প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ বিনিয়োগকাৰী সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ

ভেহিকল স্ক্ৰেপেজ পলিচীৰ শুভাৰম্ভ

আমাৰ লক্ষ্য হৈছে এটা কাৰ্য্যকৰী বৃত্তাকাৰ অৰ্থনীতি গঢ়ি তোলা আৰু পৰিবেশগতভাৱে দায়বদ্ধ হৈ থাকি সকলো অংশীদাৰলৈ মূল্যৰ সঞ্চাৰ ঘটোৱাঃ প্ৰধানমন্ত্ৰী

ভেহিকল স্ক্ৰেপেজ পলিচীয়ে দেশখনৰ যান-বাহনৰ আবাদীৰ আধুনিকীকৰণত এটা বৃহৎ ভূমিকা পালন কৰি বিজ্ঞানসন্মতভাৱে আনফিট বাহনসমূহ পথৰপৰা আঁতৰ কৰিবঃ প্ৰধানমন্ত্ৰী

স্বচ্ছ, যানজট মুক্ত আৰু আৰামদায়ক যাতায়াতৰ লক্ষ্য হৈছে ২১ শতিকাৰ ভাৰতৰ বাবে অপৰিহাৰ্য্যঃ প্ৰধানমন্ত্ৰী

এই নীতিয়ে ১০ হাজাৰ কোটি টকাৰো অধিক নতুন বিনিয়োগৰ সঞ্চাৰ আৰু হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

আৱৰ্জনাৰপৰা সম্পদলৈ বৃত্তাকাৰ অৰ্থনীতিত নতুন স্ক্ৰেপিং পলিচী হৈছে এটি গুৰুত্বপূৰ্ণ যোগসূত্ৰঃ প্ৰধানমন্ত্ৰী

পুৰণি বাহনৰ স্ক্ৰেপিং চাৰ্টিফিকেট থকা ব্যক্তিয়ে নতুন বাহন ক্ৰয়ত পঞ্জীয়নৰ অৰ্থে কোনো ধন পৰিশোধ কৰিব নালাগে, পথ কৰতো অলপ ৰেহাই লাভ কৰিবঃ প্ৰধানমন্ত্ৰী

অট’ মেনুফেক্সাৰিঙৰ ভেল্যু শৃংখলৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ অৰ্থে এয়া আমাৰ প্ৰচেষ্টাঃ প্ৰধানমন্ত্ৰী

ইথানল, হাইড্ৰ’জেন ইন্ধন, ইলেকট্ৰিক ম’বিলিটি, গৱেষণা ও উন্নয়ন আৰু আন্

Posted On: 13 AUG 2021 12:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ বিনিয়োগকাৰী সন্মিলন সম্বোধন কৰে। স্বেচ্ছামূলক ভেহিকল-ফ্লীট আধুনিকীকৰণ কাৰ্য্যক্ৰম বা বাহন স্ক্ৰেপিং নীতিৰ অধীনত বাহন স্ক্ৰেপিং আন্তঃগাঁথনি স্থাপনৰ অৰ্থে বিনিয়োগ আহ্বান কৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হয়। ইয়াত তদুপৰি এটা সংহত স্ক্ৰেপিং হাবৰ বিকাশ সাধনৰ অৰ্থে আলঙস্থিত শ্বীপ ব্ৰেকিং ইণ্ডাষ্ট্ৰীৰদ্বাৰা উপস্থাপন কৰা সমন্বয়তো গুৰুত্ব আৰোপ কৰা হৈছে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় পথ পৰিবহণ ও ঘাইপথ মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকে।

আজি শুভাৰম্ভ কৰা ভেহিকল স্ক্ৰেপেজ পলিচী হৈছে ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটি লক্ষ্যণীয় মাইলৰ খুঁটি। ভেহিকল স্ক্ৰেপিং আন্তঃগাঁথনি স্থাপনৰ অৰ্থে গুজৰাটৰ বিনিয়োগকাৰী সন্মিলনে এলানি নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিছে। বাহন স্ক্ৰেপিঙে পৰিবেশ অনুকূলভাৱে আনফিট আৰু প্ৰদূষণ সৃষ্টিকাৰী বাহনসমূহ ফেজ আউট কৰাত সহায় কৰিব। “আমাৰ লক্ষ্য হৈছে এটা কাৰ্য্যকৰী বৃত্তাকাৰ অৰ্থনীতি গঢ়ি তোলা আৰু পৰিবেশগতভাৱে দায়বদ্ধ হৈ থাকি সকলো অংশীদাৰলৈ মূল্যৰ সঞ্চাৰ ঘটোৱা'', এই কাৰ্য্যসূচীৰ পূৰ্বে এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ৰাষ্ট্ৰীয় অট’ম’বাইল স্ক্ৰেপেজ নীতিখনি শুভাৰম্ভ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই নীতিয়ে অট’ খণ্ডটো আৰু নব্য ভাৰতৰ যাতায়াত ব্যৱস্থাক এটি নতুন পৰিচয় প্ৰদান কৰিবলৈ আগবাঢ়িছে। এই পলিচীয়ে দেশখনৰ যান-বাহনৰ আবাদীৰ আধুনিকীকৰণত এটা বৃহৎ ভূমিকা পালন কৰি বিজ্ঞানসন্মতভাৱে আনফিট বাহনসমূহ পথৰপৰা আঁতৰ কৰিব। তেখেতে কয় যে যাতায়াতত আধুনিকতাৰ পৰশে, ভ্ৰমণ আৰু পৰিবহণৰ বোজা লাঘৱ কৰাই নহয়, অৰ্থনৈতিক উন্নয়নৰ বাবেও সহায়ক হৈ উঠিব। স্বচ্ছ, যানজট মুক্ত আৰু আৰামদায়ক যাতায়াতৰ লক্ষ্য হৈছে ২১ শতিকাৰ ভাৰতৰ বাবে অপৰিহাৰ্য্য।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বৃত্তাকাৰ অৰ্থনীতি আৰু আৱৰ্জনাৰপৰা সম্পদলৈ অভিযানত নতুন স্ক্ৰেপিং পলিচী হৈছে এটি গুৰুত্বপূৰ্ণ যোগসূত্ৰ। এই নীতিয়ে তদুপৰি দেশখনৰ চহৰসমূহত প্ৰদূষণ হ্ৰাস আৰু পৰিবেশ সুৰক্ষা আৰু দ্ৰুত উন্নয়ন নিশ্চিতকৰণৰ অৰ্থে আমাৰ অংগীকাৰক প্ৰতিফলিত কৰিছে। ৰিইউজ, ৰিচাইকল আৰু ৰিক’ভাৰী নীতি অনুসৰণেৰে এই পলিচীয়ে তদুপৰি অট’ খণ্ড আৰু ধাতু খণ্ডত দেশখনৰ আত্ম-নিৰ্ভৰতাক প্ৰোৎসাহিত কৰিব। এই নীতিয়ে ১০ হাজাৰ কোটি টকাৰো অধিক নতুন বিনিয়োগৰ সঞ্চাৰ আৰু হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে স্বাধীনতাৰ ৭৫ বছৰত পদাৰ্পণৰ লগে-লগে পৰৱৰ্তী ২৫ বছৰ হৈছে অতি গুৰুত্বপূৰ্ণ। তেখেতে কয়, অহা ২৫ বছৰত ব্যৱসায় কৰাৰ ধৰণ আৰু দৈনন্দিন জীৱন যাত্ৰাত বহু পৰিৱৰ্তন আহি পৰিব। এই পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত তেখেতে কয়, আমাৰ পৰিবেশ, আমাৰ ভূমি, আমাৰ সম্পদ আৰু আমাৰ কেঁচা সামগ্ৰী সুৰক্ষিত কৰাটো সমানেই গুৰুত্বপূৰ্ণ। তেখেতে কয়, আমি ভৱিষ্যতে উদ্ভাৱন আৰু প্ৰযুক্তি সন্দৰ্ভত কাম কৰিব পাৰো, কিন্তু আমি পৃথিৱী মাতৃৰপৰা লাভ কৰা সম্পদৰাজি আমাৰ হাতত নাই।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি এহাতেদি ভাৰতে গভীৰ সামুদ্ৰিক অভিযানৰ জৰিয়তে নতুন সম্ভাৱনাসমূহৰ অন্বেষণ কৰি আছে, অন্যহাতেদি তদুপৰি বৃত্তাকাৰ অৰ্থনীতিক উৎসাহ যোগাইছে। তেখেতে লগতে কয় যে বহনক্ষম আৰু পৰিবেশ অনুকূল উন্নয়নৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শক্তি খণ্ডটোত সম্পন্ন হোৱা অভূতপূৰ্ব কৰ্মৰাজিৰ কথা উল্লেখ কৰে। ভাৰতে সৌৰ আৰু পৱন শক্তিৰ ক্ষেত্ৰত শীৰ্ষ স্থানত থকা দেশসমূহৰ তালিকাত প্ৰৱেশ কৰিছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আৱৰ্জনাৰপৰা সম্পদ অভিযান স্বচ্ছতা আৰু আত্মনিৰ্ভৰতাৰে সংযোজিত হৈ আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পলিচীৰ জৰিয়তে সাধাৰণ নাগৰিক বহু ধৰণেৰে লাভান্বিত হ’ব। প্ৰথমটো উপযোগিতা হ’ব যে পুৰণি বাহনখনৰ স্ক্ৰেপিঙত এখন চাৰ্টিফিকেট প্ৰদান কৰা হ’ব। এই চাৰ্টিফিকেট থকা ব্যক্তিয়ে নতুন বাহন ক্ৰয়ত পঞ্জীয়নৰ অৰ্থে কোনো ধন পৰিশোধ কৰিব নালাগে। ইয়াৰ লগতে, তেওঁ পথ কৰতো অলপ ৰেহাই লাভ কৰিব। দ্বিতীয়টো লাভ হ’ব যে ইয়াৰ বাবে পুৰণি বাহনখনৰ পৰিচালনাৰ ব্যয়, মেৰামতিৰ ব্যয়, ইন্ধনৰ সক্ষমতাও ৰাহি হ’ব। তৃতীয়টো লাভ জীৱনৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কীয়। পুৰণি বাহন আৰু পুৰণি প্ৰযুক্তিৰ বাবে পথ দুৰ্ঘটনাৰ অধিক সম্ভাৱনাৰপৰা অলপ সকাহ লাভ কৰা যাব। চতুৰ্থতে, ই আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে নতুন পলিচীখনৰ অধীনত কেৱল বয়সৰ ওপৰত ভিত্তি কৰিয়েই বাহনসমূহ স্ক্ৰেপ কৰা নহয়। বাহনসমূহ অনুমোদিত, স্বয়ংক্ৰিয় টেষ্টিং চেন্টাৰৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে টেষ্ট কৰা হ’ব। আনফিট বাহনসমূহ বিজ্ঞানসন্মতভাৱে স্ক্ৰেপ কৰা যাব। ই সমগ্ৰ দেশখনতে পঞ্জীকৃত বাহন স্ক্ৰেপিং ব্যৱস্থাসমূহ প্ৰযুক্তি চালিত আৰু স্বচ্ছ হোৱাটো নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন নীতিয়ে স্ক্ৰেপ সম্পৰ্কীয় খণ্ডটোলৈ নতুন শক্তি আৰু সুৰক্ষাৰ সঞ্চাৰ কৰিব। কৰ্মচাৰী আৰু ক্ষুদ্ৰ উদ্যোগীসকলে এটা সুৰক্ষিত পৰিবেশ লাভ কৰিব আৰু আন সংগঠিত খণ্ডসমূহৰ কৰ্মচাৰীৰ দৰে লাভ আহৰণ কৰিব। তেওঁলোকে অনুমোদিত স্ক্ৰেপিং চেন্টাৰটোৰ বাবে কালেকশ্যন এজেন্ট হিচাপে কাম কৰিবলৈ সক্ষম হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিতাপেৰে কয় যে আমাৰ স্ক্ৰেপিং উৎপাদনশীল নোহোৱাৰ বাবে যোৱা বৰ্ষটোত আমি ২৩,০০০ কোটি মূল্যৰ স্ক্ৰেপ ষ্টীল আমদানি কৰিবলগীয়া হৈছিল আৰু আমি শক্তি আৰু দুৰ্লভ আৰ্থ মেটেল পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিলো।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিবলৈ ভাৰতীয় উদ্যোগক বহনক্ষম আৰু উৎপাদনশীল কৰি তোলাৰ অৰ্থে অবিৰাম পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে অট’ মেনুফেক্সাৰিঙৰ ভেল্যু শৃংখলৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ অৰ্থে এয়া আমাৰ প্ৰচেষ্টা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইথানল, হাইড্ৰ’জেন ইন্ধন বা ইলেকট্ৰিক ম’বিলিটিয়েই হওঁক, চৰকাৰখনৰ এই অগ্ৰাধিকাৰৰ সৈতে উদ্যোগটোৰ সক্ৰিয় অংশগ্ৰহণ আৱশ্যকীয়। গৱেষণা ও উন্নয়ন (R&D) ৰপৰা আন্তঃগাঁথনিলৈকে, উদ্যোগটোৱে ইয়াৰ অংশীদাৰ বঢ়াব লাগে। তেখেতে তেওঁলোকক পৰৱৰ্তী ২৫ বছৰৰ বাবে আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে ৰোডমেপ যুগুতৰ আহ্বান জনায়। ইয়াৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ চৰকাৰখন সাজু হৈ থকা বুলি তেখেতে আশ্বাস প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি, দেশখনে স্বচ্ছ, যানজট মুক্ত আৰু আৰামদায়ক যাতায়াতৰ অভিমুখে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত, পুৰণি ধৰণ আৰু পন্থাসমূহৰ পৰিৱৰ্তনৰ আৱশ্যকতা আহি পৰিছে। আজি ভাৰতে ইয়াৰ নাগৰিকলৈ বৈশ্বিক মানদণ্ডৰ সুৰক্ষা আৰু গুণমান আগবঢ়াবলৈ অংগীকাৰবদ্ধ আৰু বিএছ-৪ ৰপৰা বিএছ৬ লৈ ৰূপান্তৰৰ আঁৰত এই চিন্তা লুকাই আছে বুলি কৈ তেখেতে সামৰণি মাৰে।

 

****

DS/AK/SB



(Release ID: 1748161) Visitor Counter : 202