প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশত উজ্জ্বলা ২.০ (প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা- PMUY) ৰ শুভাৰম্ভণিত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

Posted On: 10 AUG 2021 3:09PM by PIB Guwahati

নমস্কাৰ,

মই সকলো মাতৃ আৰু ভগ্নীৰ সৈতে বাৰ্তালাপৰ সুযোগ লাভ কৰিছো। মই সুখী যে কেইটামান দিনৰ পাছতেই ৰাখী বন্ধন উৎসৱ পালন কৰা হ’ব আৰু মই আগতীয়াকৈ মাতৃ আৰু ভগ্নীসকলৰ আশীৰ্বাদ লাভ কৰিছো। আজি মই দেশখনৰ দৰিদ্ৰ, দলিত, অৱহেলিত, পাছপৰা আৰু জনজাতীয় পৰিয়ালসমূহৰ কোটি-কোটি ভগ্নীলৈ আন এটি উপহাৰ আগবঢ়োৱাৰ সুযোগ লাভ কৰিছো। আজি উজ্জ্বলা আঁচনিখনৰ পৰৱৰ্তী পৰ্য্যায়ৰ অংশ হিচাপে বহু ভগ্নীয়ে বিনামূলীয়া গেছৰ সংযোগ আৰু গেছ ষ্ট’ভ লাভ কৰিছে। মই পুনৰ এবাৰ আটাই হিতাধিকাৰীকে অভিনন্দন জনাইছো।

মাহোবাত উপস্থিত থকা মোৰ কেন্দ্ৰীয় কেবিনেটৰ সতীৰ্থ হৰদীপ সিং পুৰী জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, মোৰ আন এজন কেবিনেট সতীৰ্থ ৰামেশ্বৰ তেলী জী, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্য জী, ডঃ দীনেশ শৰ্মা জী, উত্তৰ প্ৰদেশ চৰকাৰৰ সকলো মন্ত্ৰী, সংসদত মোৰ সতীৰ্থ, সকলো সন্মানীয় বিধায়ক আৰু মোৰ ভ্ৰাতৃ আৰু ভগ্নীসকল,

উজ্জ্বলা আঁচনিখনে উজলাই তোলা পুৰুষ আৰু মহিলাৰ সংখ্যা অলেখ। ২০১৬ ত স্বাধীনতা সংগ্ৰামৰ পথিকৃৎ মংগল পাণ্ডে জীৰ স্মৃতি বিজড়িত উত্তৰ প্ৰদেশৰ বলিয়াত এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। আজি উত্তৰ প্ৰদেশৰ বীৰ ভূমি মাহোবাত উজ্জ্বলাৰ দ্বিতীয় পৰ্য্যায়ৰো আৰম্ভ কৰা হৈছে। মাহোবাই হওঁক বা বুন্দেলখণ্ডই হওঁক, এয়া হৈছে দেশখনৰ স্বাধীনতাৰ বাবে উদ্দীপিত ক্ষেত্ৰ। ইয়াৰ প্ৰতিটো কণিকাই ৰাণী লক্ষ্মীবাঈ, ৰাণী দুৰ্গাৱতী, মহাৰাজা ছাত্রচাল, বীৰ আল্হা আৰু উদালৰ দৰে বহু নায়কৰ বীৰগাঁথাৰ সুবাস বিয়পায়। দেশখনে দেশখনৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি থকা সময়তে, এই কাৰ্য্যক্ৰমো হৈছে আমাৰ মহান ব্যক্তিত্বসকলক স্মৰণৰ এটি উপলক্ষ।

বন্ধুসকল,

আজি মই তদুপৰি বুন্দেলখণ্ডৰ আন এজন মহান কৃতবিদ্য—মেজৰ ধ্যান চাঁদ, আমাৰ দাদা ধ্যান চাঁদক স্মৰণ কৰিছো। দেশখনৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাটিৰ নাম এতিয়া মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা। মই নিশ্চিত যে অলিম্পিকত আমাৰ যুৱ খেলুৱৈসকলৰ অভূতপূৰ্ব প্ৰদৰ্শনৰ শুভলগনত দাদাৰ নাম এতিয়া খেল ৰত্নৰ সৈতে জড়িত হৈ পৰাত লাখ-লাখ, কোটি-কোটি যুৱ সমাজক অনুপ্ৰাণিত কৰিব। এইবাৰ আমাৰ খেলুৱৈসকলে পদক অৰ্জন কৰাই নহয়, বৰঞ্চ বহু ইভেন্টত ভাল প্ৰদৰ্শনেৰে এটা উজ্জ্বল ভৱিষ্যতৰ আভাস দাঙি ধৰিছে।

ভ্ৰাতৃ আৰু ভগ্নীসকল,

আমি স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰিবলৈ আগবাঢ়িছো। কিন্তু, যদি আমি যোৱা চাৰে সাত দশকৰ প্ৰগতি প্ৰত্যক্ষ কৰো, আমি অনুভৱ কৰিম যে এনে কেতবোৰ পৰিস্থিতি আছে, যিসমূহ বহু দশকৰ পূৰ্বেই সলনি কৰিব পৰা গ’লহেঁতেন। কেতবোৰ প্ৰাথমিক প্ৰয়োজন যথাঃ গৃহ, বিদ্যুৎ, পানী, টয়লেট, গেছ, পথ, চিকিৎসালয় আৰু বিদ্যালয়, যাৰ বাবে দেশবাসীয়ে কেইবাদশক ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। এয়া দুৰ্ভাগ্যজনক। দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলকে প্ৰমুখ্য কৰি আমাৰ মাতৃ আৰু ভগ্নীসকলে ইয়াৰ বাবে (অনীহা) অশেষ কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। ঘৰৰ মূধচেদি পানী পৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল মাতৃসকল। বিদ্যুৎ নথকাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল মাতৃসকল। প্ৰদূষিত পানী সেৱনৰ বাবে পৰিয়ালৰ সদস্যসমূহ ৰোগত আক্ৰান্ত হোৱাৰ বাবেও সৰ্বাধিক সমস্যাৰ সন্মুখীন হ’বলগা হৈছিল মাতৃগৰাকীয়েই। টয়লেটৰ অভাৱৰ বাবে মাতৃ আৰু জীয়ৰীসকলে আন্ধাৰলৈ অপেক্ষা কৰিবলগীয়া হোৱাটো আছিল সমস্যা। যদি বিদ্যালয়ত পৃথক টয়লেট নাথাকিলহেঁতেন, তেতিয়া আমাৰ কন্যাসকল সমস্যাৰ সন্মুখীন হ’লহেঁতেন। আমাৰ দৰে বহু প্ৰজন্মই জুহালত প্ৰচণ্ড গৰমত মাতৃৰ চকু পানী ওলাই যোৱা দৃশ্য প্ৰত্যক্ষ কৰি ডাঙৰ হৈছে।

বন্ধুসকল,

এনে পৰিস্থিতিত আমি স্বাধীনতাৰ ১০০ বছৰৰ অভিমুখে অগ্ৰসৰ হ’ব পাৰো জানো? আমি কেৱল প্ৰাথমিক প্ৰয়োজনসমূহ পূৰণতেই আমাৰ শক্তি ব্যয় কৰি থাকিম নে? এটা পৰিয়াল, এখন সমাজে যদি প্ৰাথমিক সুবিধাসমূহৰ বাবেই সংগ্ৰাম কৰি থাকিবলগীয়া হয়, তেন্তে তেওঁলোকে কিদৰে তেওঁলোকৰ বৃহৎ সপোনসমূহ পৰিপূৰণ কৰিব পাৰিব? সমাজে এই প্ৰত্যয় আৰু সপোন পূৰ্ণ কৰিবলৈ বিশ্বাস আহৰণ নকৰাকৈ এয়া কিদৰে পূৰ্ণ হ’ব? আৰু আত্ম-বিশ্বাস অবিহনে কিদৰে এখন দেশ আত্ম-নিৰ্ভৰ হৈ উঠিব?

ভ্ৰাতৃ আৰু ভগ্নীসকল,

২০১৪ ত যেতিয়া দেশখনে আমাক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল, আমি নিজকে এই প্ৰশ্নসমূহ সুধিছিলো। এটা কথা স্পষ্ট যে আমি অতি কম সময়ৰ ভিতৰতে এই সমস্যাৰাজিৰ সমাধান বিচাৰি পাইছিলো। যেতিয়া সৰ্বপ্ৰথমে ঘৰ আৰু আখলৰে সম্পৰ্কীয় সমস্যাৰাজি সমাধান কৰা যাব, তেতিয়াহে মাথো আমাৰ জীয়ৰীসকলে ঘৰ আৰু আখলৰপৰা ওলাই আহিবলৈ সক্ষম হ’ব আৰু ৰাষ্ট্ৰ নিৰ্মাণত বিস্তৃতভাৱে বৰঙণি যোগান ধৰিব পাৰিব। সেয়েহে, সমাধানৰ অৰ্থে যোৱা ৬-৭ বছৰত মিছন ম’ডত সকলোখিনি সম্পন্ন কৰা হয়। স্বচ্ছ ভাৰত অভিযানৰ অধীনত সমগ্ৰ দেশখনতে কোটি-কোটি টয়লেট নিৰ্মাণ কৰা হয়। প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত ২ কোটিৰো অধিক দৰিদ্ৰ লোকৰ পকা ঘৰ নিৰ্মাণ কৰা যায়। এই গৃহসমূহৰ গৰিষ্ঠসংখ্যকৰ মালিকীস্বত্ব আমাৰ ভগ্নীসকলক প্ৰদান কৰা গৈছে। আমি কেইবা হাজাৰ কিলোমিটাৰ গ্ৰামীণ পথ নিৰ্মাণ কৰিলো আৰু সৌভাগ্য যোজনাৰ জৰিয়তে প্ৰায় ৩ কোটি পৰিয়াললৈ বিদ্যুতৰ সংযোগ আগবঢ়াইছো। আয়ুষ্মান ভাৰত আঁচনিয়ে ৫০ কোটিৰো অধিক লোকক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে। মাত্ৰু বন্দনা যোজনাৰ অধীনত গৰ্ভাৱস্থাত টীকাকৰণ আৰু পুষ্টিকৰ খাদ্যৰ বাবে প্ৰসূতিসকলৰ বেংক একাউন্টত কেইবা হাজাৰ টকা পোনপটীয়াভাৱে জমা হৈছে। জন ধন যোজনাৰ অধীনত কোটি-কোটি ভগ্নীৰ বেংক একাউন্ট খোলা যায়, য’ত ক’ৰোনাৰ সময়ছোৱাত চৰকাৰখনে প্ৰায় ৩০,০০০ কোটি টকা জমা কৰে। এতিয়া জল জীৱন অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰিয়ালৰ আমাৰ ভগ্নীসকললৈ পাইপেৰে বিশুদ্ধ পানী যোগানৰ কাম অব্যাহত আছে।

বন্ধুসকল,

ভগ্নীসকলৰ স্বাস্থ্য, আৰাম আৰু সবলীকৰণ নিশ্চিতকৰণৰ সংকল্পত উজ্জ্বলা যোজনাই বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আঁচনিখনৰ প্ৰথম পৰ্য্যায়ত, আঠ কোটি দৰিদ্ৰ, দলিত, অৱহেলিত, পাছপৰা আৰু জনজাতীয় পৰিয়ালক বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰা যায়। ক’ৰোনাৰ সময়ছোৱাত আমি ইয়াৰ লাভ প্ৰত্যক্ষ কৰো। যেতিয়া চলা-ফুৰা বন্ধ আছিল আৰু ব্যৱসায়-বাণিজ্য স্তব্ধ হৈ পৰিছিল, তেতিয়া কেইবা মাহৰ বাবে কোটি-কোটি দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰা গৈছিল। কল্পনা কৰকচোন, উজ্জ্বলা আঁচনিখন নথকাহ’লে সংকটৰ এই সময়ত আমাৰ দৰিদ্ৰ ভগ্নীসকলে কেনে অৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন?

বন্ধুসকল,

উজ্জ্বলা আঁচনিখনৰ আন এটি প্ৰভাৱ হৈছে সমগ্ৰ দেশখনতে এলপিজি গেছ সম্পৰ্কীয় আন্তঃগাঁথনি বহুগুণে সম্প্ৰসাৰিত হৈ পৰা। যোৱা ৬-৭ বছৰত, সমগ্ৰ দেশখনতে ১১,০০০ ৰোধিক নতুন এলপিজি বিতৰণ কেন্দ্ৰ মুকলি কৰা হয়। ২০১৪ ত উত্তৰ প্ৰদেশত বিতৰণ কেন্দ্ৰ ২,০০০ তকৈ কম আছিল। আজি এয়া ৪,০০০ ৰোধিক হৈ পৰে। ইয়াৰ বাবে, হাজাৰ-হাজাৰ যুৱকে কৰ্ম-সংস্থাপন লাভ কৰে আৰু দ্বিতীয়তে, পূৰ্বে গেছ সংযোগৰপৰা বঞ্চিত হ’বলগীয়া হোৱা পৰিয়ালসমূহে এয়া লাভ কৰে। ভাৰতৰ গেছ ক’ভাৰেজ ১০০% হ’বলৈ অলপ বাকী থকাৰ পৰিপ্ৰেক্ষিতত এনে হৈছে। দেশখনত ২০১৪ লৈৰ তুলনাত যোৱা ৭ বছৰত অধিক গেছ সংযোগ প্ৰদান কৰা হয়। পূৰ্বৰ দৰে চিলিণ্ডাৰৰ বুকিং আৰু ডেলিভাৰীৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ অব্যাহত আছে।

ভ্ৰাতৃ আৰু ভগ্নীসকল,

উজ্জ্বলা আঁচনিখনত বৰ্তমানে থকা সুবিধাসমূহত আজি আৰু এটাৰ সংযোজন ঘটে। বুন্দেলখণ্ডকে ধৰি সমগ্ৰ উত্তৰ প্ৰদেশ আৰু আন-আন ৰাজ্যসমূহৰ আমাৰ গৰিষ্ঠসংখ্যক কমৰেডে কাম কৰিবলৈ গাঁৱৰপৰা আন ৰাজ্যৰ চহৰসমূহলৈ যায়। কিন্তু তেওঁলোকে এড্ৰেছ প্ৰুফৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। উজ্জ্বলা আঁচনিখনৰ দ্বিতীয় পৰ্য্যায়ে এনে লাখ-লাখ পৰিয়ালক সৰ্বাধিক সহায় আগবঢ়াবলৈ অগ্ৰসৰ হৈছে। এতিয়া মোৰ শ্ৰমিক বন্ধুসকলে এড্ৰেছ প্ৰুফৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়। আপোনালোকৰ সাধুতাক লৈ চৰকাৰখনৰ পূৰ্ণ বিশ্বাস আছে। আপোনালোকে আপোনালোকৰ ঠিকনাৰ লিখিতভাৱে স্ব-ঘোষণা আগবঢ়ালেই গেছ সংযোগ লাভ কৰিব।

বন্ধুসকল,

এতিয়া চৰকাৰখনে আপোনালোকে পাকঘৰত পাইপেৰে পানীৰ সংযোগ লাভ কৰাৰ লেখীয়াকৈ গেছ যোগান ধৰাৰ অৰ্থে কাম অব্যাহত ৰাখিছে। এই পিএনজি চিলিণ্ডাৰতকৈ অধিক সস্তীয়াও। উত্তৰ প্ৰদেশকে ধৰি পূব ভাৰতৰ বহু জিলাত পিএনজি সংযোগ প্ৰদানৰ কাম তীব্ৰগতিত চলি আছে। প্ৰথম পৰ্য্যায়টোত, উত্তৰ প্ৰদেশৰ ৫০ ৰোধিক জিলাত প্ৰায় ২১ লাখ গৃহস্থীক সংযোগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। একেদৰে, চিএনজি-নিৰ্ভৰ পৰিবহণৰ অৰ্থে ব্যাপক প্ৰচেষ্টা অব্যাহত আছে।

ভ্ৰাতৃ আৰু ভগ্নীসকল,

যেতিয়া সপোন ডাঙৰ হয়, ইয়াক বাস্তৱায়িতকৰণৰ অৰ্থে প্ৰচেষ্টাও সমানেই ডাঙৰ হোৱা উচিত। আজি বিশ্ব জৈৱ-ইন্ধন দিৱস উপলক্ষে, আমি আমাৰ লক্ষ্যসমূহ পুনৰাই স্মৰণ কৰিব লাগে। আমি অলপতে এখনি চমু তথ্যচিত্ৰত জৈৱ-ইন্ধনৰ ক্ষেত্ৰত কি হৈ আছে সেয়া প্ৰত্যক্ষ কৰিলো। জৈৱ-ইন্ধন কেৱল স্বচ্ছ ইন্ধনেই নহয়; বৰঞ্চ ই হৈছে ইন্ধনৰ আত্ম-নিৰ্ভৰতাৰ ইঞ্জিনটোৰ গতি ত্বৰান্বিতকৰণৰ এটি মাধ্যম, দেশখনৰ উন্নয়নৰ ইঞ্জিনটোৰ গতি ত্বৰান্বিতকৰণৰ এটি মাধ্যম আৰু গাঁওসমূহৰ উন্নয়নৰ ইঞ্জিনটোৰ গতি ত্বৰান্বিতকৰণৰ এটি মাধ্যম। জৈৱ-ইন্ধন হৈছে এনে এটা শক্তি যাক আমি গৃহস্থী আৰু কৃষিজাত আৱৰ্জনা, উদ্ভিদ তথা পচা শস্যৰপৰা লাভ কৰিব পাৰো। দেশখনে জৈৱ-ইন্ধন-ইথানল লক্ষ্য সন্দৰ্ভত কাম কৰি আছে। যোৱা ৬-৭ বছৰত, আমি পেট্ৰলৰ ১০ শতাংশ ব্লেণ্ডিঙৰ লক্ষ্যৰ ওচৰ চাপি আহো। অহা ৪-৫ বছৰত, ২০ শতাংশ ব্লেণ্ডিঙৰ লক্ষ্যত উপনীত হ’বলৈ অগ্ৰসৰ হৈছো। দেশখনত ১০০% ইথানল চালিত বাহন নিৰ্মাণৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

বন্ধুসকল,

ইথানলে যাতায়াত সুলভ কৰি তুলিব আৰু পৰিবেশো সুৰক্ষিত কৰিব। কিন্তু উত্তৰ প্ৰদেশকে প্ৰমুখ্য কৰি আমাৰ কৃষক আৰু যুৱ সমাজে বৃহৎ লাভ অৰ্জন কৰিব। যেতিয়া কুঁহিয়াৰৰপৰা ইথানল প্ৰস্তুতৰ এটা বিকল্প লাভ কৰা যাব, তেতিয়া কুঁহিয়াৰৰ খেতিয়কসকলে অধিক ধন লাভ কৰিব আৰু এয়া সময়মতে পাব। অকল যোৱাটো বৰ্ষতেই ৭,০০০ কোটি টকা মূল্যৰ ইথানল উত্তৰ প্ৰদেশৰ ইথানল উৎপাদকসকলৰপৰা ক্ৰয় কৰা হয়। যোৱা বছৰকেইটাত, উত্তৰ প্ৰদেশত ইথানল আৰু জৈৱ-ইন্ধনৰে সম্পৰ্কীয় বহু ইউনিট স্থাপন কৰা হৈছে। কুঁহিয়াৰৰ অৱশিষ্টাংশৰপৰা সংকুচিত জৈৱগেছ উৎপাদনৰ অৰ্থে, উত্তৰ প্ৰদেশৰ ৭০ খন জিলাত চিবিজি প্লান্ট স্থাপনৰ কাম অব্যাহত আছে। এতিয়া কৃষিজাত অৱশিষ্টাংশ আৰু নৰাৰপৰা জৈৱ-ইন্ধন প্ৰস্তুতৰ অৰ্থে তিনিটা বৃহৎ কমপ্লেক্স নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত, উত্তৰ প্ৰদেশৰ বুদৌন আৰু গোৰখপুৰত দুটা নিৰ্মাণ কৰা হৈছে আৰু এটা পঞ্জাৱৰ বাথিন্দাত নিৰ্মাণ কৰা হয়। এই প্ৰকল্পসমূহৰ জৰিয়তে, কৃষকে আৱৰ্জনাৰ বাবে ধন লাভ কৰিব, কেইবা হাজাৰ যুৱকে নিয়োগৰ সুযোগ লাভ কৰিব আৰু পৰিবেশো সুৰক্ষিত হ’ব।

বন্ধুসকল,

একেদৰে, আন এটি গুৰুত্বপূৰ্ণ আঁচনি হৈছে গোবৰ ধন যোজনা। এই আঁচনিয়ে গৰুৰ গোবৰৰপৰা জৈৱগেছ উৎপাদনক উৎসাহিত কৰিছে। ই তদুপৰি গাঁওসমূহৰ স্বচ্ছতা সাধন কৰিব আৰু দুগ্ধ খণ্ডটোৰ বাবে ব্যৱহাৰযোগ্য নোহোৱা আৰু গাখীৰ নিদিয়া জন্তুসমূহো লাভজনক হৈ উঠিব। যোগী জীৰ চৰকাৰে বহু গোশালা (গৰুৰ ফাৰ্ম) ও স্থাপন কৰিছে। এয়া হৈছে গৰুৰ যতন আৰু কৃষকৰ শস্যৰ সুৰক্ষাৰ অৰ্থে এটি গুৰুত্বপূৰ্ণ প্ৰচেষ্টা।

বন্ধুসকল,

এতিয়া দেশখনে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ জৰিয়তে এটা উন্নতৰ জীৱনৰ সপোন পৰিপূৰণৰ অৰ্থে অগ্ৰসৰ হৈছে। আমি এই সম্ভাৱনা অহা ২৫ বছৰত বহুগুণে বৃদ্ধি কৰিব লাগিব। আমি একেলগে এখন সমৰ্থৱান ভাৰতৰ সংকল্প হৃদয়ংগম কৰিব লাগিব। ভগ্নীসকলে এটা বিশেষ ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে। মই পুনৰবাৰ উজ্জ্বলাৰ আটাই হিতাধিকাৰী ভগ্নীসকললৈ মোৰ শুভকামনা জ্ঞাপন কৰিলো। পবিত্ৰ ৰাখী বন্ধন পৰ্বৰ প্ৰাক মুহূৰ্তত মাতৃ আৰু ভগ্নীসকললৈ এই সেৱা কৰাৰ সুযোগ লাভ কৰি ধন্য হৈছো। মই ধন্য। আপোনালোকে যেন সদায়েই আশীৰ্বাদ দি যায় যাৰ জৰিয়তে আমি আই ভাৰতী, ১৩০ কোটি দেশবাসী, গ্ৰামাঞ্চল, দৰিদ্ৰ, কৃষক, দলিত, পীড়িত আৰু পাছপৰাসকলৰ সেৱাৰ অৰ্থে নতুন শক্তিৰে কাম কৰি যাব পাৰো। এই আশাৰেই, আপোনালোকক শুভকামনা যাছিলো। অলেখ ধন্যবাদ!

****

DS/VK/AK/SB



(Release ID: 1745802) Visitor Counter : 186