৱিকাৰ সৈতে জড়িত হৈ আছে।

 

পৃষ্ঠভূমিঃ

এফআৰপিৰ নিৰ্ধাৰণ কৃষি ব্যয় আৰু মূল্য আয়োগ (চিএচিপি)ৰ পৰামৰ্শৰ আধাৰত আৰু ৰাজ্য চৰকাৰ তথা অন্য হিতধাৰকৰ পৰামৰ্শৰ পিছত কৰা হৈছে।

 

যোৱা ৩টা চেনী ছিজন ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ত, প্ৰায় ৬.২ লাখ মেট্ৰিক টন (এলএমটি), ৩৮ এলএমটি আৰু ৫৯.৬০ এলএমটি চেনী ৰপ্তানি কৰা হৈছে। বৰ্তমান চেনী ছিজন ২০২০-২১ (অক্টোবৰ-ছেপ্টেম্বৰ)ত, ৬০ এলএমটিৰ ৰপ্তানি লক্ষ্য অনুসৰি প্ৰায় ৭০ এলএমটিৰ ব্যৱস্থাপনাত হস্তাক্ষৰ কৰা হৈছে আৰু ২৩ আগষ্ট, ২০২১লৈকে ৫৫ এলএমটিৰ অধিকৰ বাস্তৱিক ৰূপত দেশৰ পৰা ৰপ্তানি কৰা হৈছে। চেনীৰ ৰপ্তানিৰ জৰিয়তে চেনী মিলৰ তৰলতাত সংশোধন হৈছে যাৰ জৰিয়তে তেওঁলোকে খেতিয়কৰ বকেয়া কুঁহিয়াৰৰ মূল্য আদায় কৰিবলৈ সক্ষম হৈছে। চৰকাৰে চেনী মিলক অতিৰিক্ত কুঁহিয়াৰক পেট্ৰ'লৰ সৈতে মিশ্ৰিত ইথানললৈ ৰূপান্তৰ কৰিবলৈ উদগণি দি আছে, যি কেৱল সেউজ ইন্ধনৰ ৰূপতেই কাম নকৰে বৰং কেঁচা তেলৰ আমদানি সন্দৰ্ভত বিদেশী মুদ্ৰাৰ ৰাহিও কৰে। যোৱা দুটা চেনী ছিজন ১০১৮-১৯ আৰু ২০১৯-২০ত, প্ৰায় ৩.৩৭ এলএমটি আৰু ৯.২৬ এলএমটি চেনীক ইথানললৈ পৰিৱৰ্তিত কৰা হৈছে। বৰ্তমান চেনী ছিজন ২০২০-২১ত ২০ লাখ মেট্ৰিক টনতকৈ অধিক পৰিৱৰ্তিত কৰাৰ সম্ভাৱনা আছে। অহা চেনী ছিজন ২০২১-২২ত প্ৰায় ৩৫ এলএমটি চেনীক ইথানললৈ পৰিৱৰ্তিত কৰাৰ অনুমান কৰা হৈছে আৰু ২০২৪-২৫ পৰ্যন্ত প্ৰায় ৬০ এলএমটি চেনীক ইথানললৈ পৰিৱৰ্তিত কৰাৰ লক্ষ্য আছে, যি অতিৰিক্ত কুঁহিয়াৰৰ সমস্যাৰ লগতে বিলম্বিত ধনাদায়ৰো সমাধান কৰিব আৰু ইয়াৰ ফলত কুঁহিয়াৰ খেতিয়কে সময়মতে তেওঁলোকৰ প্ৰাপ্যও লাভ কৰিব।

 

যোৱা তিনিটা চেনী ছিজনত তেল বিপণন কোম্পানীক (অ'এমচি) ইথানলৰ বিক্ৰীৰ পৰা চেনী মিল/ডিষ্টিলেৰিজৰ দ্বাৰা ২২,০০০ কোটি টকাৰ ৰাজহ সৃষ্টি কৰা হয়। বৰ্তমান চেনী ছিজন ২০২০-২১ত চেনী মিলে অ'এমচিক ইথানল বিক্ৰীৰ পৰা প্ৰায় ১৫.০০০ কোটি টকাৰ ৰাজহ লাভ কৰে।

 

যোৱা চেনী ছিজন ২০১৯-২০ত প্ৰায় ৭৫,৮৪৫ কোটি টকাৰ কুঁহিয়াৰ বকেয়া দেয় আছিল, যাৰ ভিতৰত ৭৫,৭০৩ কোটি টকা আদায় দিয়া হৈছে আৰু এতিয়া কেৱল ১৪২ কোটি টকা বকেয়া আছে। সম্প্ৰতি, বৰ্তমানৰ চেনী ছিজন ২০২০-২১ত ৯০,৯৫৯ কোটি টকাৰ কুঁহিয়াৰ বকেয়াৰ ভিতৰত ২৩ আগষ্ট, ২০২১লৈকে খেতিয়কক ৮৬,২৩৮ কোটি টকাৰ কুঁহিয়াৰ বকেয়া ধনৰাশি আদায় দিয়া হৈছে। কুঁহিয়াৰৰ ৰপ্তানিত বৃদ্ধি আৰু কুঁহিয়াৰৰ পৰা ইথানল বনোৱাৰ প্ৰক্ৰিয়াৰ জৰিয়তে খেতিয়কৰ কুঁহিয়াৰৰ মূল্য আদায়ত দ্ৰুততা আহিছে। 

 

****

DS



(Release ID: 1750443) Visitor Counter : 215