প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সৰ্বপ্ৰথমবাৰৰ বাবে ৬ আগষ্টত ইণ্ডিয়ান মিছন এব’ৰ্ডৰ মুৰব্বী আৰু ব্যৱসায় ও বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

‘লোকেল গ’উজ গ্ল’বেল- মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড’ৰ আহ্বান জনাব প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 AUG 2021 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্ট, ২০২১ ৰ সন্ধিয়া ৬ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশখনৰ ব্যৱসায় ও বাণিজ্য খণ্ডৰ অংশীদাৰসকলকে ধৰি ইণ্ডিয়ান মিছন এব’ৰ্ডৰ মুৰব্বীসকলৰ সৈতে মত-বিনিময় কৰিব। এই কাৰ্য্যসূচী প্ৰধানমন্ত্ৰীগৰাকীৰ ‘লোকেল গ’উজ গ্ল’বেল- মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড’ৰ আহ্বানৰ সাক্ষী হৈ ৰ’ব।

মূলতঃ এমএছএমই আৰু উচ্চ শ্রম-প্ৰধান খণ্ডসমূহৰ অৰ্থে ৰপ্তানিৰ এটি বৃহৎ নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে, যিয়ে মেনুফেক্সাৰিং খণ্ডটো আৰু সামগ্ৰিক অৰ্থনীতিত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এই মত-বিনিময়ৰ উদ্দেশ্য হৈছে ভাৰতৰ ৰপ্তানি বৃদ্ধি আৰু সম্প্ৰসাৰণ তথা বৈশ্বিক ব্যৱসায়ত ইয়াৰ শ্বেয়াৰ বৃদ্ধিৰ বাবে সমনযোগী উদ্দীপনা আগবঢ়োৱা।

এই মত-বিনিময়ৰ লক্ষ্য হৈছে আমাৰ ৰপ্তানি সম্ভাৱনা সম্প্ৰসাৰণৰ অৰ্থে সকলো অংশীদাৰকে উদ্যত কৰা আৰু বৈশ্বিক চাহিদা পৰিপূৰণৰ বাবে স্থানীয় সামৰ্থ্যসমূহ ব্যৱহাৰ কৰা।

এই মত-বিনিময়ত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও উপস্থিত থাকিব। এই মত-বিনিময়ত লগতে অংশগ্ৰহণ কৰিব বিশৰো অধিক বিভাগৰ সচিব, ৰাজ্য চৰকাৰৰ বিষয়া-বৰ্গ, এক্সপ’ৰ্ট প্ৰম’শ্যন কাউন্সিল আৰু চেম্বাৰ্ছ অৱ কমাৰ্ছৰ সদস্যসকলে।

****

DS/SH/SB



(Release ID: 1744727) Visitor Counter : 203