প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত আইপিএছ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ

Posted On: 31 JUL 2021 8:49PM by PIB Guwahati

জয় হিন্দ! মহাশয় মই চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ সঞ্চালক অতুল কাৰৱালে একাডেমীৰ সমগ্ৰ পৰিয়াল আৰু ইয়াত উপস্থিত সকলো বিষয়াৰ হৈ আপোনাক আন্তৰিক আদৰণী আৰু অভিনন্দন জ্ঞাপন কৰিছো৷ আমি সকলোৱে আপোনাক আন্তৰিক কৃতজ্ঞতা জনাইছো, কিয়নো ব্যস্ত কাম-কাজৰ মাজতে এই সমাৰোহৰ বাবে সময় দিলে৷  এই সমাৰোহত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তি ক্ৰমে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় ভল্লা আৰু সীমান্ত আৰক্ষী ব্যৱস্থাপনা সচিব শ্ৰী সঞ্জীৱা কুমাৰকো আন্তৰিক আদৰণী জনাইছো৷  মহাশয়, এই সমাৰোহত আপোনাৰ সন্মুখত মুছ ১৪৪গৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু মিত্ৰ দেশ নেপাল, ভূটান, মালদ্বীপ আৰু মৰিচাচৰ ৩৪গৰাকী আৰক্ষী বিষয়া উপস্থিত আছে৷ আপুনি জানি সুখী হ’ব যে ছমাহৰ জিলা প্ৰশিক্ষণৰ সময়ত এই বিষয়াসকলে নিজৰ ৰাজ্য, জিলাত আৰু দেশত প্ৰশংসনীয় আকু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, য’ত একাংশ বিষয়াই ক’ৰোনাত আক্ৰান্ত হৈছে৷  কিন্তু সম্পূৰ্ণ সুস্থ হৈ হে প্ৰশিক্ষণত যোগদান কৰিছে৷  আপুনি এই কথা জানিও সন্তুষ্ট হ’ব যে দিল্লীৰ আঠ গৰাকী বিষয়াৰ এটা দলে য’ত তিনিগৰাকী বিদেশী বিষয়াইও ভাৰত দৰ্শনৰ লগতে লাক্ষাদ্বীপ ভ্ৰমণ  কৰিবলৈ এগৰাকী আৰ্মি কৰ্ণেলে চাৰি সদস্যৰ আত্মীয়ক তাত ডুব যোৱাৰ পৰা ৰক্ষা কৰিছিল৷  এই বিষয়াসকলৰ উত্তীৰ্ণৰ পেৰেডৰ দীক্ষান্ত সমাৰোহ ৬ আগষ্টত আয়োজিত কৰা হৈছে৷ ইয়াৰ পাছত এওঁলোকে ৰাষ্ট্ৰীয় ফ’ৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু চিআৰপিএফৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ পাছত নিজৰ নিডৰ ৰাজ্য আৰু দেশত সক্ৰিয় সেনাত উপস্থিত হ’ব৷ এই সকলো বিষয়াৰ বাবে সৌভাগ্যৰ কথা এই যে দেশ সেৱাত প্ৰথম খোজ ৰখাৰ সুযোগতে তেওঁলোকৰ আশীৰ্বাদ আৰু মাগদৰ্শন প্ৰাপ্ত হৈছে৷ মহাশয়, আৰক্ষী একাডেমীত দুটা বছৰৰ কঠিন প্ৰশিক্ষণৰ অন্তিম পৰিণাম হিচাপে প্ৰথম দুটা স্থান মহিলা বিষয়াসকলে লাভ কৰিছে, য’ত প্ৰথম স্থানত আছে ৰজিতা শৰ্মা, যিগৰাকীয়ে কেৱল শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীয়েই নহয়, বৰঞ্চ আইপিএছৰ ইতিহাসত এনেকুৱা প্ৰথমগৰাকী মহিলা বিষয়া হৈছে, যি আইপিএছ এছ’চিয়েশ্যন স্বোৱৰ্ড অফ অ’নাৰো জয় কৰিবলৈ সক্ষম হৈছে, যিটো আউটডৰ প্ৰশিক্ষণৰ ওপৰত আধাৰিত৷  দ্বিতীয়গৰাকী প্ৰতিভাশালী মহিলা বিষয়া হৈছে শ্ৰেয়া গুপ্তা আৰু আপোনাৰ অনুমতি হ’লে মই এই সমাৰোহ সঞ্চালনা কৰাৰ বাবে মই শ্ৰেয়া গুপ্তাক আমন্ত্ৰিত কৰিব বিচাৰো৷

শ্ৰেয়া গুপ্তাঃ জয় হিন্দ মহাশয়! মই শ্ৰেয়া গুপ্তা ভাৰতীয় আৰক্ষী সেৱা ২০১৯ বৰ্ষৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়া৷ মই মুলতঃ দিল্লীৰ আৰু মোক তামিলনাডু কেডাৰ আৱন্তিত কৰিছে৷ মহোদয়, সৰ্বপ্ৰথমে প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ সৈতে সংবাদৰ এই কাৰ্যসূচীত আপোনাৰ গৰিমাময় উপস্থিতিৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ এই মত বিনিময় কাৰ্যসূচী আগুৱাই নিয়াৰ লগতে মোৰ সতীৰ্থ বিষয়া শ্ৰী অনুজ পালিৱালক আমন্ত্ৰণ জনাইছো, তেওঁ নিজৰ পৰিচয় দি আপোনাক প্ৰশ্ন সুধিব৷  

অনুজ পালিৱালঃ জয় হিন্দ মহাশয়! মোৰ নাম অনুজ পালিৱাল৷ মই হাৰিয়ানাৰ পানীপথ জিলাৰ নিবাসী আৰু মোক কেৰালা কেডাৰ আৱণ্টন কৰিছে৷ মহাশয়, মই মোৰ স্নাতক পাঠ্যক্ৰম আইআইটি ৰুৰকীৰ পৰা কৰিছো৷ তাৰ পাছত মই দুটা বছৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিলো৷

প্ৰধানমন্ত্ৰীঃ সৰ্বপ্ৰথমে মই শ্ৰেয়াক ৱনক্কম জনাইছো৷

শ্ৰেয়া গুপ্তাঃ ৱনক্কম মহাশয়৷

প্ৰশ্নঃ অনুজ জী আপুনি আইআইটিক পঢ়িছিল আৰু পুনৰ দুবছৰ আন ক’ৰবাত কাম কৰিবলৈ গ’ল আৰু এতিয়া আপুন আৰক্ষী সেৱাত আহিলে৷ আপোনাৰ মনত এনে কি আছিল যে আপুনি আৰক্ষী সেৱাত নিজৰ কেৰিয়াৰ গঢ় দিব? এনেকুৱা নহয়টো, যে আপুনি আইএএছ হ’ব বিচাৰিছিল, কিন্তু পিছত ইয়াত আহি পালে?

অনুজ পালিৱালঃ মহাশয়, যেতিয়া মই কলেজত পঢ়ি আছিলো আৰু তৃতীয় বৰ্ষত আমাৰ কলেজলে বৰ্তমানৰ পুডুচেৰীৰ গৱৰ্ণৰ মাননীয় কিৰণ বেদী জী আহিছিল৷ তেতিয়া তেওঁ যি বক্তৃতা দিছিল, সেই বক্তৃতাই মোক যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু অসমাৰিক সেৱাৰ প্ৰতি প্ৰস্তুতি চলোৱাটো আৰম্ভ কৰিছিলো৷ মহাশয়, পৰীক্ষা দিয়াৰ সময়ত মোৰ প্ৰথম অগ্ৰাধিকাৰ আছিল আইএএছ, দ্বিতীয় আইপিএছ আৰু মই ইয়াৰ পাছত পুনৰ চেষ্টা নকৰিলো, মই আইপিএছত যথেষ্ট সুখী আৰু আইপিএছ আৰক্ষী হিচাপে মই দেশৰ সেৱা কৰিব বিচাৰো৷

প্ৰধানমন্ত্ৰীঃ এতিয়া কিৰণ জী তাৰ উপ-ৰাজ্যপাল নহয়৷ এতিয়া তাত বেলেগ উপ-ৰাজ্যপাল আছে৷

প্ৰশ্ন ২-

প্ৰধানমন্ত্ৰীঃ অনুজ আপুনি বায়’টেকন’লজীত অধ্যয়ন কৰিছিল৷ পুলিচিঙত অপৰাধ অনুসন্ধানৰ দৰে বিষয়ত আপোনাৰ বিষয়টো কামত আহিব, আপোনাৰ কেনে অনুভৱ?

অনুজ পালিৱালঃ হয় চাৰ! নিশ্চয় আহিব৷ আজি কালি বিজ্ঞানসন্মত অনুসন্ধান অতি জৰুৰী৷ যিকোনো গোচৰৰ কিদৰে দোষী সাব্যস্ত কৰিব পাৰি আৰু নতুন নতুন কৌশল যেনে-ডিএনএ আৰু ডিএনএ প্ৰযুক্তিৰ সন্দৰ্ভত আজিকালি যথেষ্ট গুৰুত্ব দিয়া হয়৷ ধৰ্ষণ, হত্যা ইত্যাদিৰ দৰে গোচৰত ডিএনএৰ যথেষ্ট গুৰুত্ব আছে আৰু ডিএনএৰ ফিংগাৰ প্ৰিণ্টিং আজিকালি যথেষ্ট গুৰু্ত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ছাৰ৷

প্ৰধানমন্ত্ৰীঃ এই ক’ৰোনাৰ সময়ত ভেকচিনৰ যথেষ্ট চৰ্চা হৈ আছে৷ তেনে অৱস্থাত আপোনাৰ এই বেকগ্ৰাউণ্ড হোৱাৰ বাবে তাক ৰুচি হিচাপে লৈ পঢ়া-শুনা কৰি আছানে বাদ দিলা?

অনুজ পালিৱালঃ ছাৰ, এতিয়া কেৱল প্ৰশিক্ষণত গুৰুত্ব দিছো৷

প্ৰশ্ন ৩:

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, ইয়াৰ বাদে আপোনাৰ আৰু ৰুচি কি?

অনুজ পালিৱালঃ ছাৰ, ইয়াৰ বাদেও মই খেলি ভাল পাও, সংগীততো ৰাপ আছে৷

প্ৰধানমন্ত্ৰীঃ তেতিয়াহ’লে ক’ত বায়’টেকন’লজি, ক’ত সংগীত আৰু ক’ত পুলিচিং..কিয়নো আমাৰ ৰুচিয়ে কেতিয়াবা পুলিচিঙৰ দৰে জটিল আৰু চাহিদাপূৰ্ণ কামত সংগীতে একপ্ৰকাৰ যথেষ্ট সহায় কৰিব পাৰে৷

অনুজ পালিৱালঃ হয় ছাৰ৷

অনুজ মই আপোনাৰ ভৱিষ্যত জীৱন আৰু কেৰিয়াৰৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো৷ আপুনি হাৰিয়ানাৰ নিবাসী আৰু আপুনি কেৰালা কেডাৰত কাম কৰিব৷ আপুনি আইআইটিৰ পৰা শিক্ষাগ্ৰহণ কৰিছে আৰু অসামৰিক সেৱাত মানৱীয়তা বিষয়টো বাছনি কৰিলে৷ আপুনি এনেকুৱা সেৱাৰ সৈতে জড়িত, যিটোক কঠোৰ বুলি ধৰা হয় আৰু আপোনাৰ সংগীতৰ প্ৰতিও প্ৰেম আছে৷ সাধাৰণতে পৰস্পৰ বিৰোধী যেন লাগে, কিন্তু আপোনাৰ যথেষ্ট শক্তি হ’ব পাৰে৷ আপোনাৰ এই শক্তিক আপুনি আৰক্ষী সেৱাত ভাল নেতৃত্ব দিয়াৰ বাবে যাতে কাম কৰে, এয়াই মোৰ শুভকামনা৷

অনুজ পালিৱালঃ ধন্যবাদ ছাৰ, জয় হিন্দ৷

শ্ৰেয়া গুপ্তাঃ ধন্যবাদ মহাশয়৷ এতিয়া মই মোৰ সতীৰ্থ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়া শ্ৰী ৰোহন জগদীশক নিজৰ পৰিচয় দি মত বিনিময় কৰিবলৈ অনুৰোধ জনালো৷

ৰোহন জগদীশঃ জয় হিন্দ মহাশয়! মোৰ নাম ৰোহন জগদীশ৷ মই ভাৰতী আৰক্ষী সেৱা ২০১৯ বৰ্ষৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়া৷ মোক কৰ্ণাটক কেডাৰত আৱণ্টিত কৰা হৈছে৷ মই বাংগালুৰু নিবাসী আৰু মই বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা অধীনত আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক হৈছো৷ মোৰ প্ৰথম পচন্দই ভাৰতীয় আৰক্ষী সেৱা আছিল আৰু ইয়াৰ মুল কাৰণ আছিল মোৰ দেউতা৷ তেওঁ কৰ্ণাটক ৰাজ্য ৰাজ্যৰ আৰক্ষী বিভাগত ৩৭ বছৰ কাম কৰিছিল, যিটো মোৰ বাবে অতি গৌৰৱৰ কথা৷ সেয়েহে মই ভাৰতীয় আৰক্ষী সেৱাত মোৰ সেৱা কৰাৰ বাবে এই সেৱাক বাছনি কৰিলো৷ জয় হিন্দ মহাশয়৷

প্ৰশ্ন ১:

প্ৰধানমন্ত্ৰীঃ ৰোহন জী আপুনি বাংগালুৰু, হিন্দীও বহুত ভালকৈ শিকিলে আৰু আনফালে আইনৰ স্নাতক৷ আপুনি ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কও অধ্যয়ন কৰিছে৷ এই জ্ঞানে আজি আপোনাক আৰক্ষী ব্যৱস্থাত কি ভূমিকা পালন কৰিছে?

ৰোহন জগদীশঃ মহাশয় মই যেতিয়া প্ৰশিক্ষণত যোগদান কৰিছিলো, তেতিয়াই মই হিন্দী শিকছো, ইয়াৰ বাবে এই প্ৰশিক্ষণক মই কৃতজ্ঞতা জনাইছো৷ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শিকাৰ সময়ত বিশ্বখনক এতিয়া বহুত সৰু সৰু লগা হৈছে বিশ্বায়নৰ বাবে৷ সেইবাবে আমি সকলো ক্ষেত্ৰত পুলিচ এজেন্সি আৰু অন্যান্য ৰাজ্যৰ সৈতেও ইণ্টাৰপলৰ জৰিয়তে কাম কৰাৰ সুবিধা হ’ব আৰু আমি অপৰাধ চিনাক্তকৰণ আৰু অনুসন্ধানো কৰিব পাৰিম৷ এই চাইবাৰ ক্ৰাইম কেৱল স্থানীয় নহয়, ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো হয়৷ তেনে ক্ষেত্ৰত এই জ্ঞানৰ দ্বাৰা সম্পৰ্ক ৰক্ষা কৰা আৰু অপৰাধৰ সমস্যা সমাধান কৰা, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উগ্ৰপন্থী সমস্যা, নক্সালবাদ আৰু ড্ৰাগছৰ দৰে সমস্যা সমাধান কৰাত সহায় কৰিব৷

প্ৰশ্ন ২:

প্ৰধানমন্ত্ৰীঃ আমি কেতিয়াবা আৰক্ষী একাডেমীত কঠিন শাৰীৰিক প্ৰশিক্ষণৰ সন্দৰ্ভত শুনিবলৈ পাও৷ আপুনি যি প্ৰশিক্ষণ লাভ কৰিছে, আপোনাৰ কেনে লাগিছে, কাৰণ আপোনাৰ পিতৃয়ে দেখিছে, গোটেই জীৱন আৰক্ষীৰ বেষ্টনীৰ মাজত আছে৷ কিন্তু আপুনি নিজে এই প্ৰশিক্ষণলৈ আহিলে, আপোনাৰ কেনে অনুভৱ হৈছে? মনত সন্তুষ্টি আহিছে নে? আপোনাৰ পিতৃয়ে যি আপোনাৰ পৰা আশা কৰিছে, সেয়া সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ ক্ষমতা প্ৰত্যক্ষ কৰিছে আৰু আপোনাৰ পিতৃয়ে তুলনা কৰিছে যে তেওঁলোকৰ দিনত প্ৰশিক্ষণ কেনে হৈছিল আপোনাৰ দিন কেনে হৈছে? আপোনালোক দুয়োজনৰ মাজত অলপ মতপাৰ্থক্যও হৈছে নিশ্চয়৷

ৰোহন জগদীশঃ ছাৰ মোৰ পিৃত মোৰ বাবে আদৰ্শ আৰু তেওঁ কৰ্ণাটক আৰক্ষীত উপ-আৰক্ষী পৰিদৰ্শক হিচাপে যোগদান কৰছিল আৰু তেওঁ ৩৭ বছৰৰ পাছত আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ যেতিয়া মই একাডেমীত আহি পাইছিলো, তেতিয়া তেওঁ মোক কৈছিল যে আৰক্ষীৰ প্ৰশিক্ষণ অতি কঠিন আৰু বহুত পৰিশ্ৰম কৰিব লাগে৷ তেতিয়া মই আহিয়েই মিচেলএঞ্জেলোৰ এটা বাক্য লিখিছিলো-আমাৰ সকলোৰে ভিতৰত এক মূৰ্তি আছে, এই শিল্প আছে৷ আমি একাডেমীৰ জৰিয়তে সেই শিল্পক শিলৰ পৰা বাহিৰ কৰিব লাগে৷ সেইদৰে আমাৰ নিৰ্দেশক ছাৰ আৰু আমাৰ সকলো ফেকাল্টিয়ে আমাৰ প্ৰশিক্ষণ প্ৰদান কৰি আমাক উন্নত মানৰ শিল্পত পৰিণত কৰিছে৷ সেই শিল্পক লৈ আমি আমাৰ দেশৰ সেৱা কৰিব ছাৰ৷

প্ৰধানমন্ত্ৰীঃ ঠিক আছে প্ৰশিক্ষণক আৰু অধিক উন্নত কৰাৰ বাবে কি কৰিব লাগিব, কিবা পৰামৰ্শ আছে নেকি মনত?

ৰোহন জগদীশঃ ছাৰ ইতিমধ্যে বহুত উন্নত হৈছে৷ মই প্ৰথমে ভাৱিছিলো যে বহু কঠিক কাম হ’ব আৰু এতিয়া আমাৰ নিৰ্দেশকসকল অহাৰ পাছত আৰু অধিক পৰিৱৰ্তন হৈছে আৰু আমাৰ চিন্তাধাৰা মতেই প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু আমাক আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে মই অত্যন্ত সুখী৷

প্ৰশ্ন ৩ :

প্ৰধানমন্ত্ৰীঃ ৰোহন জী মোক জনোৱা মতে আপুন ভাল সন্তৰণবিদ আৰু আপুনি একাডেমীৰ সকলো পুৰণি অভিলেখ ভংগ কৰিছে৷ অৱশ্যে আপুনি অজি কালি অলিম্পিকত ভাৰতীয় খেলুৱৈক অনুসৰণ কৰি আছে৷ অনাগত দিনত আৰক্ষী সেৱাৰ পৰা ভাল এথলীট উলিয়াবৰ বাবে বা আৰক্ষীৰ ফিটনেচ লেভেল বহোৱাৰ বাবে আপোনাৰ মনত কিবা চিন্তাধাৰা আহিছে নেকি? আপুনি দেখিছে এটা বয়সৰ পাছত আৰক্ষী উঠা, বহা, চলন ফুৰণ কৰাৰ ক্ষেত্ৰত এক পৃথক ছবিহে পৰিলক্ষিত হয়৷ আপুনি কি ভাৱে?

ৰোহন জগদীশঃ ছাৰ একাডেমীত আমাৰ ফিটনেছৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷ সেইবাবে মই ভাৱো যে আমি ইয়াত সময় কটোৱাৰ পাছত ফিটনেছ কেৱল প্ৰশিক্ষণতে নহয়, আমাৰ জীৱনৰ এক অংশ হৈ পৰে৷ এতিয়াও মোৰ পাঠদান নাই বা পিটি নাই, তৎসত্তেও মই ৫ বজাত শুই উঠো, কাৰণ নিয়মত পৰিণত হ’ল৷ আমাৰ গোটেই জীৱনত এই নিয়ম আগুৱাই নিম আৰু যেতিয়া আমি জিলাসমূহত গৈ পাম, তেতিয়া আমাৰ সতীৰ্থ বিষয়া আৰু আমাৰ সৈতে কাম কৰিবলগীয়া আৰক্ষী বিষয়াসকলকো এই বিষয়ে কৈ তেওঁলোককো চাপ নিয়ন্ত্ৰণ আৰু স্বাস্থ্য আৰু ব্যৱস্থাপনা আৰু তেওঁলোকৰ স্বাস্থ্য কিদৰে ভাল কৰি ৰাখিব পৰা যায়, তাৰ জ্ঞান দি মই কেৱল নিজৰে নহয়, আনকো সুস্থ কৰি ৰখাৰ যত্ন কৰিম৷

প্ৰধানমন্ত্ৰীঃ ঠিক আছে ৰোহন জী, আপোনাৰ সৈতে কথা পাতি মোৰ ভাল লাগিল৷ ফিটনেছ আৰু প্ৰফেচনেলিজম আমাৰ আৰক্ষীৰ বাবে অতি প্ৰয়োজন৷ মই ভাৱো আপোনাৰ দৰে উৎসাহী যুৱকে এইধৰণৰ সংস্কাৰ আৰু অধিক সহজে আৰক্ষীৰ ব্যৱস্থাত কাৰ্যকৰী কৰিব পাৰিব৷ আৰক্ষীয়ে নিজৰ বাহিনীত ফিটনেছৰ প্ৰচাৰ কৰি সমাজতো যুৱক-যুৱতীসকল ফিট হৈ থকাৰ বাবে প্ৰেৰণা লাভ কৰিব৷ আপোনাক বহুত বহুত শুভকামনা জনাইছো৷

ৰোহন জগদীশঃ জয় হিন্দ মহাশয়৷

শ্ৰেয়া গুপ্তাঃ ধন্যবাদ মহাশয়! এই কাৰ্যসূচী আগবঢ়াই নি এতিয়া মই শ্ৰী গৌৰৱ ৰামপ্ৰৱেশ ৰায়ক আমন্ত্ৰণ জনাইছো, তেওঁ আপোনাক নিজৰ পৰিচয় দি উত্তৰ দিব৷

গৌৰৱ ৰামপ্ৰৱেশ ৰায়ঃ জয় হিন্দ ছাৰ৷ মোৰ নাম গৌৰৱ ৰায়৷ মই মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ বাসিন্দা আৰু মোক ছত্তীশগড় কেডাৰত নিযু্ক্তি দিছে৷ মই পুনেৰ কলেজ অফ ইঞ্জিনিয়াৰিঙৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰিছো আৰু ভাৰতীয় আৰক্ষী সেৱাৰ পূৰ্বে মই ভাৰতীয় ৰে’লৱেত কৰ্মৰত আছিলো৷

প্ৰশ্ন ১:

প্ৰধানমন্ত্ৰীঃ গৌৰৱজী, মোক জনাইছে যে আপুনি ডবা খেলুৱৈ আৰু ভাল ডবা খেলিব পাৰে৷ খেলত আপুনি যিকোনো প্ৰকাৰে জয়ী হোৱাটো নিশ্চিত৷ আপোনাৰ ডবা খেলৰ জ্ঞানে অপৰাধীক নিয়ন্ত্ৰণ কৰিবলৈ কিদৰে কাম কৰিব?

গৌৰৱ ৰামপ্ৰৱেশ ৰায়ঃ মই যিহেতু ডবা খেল খেলো, সেয়েহে সদায় সেই ধৰণেই ভাৱো৷ মোক ছত্তীশগড় কেডাৰ আৱণ্টন কৰিছে আৰু তাত মাওবাদী যথেষ্ট পৰিমাণে আছে আৰু ছাৰ মই সদায় ভাৱো যে ডবা খেলত দুটা দিশ আছে, এটা হৈছে কৌশল আৰু আনটো হৈছে বুদ্ধি আৰু সদায় নিজৰ বাহিনীৰ নীতিত এনে কৌশল অৱলম্বন কৰিব লাগে যাতে সেইবোৰক নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ অপাৰেচনৰ জৰিয়তে আমি এনে কৌশলৰ ব্যৱহাৰ কৰিম যি আমাৰ একাডেমীৰ প্ৰশিক্ষণতো শিকোৱা হৈছে৷ এই ধৰণে অপাৰেচন কৰিম যে আমাৰ অতি কম লোকচান হ’ব আৰু অধিক মাত্ৰাত সেই লোকসকলক আক্ৰমণ কৰি এই লোকসকলক ৰাখিব পাৰি৷

প্ৰশ্ন ২:

প্ৰধানমন্ত্ৰীঃ গৌৰৱ জী, আপুনি কৈছে যে আপোনাক ছত্তীশগড় কেডাৰ আৱণ্টন কৰা হৈছে আৰু তাৰ স্থিতি বিষয়ে আপুনি উল্লেখ কৰিলে যে তাত মাওবাদীও আছে আৰু সেই বিষয়ে জানে৷ এনে অৱস্থাত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ আপুনি আইনী ব্যৱস্থাৰ লগতে জনজাতীয় এলেকাত বিকাশ আৰু সামাজিক সংযোগ ব্যৱস্থাক সমৰ্থন কৰিব লাগিব৷ আপুনি ইয়াৰ বাবে কোনো বিশেষ প্ৰস্তুতু চলাইছে নেকি?

গৌৰৱ ৰামপ্ৰৱেশ ৰায়ঃ ভাৰত চৰকাৰৰ দুইতৰপীয়া ৰণনীতি আছে, বিকাশ আৰু নিৰাপত্তাৰ দিশত৷ ছাৰ মই যিহেতু এগৰাকী চিভিল ইঞ্জিনিয়াৰ, মই ভাৱো মাওবাদী নিঃশেষ কৰাৰ বাবে বিকাশেই একমাত্ৰা পথ৷ যদি আমি বিকাশ কথা ভাৱো আমাৰ মনত ৰে’ল, পথ, ৰে’লৱে, ঘৰৰ মৌলিক প্ৰয়োজনীয়তাৰ কথা আহে৷ তেনে ক্ষেত্ৰত ৰাজ্যখনত মোৰ জ্ঞানৰ ভাল প্ৰয়োগ কৰিব পাৰিম৷

প্ৰধানমন্ত্ৰীঃ আপুনি মহাৰাষ্ট্ৰৰ, সেয়েহে গড়চিৰোলী বিষয়ত যথেষ্ট অধ্যয়ন কৰিছে নিশ্চয়?

গৌৰৱ ৰামপ্ৰৱেশ ৰায়ঃ হয় ছাৰ! সেইবিষয়ে মই কিছু পৰিমাণে জানো৷

প্ৰধানমন্ত্ৰীঃ গৌৰৱ জী আপোনাৰ দৰে তৰুণ বিষয়াৰ ওপৰত যথেষ্ট দায়িত্ব আছে৷ চাইবাৰ জালিয়াতিয়েই হওক বা হিংসা পথত অগ্ৰসৰ হোৱা যুৱক-যুৱতীসকলক মুল সুঁতিলৈ অনাই হওক৷ বিগত বছৰসমূহত বহুত পৰিশ্ৰম কৰি মাওবাদী হিংসাক আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো৷ আজি জনজাতীয় এলেকাত বিকাশ আৰু বিশ্বাসৰ নতুন সেতু গঢ় দিয়া হৈছে৷ মোৰ বিশ্বাস আপোনালোকৰ দৰে যুৱ নেতৃবৃন্দ এই কাম ক্ষিপ্ৰতাৰে আগবঢ়াই নিব৷ আপোনাক মই বহুত বহুত শুভকামনা জনাইছো৷

গৌৰৱ ৰামপ্ৰৱেশ ৰায়ঃ ধন্যবাদ ছাৰ! জয় হিন্দ!

শ্ৰেয়া গুপ্তাঃ মহাশয় আপোনাক বহুত ধন্যবাদ! এতিয়া মই সুশ্ৰী ৰঞ্জিতা শৰ্মাক আমন্ত্ৰিত কৰিব বিচাৰিছো, তেওঁ নিজৰ পৰিচয় দি অনুভৱ ব্যক্ত কৰিব৷

ৰঞ্জিতা শৰ্মাঃ জয় হিন্দ ছাৰ! মোৰ নাম ৰঞ্জিতা৷ মই হাৰিয়ানাৰ নিবাসী আৰু মোক ৰাজস্থান কেডাৰ আৱণ্টন কৰিছে৷ ছাৰ মোৰ জিলা ৰাজনীতি প্ৰশিক্ষণৰ আৰম্ভণিতে এক ডাঙৰ আইন-শৃংখলাজনিত পৰিস্থিতি মোকাবিলা কৰিব লগীয়া হৈছিল৷ ছাৰ সেই সময়ত মোৰ সংযমৰ মহত্বৰ জ্ঞান উপলব্ধি হ’ল৷ ছাৰ কাৰণ প্ৰায় সকলো ধৰণৰ আভ্যন্তৰীণ সুৰক্ষাৰ দিশেই হওক বা আইন-শৃংখলাজনিত দিশেই হওক, তেনে ক্ষেত্ৰত আমি দেশৰ নাগৰিকসকলৰ সন্মুখীন হ’বলগীয়া হয় আৰু এনে পৰিস্থিতিত ধৈৰ্য ধৰাটো অতি আৱশ্যক৷ আমাৰ একাডেমীত কেইটা বিষয়ত পঢ়িবলৈ পাইছিলো যে চৰ্দাৰ পেটেলে আইপিএছ প্ৰশিক্ষাৰ্থী আৰু আইপিএছ বিষয়াক উদ্দেশ্যি আগবঢোৱা ভাষণত কৈছিল যে যদি কোনো আৰক্ষী লোকে সংযম হেৰুৱাই, তেতিয়া তেওঁ আৰক্ষী বিষয়া হৈ নাথাকে৷ ছাৰ সেইবাবে এই আৰক্ষী প্ৰশিক্ষণৰ সময়ত সেয়া একাডেমীয়েই হওক বা জিলাত ব্যৱহাৰিক প্ৰশিক্ষণেই হওক, এয়া একেৰাহে অনুভৱ হয় যে আৰক্ষীৰ যি আদৰ্শ, যি মুল্য, যি ধৈৰ্য, সংযম, সাহস, সেয়া মোৰ সম্পূৰ্ণ আভাস আছে৷

প্ৰশ্ন :

প্ৰধানমন্ত্ৰীঃ ৰঞ্জিতা জী আপুনি প্ৰশিক্ষণৰ সময়ত যি অভিজ্ঞতা অৰ্জন কৰিলে, তাৰ বাবে আপোনাক বহুত বহুত অভিনন্দন জনাইছো৷ আপোনাৰ বিষয়ে পঢ়াৰ লগতে শুনিবলৈ পাইছো যে আপুনি সকলো ক্ষেত্ৰতে পাৰ্গত৷ আপুনি যিবোৰ লাভ কৰিছে, তাৰ জৰিয়তে আপোনাৰ ঘৰ, গাঁও, চুবুৰীয়া কন্যাসকলৰ মাজত পৰিৱৰ্তন অহা পৰিলক্ষিত হৈছে, আপোনাৰ কেনে অনুভৱ হয়?

ৰঞ্জীতা শৰ্মাঃ চাৰ প্ৰথমে আপোনাক ধন্যবাদ জনাইছো৷ ছাৰ কাষৰ যি পৰিৱেশ, শুভাকাংক্ষী, সমাজে মোৰ বাছনিৰ কথা জানিব পাৰি ফোন কৰি মোক তেওঁলোকৰ সন্তান, বিশেষকৈ কন্যা সন্তানসকলৰ সৈতে মত বিনিময় কৰিবলৈ মাতিছিল, যাতে তেওঁলোকে ইয়াৰ দ্বাৰা প্ৰেৰণা লাভ কৰে৷ মই তেওঁলোকৰ সৈতে কথা পাতি আনন্দ অনুভৱ কৰো৷ এয়াই মোক প্ৰকৃত অভিজ্ঞতা৷

প্ৰশ্ন ২:

প্ৰধানমন্ত্ৰীঃ ৰঞ্জিতা জী, আপোনাৰ যোগৰ প্ৰতি ৰাপ আছিল৷ আপুনি যি পঢ়া-শুনা কৰিছিল, আপুনি সাংবাদিকতাৰ ক্ষেত্ৰত আগুৱাই যাব বিছাৰিছিল৷ আকৌ এই পথ কিদৰে আহিলে?

ৰঞ্জিতা শৰ্মাঃ ছাৰ ইয়াতো এটা কাহিনী আছে৷ ছাৰ মোৰ এনে ভাৱ হয় যে মই ইয়াৰ পূৰ্বে ৮-৯ বছৰ ব্যক্তিগত খণ্ডত কাম কৰিছিলো৷ কিন্তু, ছাৰ এনে কিছুমান কাম কৰিব বিছাৰিছিলো যি ফলাফল মই শীঘ্ৰে পাও৷ সমাজৰ কাষৰ পৰা সমাজৰ বাবে কাম কৰিব পাৰো৷ যিহেতু ব্যক্তিগত খণ্ডত এক নিৰ্দিষ্ট সীমাবদ্ধতা আছে, তেনে অৱস্থাত মই ব্যাপক ৰূপত একো কৰিব নোৱাৰো৷ প্ৰশাসনিক সেৱা বা আৰক্ষী সেৱাই হে মোক এই সুবিধা দিব পাৰে৷ ইয়াৰ পোচাকযোৰ মোৰ বাবে বহুত দায়িত্ব আৰু সন্মানৰ কাৰণ জড়িত হৈ আছে, যাৰ বাবে মই ভাৰতীয় আৰক্ষী সেৱাত যোগদানৰ সুযোগ পালো৷

প্ৰশ্ন ৩:

প্ৰধানমন্ত্ৰীঃ আপুনি নিজৰ বাবে এনে কিবা লক্ষ্য নিৰ্ধাৰণ কৰিছে নেকি, যি আপোনাক দেশৰ আৰক্ষী ব্যৱস্থা উন্নত হিচাপে গঢ় দিয়াৰ বাবে নিশ্চিতভাৱে প্ৰয়োজনীয় পৰিৱৰ্তন আনি দিব পাৰে?

ৰঞ্জিতা শৰ্মাঃ ছাৰ মোৰ মনত আছে, আগৰ বাৰ আপোনাৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত আপুনি কৈছিল যে য’তেই আৰক্ষীৰ কথা কও, তাতেই দন্দা, বল আদি প্ৰয়োগৰ কথা মনলৈ আহে৷ ছাৰ যদি মই নিজৰ ক্ষেত্ৰত গৈ আৰক্ষীৰ ছবি সলনি কৰা, তাক উন্নত কৰা, তাত যিকোনো ধৰণৰ যদি অৱদান আগবঢ়াৱ পাৰো, সেয়া পুলিচক অধিক সহজলভ্য কৰা, পুলিচৰ মনোবৃত্তি সহজ কৰাৰ লগতে সামগ্ৰিকভাৱে পুলিচৰ যি ছবি, সেয়া পাৰ্যপানে উন্নত কৰাটো মোৰ বাবে ডাঙৰ অভিজ্ঞতা হ’ব৷ মই সেই লক্ষ্যৰে আগুৱাই যাম৷

প্ৰধানমন্ত্ৰীঃ ৰঞ্জিতা জী, মই যেতিয়া আপোনাৰ বিষয়ে জানিলো আৰু শুনিলো৷ আপোনাক তেনে এটা পৰামৰ্শ দিব বিচাৰো যে যিটো অৱশ্যে আপোনাৰ কৰ্তব্যৰ সৈতে জড়িত নহয়, আপুনি য’তেই কৰ্তব্য কৰাৰ সুযোগ পায়, তাত সপ্তাহত এঘণ্টা সময় কোনো ছোৱালী বিদ্যালয়ত গৈ সেই কন্যাসকলৰ সৈতে মত বিনিময় কৰিব আৰু গোটেই জীৱন এই কাম কৰি থাকিব৷ তেওঁলোকৰ সৈতে কথা পতা, চৰ্চা কৰা আৰু যোগৰ অনুশীলন কৰি থাকি কোনো মুক্ত উদ্যানত তেওঁলোকৰ বাবে এক যোগ অনুশীলন শিৱিৰ আয়োজন কৰা, য’ত আপুনি মাজে মাজে গৈ চাই থাকিব পাৰে৷ আপোনাৰ কৰ্তব্যৰ মাজতে এই কামবোৰ কৰিলে আপুনি দেখিব ইয়াৰ প্ৰভাৱ অধিক হ’ব৷ আপোনাৰ সৈতে যি আলোচনা হ’ল তাৰ বাবে আপোনাক বহুত বহুত শুভাকামনা জনাইছো৷ চাওক, হাৰিয়ানাই হওক বা ৰাজস্থান, আমি সকলোৱে জানো যে বিগত বছৰসমূহত কন্যা শিশুক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কাম হৈছে৷ আপুনি এই ৰাজ্য দুখনত সামাজিক সজাগতাৰ লহৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত নিজৰ ভূমিকা ভালদৰে পালন কৰিব পাৰে৷ আপুনি যি জনসংযোগ অধ্যয়ন কৰিছে, যি বুজাবুজি, সেয়া আজি আৰক্ষীৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে৷ আশা কৰো আপুনি ইয়াৰ সদব্যৱহাৰ কৰিব৷ মই আপোনাক বহুত বহুত শুভাকামনা জনাইছো৷

ৰঞ্জিতা শৰ্মাঃ ধন্যবাদ ছাৰ, জয় হিন্দ!

শ্ৰেয়া গুপ্তাঃ ধন্যবাদ মহাশয়! এইবাৰ মই মোৰ সতীৰ্থ প্ৰশিক্ষাৰ্থী বিষয়া শ্ৰী নিথিনৰাজ পীক তেওঁৰ পৰিচয় দি আপোনাৰ সৈতে মত বিনিময় কৰিবলৈ অনুৰোধ জনাইছো৷

নিথিনৰাজ পিঃ জয় হিন্দ ছাৰ! মোৰ নাম নিথিনৰাজ৷ মই কেৰালা কাছাৰাগড় জিলাৰ নিবাসী আৰু মোক কেৰালা কেডাৰত আৱণ্টিত কৰা হৈছে৷

প্ৰশ্ন ১:

প্ৰধানমন্ত্ৰীঃ মই কেৰালালৈ বহুবাৰ গৈছো৷ মোক কোৱা হৈছে যে ফটোগ্ৰাফীৰ প্ৰতি আপোনাৰ যথেষ্ট আগ্ৰহ আছে? কেৰালাত কোনবোৰ ঠাই ফটোগ্ৰাফীৰ বাবে আপুনি আটাইতকৈ ভাল পায়?

নিথিনৰাজ পিঃ ছাৰ বিশেষকৈ পশ্চিম ঘাট আৰু মই কাছাৰাগড় জিলাত বাস কৰো, তাত যথেষ্ট বাহনৰ সুবিধা আছে আৰু মই তাতে শ্বুট কৰি ভাল পাও৷

প্ৰশ্ন ২:

প্ৰধানমন্ত্ৰীঃ মোক কোৱা হৈছে যে আপোনাৰ প্ৰশিক্ষণ, প্ৰৱেশ্যনাৰ ২০-২২ বিষয়াৰ স্কোৱাডত হৈছে৷ আপোনাৰ স্কোৱাডক লৈ কি অভিজ্ঞতা হৈছে?

নিথিনৰাজ পিঃ ছাৰ প্ৰকৃততে যেতিয়া আমি স্কোৱাড থাকো, তেতিয়া অনুভৱ হয় যে আমি একাডেমীত অকলশৰীয়া নহয়৷ আমি বহু সতীৰ্থৰ পৰা সমৰ্থন লাভ কৰো আৰু ইয়াত যথেষ্ট ইনড’ৰ আৰু আউটড’ৰ কাম-কাজ থাকে৷ আমি সেইবোৰ কৰিব নোৱাৰো, সেয়া আমাৰ সকলোৰে প্ৰাৰম্ভিক মনোভাৱ আছিল৷ কিন্তু স্কোৱাডৰ সতীৰ্থসকলৰ সমৰ্থনত আমি সকলো কৰিব পৰা হ’লো৷ আনকি ৪০ কিলোমিটাৰেই হওক বা ১৬ কিলোমিটাৰ দৌৰো আমি কৰিব পৰা হ’লো৷

প্ৰধানমন্ত্ৰীঃ নিথিন জী, মোক কোৱা হৈছে যে আপুনি শিক্ষণ ভাল পায়৷ এই সেৱাত জড়িত হোৱাৰ পাছতো সেই কাম অব্যাহত ৰাখিব৷ সেই পদক্ষেপে আপোনাক জনসাধাৰণ সৈতে এক গভীৰ সম্পৰ্ক ৰক্ষাত সহায় কৰিব৷

নিথিনৰাজ পিঃ ছাৰ, মই সেয়াও কৰিব বিচাৰো৷ মই সমাজত সজাগতা সৃষ্টি কৰিব বিচাৰো, এগৰাকী আৰক্ষী বিষয়াই জনা উচিত কিদৰে সমাজক সংযোগ কৰিব পাৰি৷ মই ভাৱো শিক্ষণেই একমাত্ৰ পথ, যাৰ দ্বাৰা সঠিকভাৱে শিক্ষাৰ্থী আৰু সাধাৰণ জনতাৰ সৈতে যোগসুত্ৰ ৰক্ষা কৰিব পাৰি৷

প্ৰধানমন্ত্ৰীঃ আপোনাক বহুত বহুত ধন্যবাদ জনাইছো৷

নিথিনৰাজ পিঃ ধন্যবাদ ছাৰ, জয় হিন্দ ছাৰ৷

শ্ৰেয়া গুপ্তাঃ এই কাৰ্যসূচী আগুৱাই নি এতিয়া মই ডাঃ নৱজৌত ছিমিক আমন্ত্ৰণ কৰিব বিচাৰিছো যে তেওঁ মহোদয়ক নিজৰ পৰিচয় দি মত বিনিময় কৰে৷

ডাঃ নৱজৌতছিমিঃ জয় হিন্দ মহাশয়! মোৰ নাম নৱজৌত ছিমি৷ মই পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ নিবাসী আৰু মোক বিহাৰ কেডাৰ আৱণ্টন কৰা হৈছে৷ ছাৰ মই লুধিয়ানাৰ পৰা ডেণ্টেল ছাৰ্জাৰীৰ স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছো৷ মোৰ জিলা প্ৰশিক্ষণ পাটনাত হৈছে আৰু এই সময়ছোৱাত মহিলা আৰক্ষী কৰ্মচাৰী বৰ্ধিত সংখ্যা, সাহস আৰু প্ৰেৰণাৰ পৰা যথেষ্ট উৎসাহ লাভ কৰিছো৷

প্ৰশ্ন ১:

প্ৰধানমন্ত্ৰীঃ নৱজৌত জী, আপুনি জনসাধাৰণক দাঁতৰ বিষৰ পৰা মুক্তি দিয়া, দাঁতৰ অৱস্থা ভাল কৰাৰ দায়িত্ব পালন কৰিছিল৷ তেনে অৱস্থাত দেশৰ শত্ৰুৰ দাঁত টেঙা কৰাৰ পথ কি বাছনি কৰিলে?

ডাঃ নৱজৌতছিমিঃ ছাৰ অসামৰিক সেৱা প্ৰতি মোৰ আসক্তি বহুত দিনৰ পৰা আছিল আৰু জনসাধাৰণৰ দুখ দুৰ কৰাই এগৰাকী চিকিৎসক আৰু এগৰাকী আৰক্ষীৰ কাম৷ ছাৰ মই ভাৱো অসমাৰিক সেৱাৰ জৰিয়তে এক বৃহৎ মঞ্চত থাকি জনসাধাৰণৰ সমস্যা সমাধান মোৰ বৰঙণি আগবঢ়াব পাৰিম৷

প্ৰশ্ন ২:

প্ৰধানমন্ত্ৰীঃ আপুনি আৰক্ষী বাহিনীত যোগদান কৰাটো কেৱল আপোনাৰেই নহয় দেশৰ উঠি অহা কন্যাসকলৰ বাবেও প্ৰেৰণাদায়ক কথা৷ আজি আৰক্ষীত কন্যাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে৷ এই অংশগ্ৰহণ আৰু অধিক বৃদ্ধিৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব? আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰক৷

ডাঃ নবজৌতছিমিঃ ছাৰ এতিয়া আমাৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণৰ সময়ত বিহাৰ আৰক্ষী একাডেমী ৰাজগিৰত প্ৰশিক্ষণ লৈছিলো৷ ছাৰ তাত মহিলা আৰক্ষীৰ এটা বৃহৎ বাহিনী আছে৷ তেওঁলোকৰ সৈতে কথা পতাৰ সুযোগ পাই মই ইমান উৎসাহিত হৈছিলো যে সেই ছোৱালীসকলে ভৱিষ্যতে পঢ়ি কিবা এটা হ’ব বিচাৰে৷ ছাৰ তেওঁলোক ইতিমধ্যে যথেষ্ট প্ৰেৰণা লাভ কৰিছে৷ তেতিয়া মোৰ ভাল লাগিল আৰু মই ভাৱিলো যেতিয়াই মই কাম যোগদান কৰিম, তেতিয়া মহিলাসকলৰ বাবে নিশ্চিতভাৱে কিবা এটা কৰিম, বিশেষকৈ তেওঁলোক পঢ়া-শুনাৰ ক্ষেত্ৰত৷

প্ৰধানমন্ত্ৰীঃ চাওক নৱজৌত জী কন্যাসকলে অধিক হাৰত আৰক্ষীত যোগদান কৰাটোৱে দেশৰ পুলিচিং ব্যৱস্থাক শক্তিশালী কৰিব৷ পঞ্জাৱ, বিহাৰ, আপোনালোকে মহান গুৰু পৰম্পৰাৰ ৰাজ্যক সংযোগ কৰিছে৷ গুৰুৱে কৈ গৈছে-

भैकाहू को देतनहि,

नहि भय मानत आन।

অৰ্থাৎ সাধাৰণ মনুহক আমি ভয় খুৱাবও নোৱাৰে আৰু কাকো ভয় নকৰে৷ মোৰ বিশ্বাস এই যে আপুনি এই প্ৰেৰণাৰে আগুৱাই যাব আৰু আৰক্ষী সেৱাক আৰু অধিক সমাৱেশী আৰু সংবেদনশালী কৰাত সফল হ’ব৷

ডাঃ নৱজৌতছিমিঃ ধন্যবাদ ছাৰ, জয় হিন্দ!

শ্ৰেয়া গুপ্তাঃ ধন্যবাদ মহাশয়, এতিয়া মই কৌম্মী প্ৰতাপ শিৱকিশোৰক তেওঁৰ পৰিচয় দি আপোনাৰ সন্মুখত তেওঁৰ চিন্তাধাৰা ব্যক্ত কৰিবলৈ অনুৰোধ জনালো৷

কৌম্মী প্ৰতাপ শিৱকিশোৰঃ জয় হিন্দ মহাশয়! মোৰ নাম পি. এছ কিশোৰ আৰু মই অন্ধ্ৰপ্ৰদেশৰ নেলুৰ জিলাৰ বাসিন্দা আৰু মোক অন্ধ্ৰ কেডাৰ আৱণ্টন কৰা হৈছে৷ ছাৰ, মই আইআইটি খড়গপুৰত ফাইনেন্সিছিয়েল ইঞ্জিনিয়াৰিং অফ বায়’টেকন’লজিত বি টেক আৰু এম টেক সম্পূৰ্ণ কৰিছো৷ তাৰ পাছত আৰক্ষী সেৱা যোগদান কৰাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ উৎকৰ্ষ কেন্দ্ৰত কাম কৰিছিলো আৰু মই ভাৱো যে প্ৰযুক্তিক যদি ভালকে ব্যৱহাৰ কৰিলে আৰক্ষীত মানৱশক্তিৰ নাটনি আদিৰ দৰে প্ৰত্যাহ্বান ভালদৰে সমাধান কৰিব পৰা যায়৷

প্ৰশ্ন ১:

প্ৰধানমন্ত্ৰীঃ প্ৰতাপ জী আপুনি ফাইনেন্সিয়েল বিষয়ত অধ্যয় কৰিছিল৷ সাধাৰণতে আজি বিত্তীয় প্ৰৱঞ্চক প্ৰত্যাহ্বান আছে, প্ৰশিক্ষণৰ সময়ত সেইবোৰ মোকাবিলা কৰাৰ বাবে আপোনাৰ মনত কিবা নতুন ধাৰণা আহিছে নিশ্চয়?

কৌম্মী প্ৰতাপ শিৱকিশোৰঃ হয় ছাৰ, আমাক বহু ভালদৰে বিত্তীয় প্ৰৱঞ্চকৰ অনুসন্ধান কৰাত কোনবোৰ আইন আছে, সেইবোৰ চিনাকী কৰাইছে, বিশেষকৈ যেতিয়া আমি জিলা প্ৰশিক্ষণত আছিল, কৰনুল জিলাত বহুত ভাল বিত্তীয় প্ৰৱঞ্চকৰ আধাৰ, ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে কিদৰে ধন চুৰি হয়, এনেধৰণৰ কামৰ অনুসন্ধানৰ সহায় কৰাৰ লগতে যথেষ্ট কথা শিকাৰ সুযোগ পাইছিলো৷

প্ৰশ্ন ২:  চাইবাৰ অপৰাধত আমাৰ শিশু আৰু মহিলাসকলক যথেষ্ট লক্ষ্য হিচাপে লোৱা দেখা যায় আৰু ইয়াৰ বাবে থানা পৰ্যায়ত কি কাম হ’ব পাৰে, ইয়াৰ সৈতে জড়িত কোনো পৰামৰ্শ আপোনাৰ মনলৈ আহিছে নে?

কৌম্মী প্ৰতাপ শিৱকিশোৰঃ ছাৰ আমাৰ ইয়াত সেইবোৰ দিশত কাম হৈছে৷ নতুন নতুন চাইবাৰ অপৰাধ হৈ আছে, প্ৰতিদিনে আমি বাতৰিকাকতত আৰু স্থানীয় চিটী চেনেলত এই বিষয়ে কয়৷ বিশেষকৈ মহাবিদ্যালয় গোটে নতুন স্মাৰ্ট ফোন লৈ আহে তেওঁলোকক লৈ প্ৰতি সপ্তাহত এক কাৰ্যসূচী লোৱাৰ লগতে ৱেবিনাৰযোগে সজাগ কৰাৰ চেষ্টা কৰা হৈছে৷

প্ৰধানমন্ত্ৰীঃ চাওক প্ৰণৱ, ডিজিটেল প্ৰযুক্তি বহুত সামগ্ৰিক প্ৰযুক্তি, যি সকলোকে জড়িত কৰিব পাৰে আৰু দুখীয়া, পীড়িত, বঞ্চিত, শোষিত সকলোকে সুবিধা আৰু সংসাধান প্ৰদান কৰাত যথেষ্ট সহায় কৰে৷ এয়াই আমাৰ ভৱিষ্যৎ৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁলোকক চাইবাৰ অপৰাধৰ ডাঙৰ বিপদ হৈ পৰিছে৷ বিশেষকৈ বিত্তীয় প্ৰৱঞ্চত এটা ডাঙৰ প্ৰত্যাহ্বান৷ ই অপৰাধক থানা, জিলা, ৰাজ্যৰ সীমাৰ পৰা বাহিৰ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানত পৰিণত কৰিলে৷ ইয়াক নিঃশেষ কৰাৰ বাবে চৰকাৰে নিজাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ কিন্তু পুলিচেও সদায় নতুনত্ব আনিব লাগিব৷ ডিজিটেল সজাগতাক লৈ থানা পৰ্যা.ত বিশেষ অভিযান হাতত ল’ব পাৰে৷ ইয়াৰ উপৰি আপোনালোক সকলো যুৱ বিষয়াৰ প্ৰতি মোৰ আহ্বান এই যে আপোনালোকৰ ওচৰত যদি কিবা পৰামৰ্শ আছে, তেন্তে মোক জনাব৷ গৃহ মন্ত্ৰালয়ক জনাব, কিয়নো আজিৰ যি যুৱ বাহিনী, যিসকল এই বিষয়ত পঢ়ি আহিছে, তেওঁলোকৰ চিন্তাধাৰা কামত আহিব৷ প্ৰতাপ, আপোনাক বহুত বহুত শুভকামনা জনালো৷

কৌম্মী প্ৰতাপ শিৱকিশোৰঃ জয় হিন্দ ছাৰ!

শ্ৰেয়া গুপ্তাঃ ধন্যবাদ মহাশয়, এতিয়া বন্ধু ৰাষ্ট্ৰ মালদ্বীপৰ আৰক্ষী বিষয়া শ্ৰী মহম্মদ নাজিমক আপোনাৰ সৈতে কথা পাতিবলৈ অনুৰোধ জনালো৷

মহম্মদ নাজিমঃ সুপ্ৰভাত মাননীয় প্ৰধানমন্ত্ৰী, মই মালদ্বীপ আৰক্ষী সেৱা মুখ্য আৰক্ষী পৰিদৰ্শক মহম্মদ নাজিম৷ ২০১৯ চনত ২০১৯ বৰ্ষত ভাৰতীয় আৰক্ষী সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত প্ৰশিক্ষণ লোৱা স্মৰণীয় মুহূৰ্ত আপোনাৰ সৈতে বিনিময় কৰিবলৈ পাই আনন্দিত হৈছো৷ ইয়াত কটোৱা সময়খিনি যথেষ্ট উপভোগ কৰিলো৷ মই ভাৱো এই সুযোগৰ বাবে ভাৰতৰ চৰকাৰৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ম৷ ধন্যবাদ ছাৰ, জয় হিন্দ৷

প্ৰশ্ন ১:

প্ৰধানমন্ত্ৰীঃ নাজিম, ভাৰত আৰু মালদ্বীপৰ মাজত আপুনি কি সাদৃশ্য বিচাৰি পাইছে?

মহম্মদ নাজিমঃ ছাৰ, সংস্কৃতি আৰু খাদ্য আমাৰ মাজত যথেষ্ট সাদৃশ্য আছে৷

প্ৰশ্ন ২:

প্ৰধানমন্ত্ৰীঃ আমাৰ মাজত নেপাল, ভূটান আৰু মৰিচাচৰ বিষয়া আছে৷ আপুনি সেই দেশসমূহৰ বিষয়ে কেতবোৰ অন্তৰ্দৃষ্টি পাবলৈ সক্ষম হৈছে নে?

মহম্মদ নাজিমঃ হয় ছাৰ, সচাকৈয়ে সহায় কৰিছে৷ আমি বিদেশী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছো আৰু নীতি ব্যৱস্থাৰ বিষয়ে আমি ভাল জ্ঞান লাভ কৰিছো৷

প্ৰধানমন্ত্ৰীঃ হয় নাজিম, সকলোকে শুভেচ্ছা জনাইছো৷

মহম্মদ নাজিমঃ ধন্যবাদ চাৰ, জয় হিন্দ৷

প্ৰধানমন্ত্ৰীঃ মাদদ্বীপৰ প্ৰকৃতিপ্ৰেমী লোকসকলক লগ পাই মই অতিশয় আনন্দিত হও৷ মালদ্বীপ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰই নহয়, বৰঞ্চ বহুত ভাল বন্ধু৷ ভাৰতে মালদ্বীপত পুলিচ একাডেমী নিৰ্মাণত সহায় কৰিছে আৰু মালদ্বীপে এতিয়া ক্ৰিকেটৰ বাবেও প্ৰস্তুত কৰি আছে৷ মালদ্বীপ আৰু ভাৰতৰ সামাজিক আৰু ব্যৱসায়িক সম্পৰ্কও আছে৷ মোৰ বিশ্বাস ভাৰতত আপোনাৰ প্ৰশিক্ষণে মালদ্বীপৰ আৰক্ষীক শক্তিশালী কৰিব আৰু ভাৰত-মালদ্বীপৰ মাজৰ সম্পৰ্কক সমৃদ্ধ কৰাত সহায় কৰিব৷ বহুত বহুত শুভকামনা জনালো৷

শ্ৰেয়া গুপ্তাঃ ধন্যবাদ মহাশয়, এই মত বিনিময় অনুষ্ঠান আগুৱাই নিয়াৰ লগতে আপোনাক সবিনয় নিবেদন কৰিম যে ৰাষ্ট্ৰসেৱাৰ হেতু তৎপৰ আমা প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক উদ্দেশ্যি আমাক মাৰ্গদৰ্শন কৰে যেন৷

***

DS/AV/AK/DB



(Release ID: 1743426) Visitor Counter : 245