প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ টীকাকৰণ অভিযানৰ অগ্ৰগতি পৰ্য্যালোচনা প্ৰধানমন্ত্ৰীৰ

অধিক উৎপাদন ইউনিটৰ সুচলতা, পুঁজি যোগান আৰু কেঁচা মালৰ যোগানৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ভেকচিন প্ৰস্তুতকৰ্তাসকলক সহায় কৰি আছে

ভেকচিনৰ অপচয় হ্ৰাসৰ অৰ্থে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা প্ৰধানমন্ত্ৰীৰ

হেল্থ-কেয়াৰ কৰ্মী, ফ্ৰন্ট-লাইন কৰ্মী, ৪৫+ আৰু ১৮-৪৪ বছৰ বসয়ৰ লোকৰ টীকাকৰণৰ ক’ভাৰেজৰ স্থিতি পৰ্য্যালোচনা প্ৰধানমন্ত্ৰীৰ

Posted On: 04 JUN 2021 8:38PM by PIB Guwahati

ভাৰতৰ টীকাকৰণ অভিযানৰ অগ্ৰগতি পৰ্য্যালোচনাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখনি উচ্চ স্তৰীয় বৈঠকত পৌৰহিত্য কৰে। ইয়াত বিষয়াসকলে টীকাকৰণ অভিযানটোৰ ভিন্ন দৃষ্টিকোণ সন্দৰ্ভত বিস্তৃত প্ৰেজেনটেশ্যন আগবঢ়ায়।


প্ৰধানমন্ত্ৰীক ভেকচিনসমূহৰ সাম্প্ৰতিক উপলব্ধতা আৰু ইয়াৰ বৰ্ধনৰ অৰ্থে ৰোড মেপ সন্দৰ্ভত চমুকৈ ব্যক্ত কৰা যায়। তেখেতক তদুপৰি ভেকচিনসমূহৰ উৎপাদন বৃদ্ধিৰ অৰ্থে ভিন্ন ভেকচিন প্ৰস্তুতকৰ্তাসকলক সহায়ৰ বাবে হাতত লোৱা প্ৰচেষ্টাৰাজি সন্দৰ্ভতো অৱগত কৰা হয়। ভাৰত চৰকাৰে ভেকচিন প্ৰস্তুতকৰ্তাসকলৰ সৈতে সক্ৰিয়তাৰে কাম কৰি আছে ও অধিক উৎপাদন ইউনিটৰ সুচলতা, পুঁজি যোগান আৰু কেঁচা মালৰ যোগানৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে হেল্থ-কেয়াৰ কৰ্মী তথা একেদৰে ফ্ৰন্ট-লাইন কৰ্মীসকলৰ টীকাকৰণৰ ক’ভাৰেজৰ স্থিতি পৰ্য্যালোচনা কৰে। তেখেতে তদুপৰি ৪৫ বছৰ বয়সৰ উৰ্ধ তথা একেদৰে ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীৰ টীকাকৰণৰ ক’ভাৰেজৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে তদুপৰি বিভিন্ন ৰাজ্যৰ ভেকচিনৰ অপচয়ৰ স্থিতি পৰ্য্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশনা আগবঢ়াই কয় যে ভেকচিনৰ অপচয়ৰ পৰিমাণ এতিয়াও অধিক হৈ আছে আৰু এই সংখ্যা হ্ৰাসৰ অৰ্থে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে।
বিষয়াসকলে লগতে প্ৰধানমন্ত্ৰীগৰাকীক টীকাকৰণ প্ৰক্ৰিয়াটোক অধিক জনমুখী কৰি তুলিবলৈ প্ৰযুক্তি দৃষ্টিকোণেৰে গ্ৰহণ কৰা ভিন্ন ব্যৱস্থা সন্দৰ্ভত চমুকৈ অৱগত কৰে।


প্ৰধানমন্ত্ৰীক বিষয়াসকলে ভেকচিনৰ উপলব্ধতা সন্দৰ্ভত ৰাজ্যসমূহলৈ আগবঢ়োৱা আগতীয়া চাক্ষুষতা সন্দৰ্ভত চমুকৈ জ্ঞাত কৰে। তেওঁলোকে তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰাই যে এই তথ্য জিলা স্তৰক প্ৰদানৰ অৰ্থে ৰাজ্যসমূহক কোৱা হৈছে যাতে জনসাধাৰণৰ কোনো অসুবিধাৰ সৃষ্টি নহয়।


এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী, বাণিজ্য ও উদ্যোগ মন্ত্ৰী, তথ্য ও সম্প্ৰচাৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব, স্বাস্থ্য সচিব আৰু আন গুৰুত্বপূৰ্ণ বিষয়াসকলে অংশগ্ৰহণ কৰে।

****

DS/AKJ/AK/SB



(Release ID: 1742151) Visitor Counter : 138