বিত্ত মন্ত্ৰালয়

নতুন ডিজিটেল পেমেন্ট আহিলা e-RUPI সম্পৰ্কে সকলোখিনি জানক

Posted On: 06 AUG 2021 10:57AM by PIB Guwahati

(প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টত ডিজিটেল পেমেন্ট চলুশ্যন e-RUPI ৰ শুভাৰম্ভ কৰে, যি হৈছে ডিজিটেল পেমেন্টৰ অৰ্থে এটি কেছলেছ আৰু কনটেক্টলেছ আহিলা। প্ৰধানমন্ত্ৰীয়ে কয় যে এই e-RUPI ভাউচাৰে দেশখনৰ ডিজিটেল লেন-দেনত প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত এটি বৃহৎ ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে আৰু ই ডিজিটেল ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব। তেখেতে কয়, e-RUPI হৈছে ভাৰতে কিদৰে প্ৰযুক্তিৰ সৈতে জনতাৰ জীৱন-যাত্ৰাক সংযোজিতকৰণত অগ্ৰগতি লাভ কৰিছে, তাৰ মূৰ্ত প্ৰতীক।)

 

e-RUPI কি আৰু ই কিদৰে কাম কৰে?

e-RUPI হৈছে মূলতঃ এটি ডিজিটেল ভাউচাৰ যাক হিতাধিকাৰীয়ে তেওঁৰ ফোনত এছএমএছ বা কিউআৰ ক’ডৰ ধৰণেৰে লাভ কৰে। ই হৈছে প্ৰি-পেইড ভাউচাৰ, যাক তেওঁ ইয়াক গ্ৰহণ কৰা যিকোনো কেন্দ্ৰলৈ গৈ মুক্ত (redeem) কৰিব পাৰে।

 

উদাহৰণস্বৰূপে, যদি চৰকাৰখনে এখন নিৰ্দিষ্ট চিকিৎসালয়ত এজন কৰ্মচাৰীৰ এটা নিৰ্দিষ্ট চিকিৎসা ক’ভাৰ কৰিব খোজে, ই অংশীদাৰ বেংকৰ জৰিয়তে নিৰ্ধাৰিত পৰিমাণৰ বাবে এটি e-RUPI ভাউচাৰ জাৰি কৰিব পাৰে। কৰ্মচাৰীজনে তেওঁৰ ফিছাৰ ফোন/ স্মাৰ্ট ফোনত এটা এছএমএছ বা কিউআৰ ক’ড লাভ কৰিব। তেতিয়া তেওঁ নিৰ্দিষ্ট চিকিৎসালয়খনলৈ যাব পাৰে, সেৱাসমূহ গ্ৰহণ আৰু তেওঁৰ ফোনত লাভ কৰা e-RUPI ভাউচাৰখনৰ জৰিয়তে পৰিশোধ কৰিব পাৰে।

 

সেয়ে e-RUPI হৈছে পেমেন্টৰ এককালীন (one time) কনটেক্টলেছ, কেছলেছ ভাউচাৰ-নিৰ্ভৰ পেমেন্ট উপায় যিয়ে ব্যৱহাৰকাৰীসকলক কাৰ্ড, ডিজিটেল পেমেন্ট এপ বা ইন্টাৰনেট বেংকিং সুগমতা অবিহনেই ভাউচাৰটো মুক্তকৰণত সহায় কৰে।

 

 

e-RUPI ক লৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে চিন্তা কৰা ডিজিটেল মুদ্ৰাৰে বিভ্ৰান্ত হোৱা উচিত নহয়। পৰিৱৰ্তে e-RUPI হৈছে ব্যক্তি বিশিষ্ট (person specific) তথা উদ্দেশ্য বিশিষ্ট ডিজিটেল ভাউচাৰ।

 

উপভোক্তাৰ বাবে e-RUPI কিদৰে সুবিধাজনক?

e-RUPI ৰ ক্ষেত্ৰত হিতাধিকাৰীৰ এটা বেংক একাউন্ট থকাৰ প্ৰয়োজন নাই, যি হৈছে আন ডিজিটেল পেমেন্ট ধৰণৰ তুলনাত এটা গুৰুত্বপূৰ্ণ স্বতন্ত্ৰ বৈশিষ্ট্য। ই সহজ, কনটেক্টলেছ দুতৰপীয়া (two-step) মুক্তকৰণ প্ৰক্ৰিয়া নিশ্চিত কৰিছে যাৰ বাবে আনকি ব্যক্তিগত সবিশেষ শ্বেয়াৰৰো প্ৰয়োজনীয়তা নাথাকে।

 

আন এটি উপযোগিতা এয়ে যে e-RUPI সাধাৰণ ফোনতো কাৰ্য্যক্ষম (operable) হৈ উঠে আৰু সেয়ে ইয়াক স্মাৰ্ট-ফোন নথকা ব্যক্তি বা ইন্টাৰনেট সংযোগৰ অভাৱ হোৱা স্থানতো ব্যৱহাৰ কৰিব পাৰি।

 

পৃষ্ঠপোষক (sponsor) ৰ বাবে e-RUPI ৰ লাভা-লাভসমূহ কি?

e-RUPI এ প্ৰত্যক্ষ-লাভ হস্তান্তৰক সুদৃঢ়কৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন আৰু ইয়াক অধিক স্বচ্ছ কৰি তুলিব বুলি আশা কৰা হৈছে। যিহেতু, ইয়াত ভাউচাৰসমূহৰ কায়িক জাৰিকৰণৰ প্ৰয়োজনীয়তা নাই, সেয়ে ই একেদৰে ব্যয় ৰাহিও প্ৰশস্ত কৰিব।

 

সেৱা প্ৰদানকাৰী (Service Provider) সকলৰ কি লাভ হ?

প্ৰিপেইড ভাউচাৰ হোৱাৰ বাবে, e-RUPI এ সেৱা প্ৰদানকাৰীৰ বাবে সঠিক সময়ত পেমেন্ট নিশ্চিত কৰিব।

 

 

e-RUPI ক কোনে যুগুত কৰি উলিয়াইছে?

ভাৰতৰ ডিজিটেল পেমেন্ট বাতাবৰণৰ তত্বাৱধান কৰি থকা নেশ্যনেল পেমেন্ট কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া (NPCI) ই কেছলেছ লেন-দেনক প্ৰোৎসাহনৰ অৰ্থে ভাউচাৰ-নিৰ্ভৰ পেমেন্ট ব্যৱস্থা e-RUPI ৰ শুভাৰম্ভ কৰিছে।

 

বিত্তীয় সেৱাসমূহৰ বিভাগ, স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত ইয়াৰ বিকাশ সাধন কৰা হৈছে।

 

কোন বেংকে e-RUPI জাৰি কৰে?

e-RUPI লেন-দেনৰ অৰ্থে এনপিচিআয়ে ১১ টা বেংকৰ সৈতে মিত্ৰতা স্থাপন কৰিছে। এইসমূহ হৈছেঃ এক্সিছ বেংক, বেংক অৱ বৰোদা, কানাড়া বেংক, এইচডিএফচি বেংক, আইচিআইচিআই বেংক, ইণ্ডিয়ান বেংক, ইণ্ডাছইণ্ড বেংক, কটক মহিন্দ্ৰা বেংক, পঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়া।

অধিগ্ৰহণকাৰী এপসমূহ হৈছেঃ ভাৰত পে’, ভিম (BHIM) বৰোদা মাৰ্চেন্ট পে’, পাইন লেব, পিএনবি মাৰ্চেন্ট পে’ আৰু ইউন’ (YoNo) এছবিআই মাৰ্চেন্ট পে’।

শীঘ্ৰেই e-RUPI পদক্ষেপত অধিক বেংক আৰু অধিগ্ৰহণকাৰী এপে যোগ দিব বুলি আশা কৰা হৈছে।

 

এতিয়া ক e-RUPI ব্যৱহাৰ কৰিব পাৰি?

আৰম্ভণিতে এনপিচিআয়ে ১,৬০০ ৰো অধিক চিকিৎসালয়ৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে য’ত e-RUPI মুক্ত কৰিবপৰা যাব।

বিশেষজ্ঞসকলে কৈছে, আগন্তুক দিনসমূহত e-RUPI ৰ ইউজাৰ বেছ প্ৰসাৰিত হ’ব বুলি আশা কৰা হৈছে, আনকি ব্যক্তিগত খণ্ডয়ো কৰ্মচাৰীক লাভ আগবঢ়াবলৈ ইয়াক ব্যৱহাৰ কৰিছে আৰু এমএছএমইসমূহে বিজনেছ টু বিজনেছ (B2B) লেন-দেনৰ অৰ্থে ইয়াৰ অভিযোজনা কৰিছে।

 

****

 

এনপিচিআইৰ ইনপুটসহ পিআইবি মুম্বাই।



(Release ID: 1743098) Visitor Counter : 283