প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা স্মাৰক ভাষণৰ পাঠ

Posted On: 29 JUL 2021 6:53PM by PIB Guwahati

নমস্কাৰ! কাৰ্যক্ৰমত মোৰ সৈতে জড়িত হৈ থকা কেবিনেটৰ সতীৰ্থ সহযোগীসকল, ৰাজ্যসমূহৰ মাননীয় ৰাজ্যপাল, সন্মানীয় মুখ্যমন্ত্ৰীসকল, উপ মুখ্যমন্ত্ৰীসকল, ৰাজ্য চৰকাৰসমূহৰ মন্ত্ৰীসকল, উপস্থিত শিক্ষাবিদ, অধ্যাপকবৃন্দ, অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ মিত্ৰসকল!

নতুন শিক্ষানীতিৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত সকলো দেশবাসী আৰু বিশেষকৈ বিদ্যাৰ্থীসকলক বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো। বিগত এটা বছৰত দেশৰ আপোনালোক সকলো মহানুভৱ, শিক্ষক, প্ৰধানাচাৰ্য, নীতিনিৰ্দ্ধাৰকসকলে শিক্ষানীতি বলবত্ কৰাৰ বাবে বহুত পৰিশ্ৰম কৰিবলগীয়া হৈছে। ক’ৰোনাৰ এই সময়ছোৱাতো লাখ লাখ নাগৰিকৰ পৰা, শিক্ষক, ৰাজ্যসমূহ, স্বায়ত্তশাসিত নিকায়ৰ পৰা দিহা-পৰামৰ্শ লৈ, কৰ্মবাহিনী গঠন কৰি নতুন শিক্ষানীতিক প্ৰণালীবদ্ধ ব্যৱস্থাৰে বলবত্ কৰাৰ দিহা কৰা হৈছে। যোৱা এটা বছৰত ৰাষ্ট্ৰীয় শিক্ষানীতিক আধাৰ হিচাপে গণ্য কৰি অনেক বৃহত্ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি এই মুহূৰ্ততো মই এনে বহুত নতুন যোজনা, নতুন পদক্ষেপৰ আৰম্ভণী কৰাৰ পৰম সৌভাগ্য লাভ কৰিছো।

বন্ধুসকল,

এই গুৰুত্বপূৰ্ণ সুযোগ এনে এক সময়ত আহিছে, যি মুহূৰ্তত দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বছৰৰ অমৃত মহোত্সৱ উদযাপন কৰি থকা হৈছে। আজিৰ পৰা মাত্ৰ কেইটামান দিনৰ পিচতে ১৫আগষ্টত আমি স্বাধীনতাৰ ৭৫টা বৰ্ষত প্ৰৱেশ কৰিবলৈ অগ্ৰসৰ হৈছো। এক প্ৰকাৰ, নতুন শিক্ষানীতিৰ ৰূপায়ণ, স্বাধীনতাৰ অমৃত মহোত্সৱৰ মুখ্য কাৰ্যক্ৰমতে পৰিণত হৈছে। ইমান এক বৃহত্ মহপৰ্বৰ মাজত ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ ৰূপত আজি আৰম্ভ হোৱা যোজনাসমূহে নতুন ভাৰতৰ নিৰ্মাণ-ত বহুত ডাঙৰ ভূমিকা পালন কৰিব। ভাৰতৰ যি সোণালী ভৱিষ্যতৰ সংকল্পৰ সৈতে আজি আমি স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছো, সেই ভৱিষ্যতৰ দিশে আমাক আজিৰ নতুন প্ৰজন্ময়েই লৈ যাব। ভৱিষ্যতে আমি কিমান আগবাঢ়ি য়াম, কিমান উচ্চতাত অৱতীৰ্ণ হ’মগৈ, এই সকলো আমি আমাৰ যুৱ-প্ৰজন্মক বৰ্তমানে, অৰ্থাত্ আজিৰ তাৰিখত কেনে শিক্ষা প্ৰদান কৰি আছো, কেনে দিশত আগবঢ়াই নিছো, এই কথাৰ ওপৰতে নিৰ্ভৰ কৰিব। সেয়ে, মই ভাবো, ভাৰতৰ নতুন শিক্ষানীতি ৰাষ্ট্ৰ নিৰ্মাণৰ মহাযজ্ঞত বহুত ডাঙৰ ‘ফেক্টৰ’ৰ অন্যতম হিচাপে পৰিগণিত হৈছে। আৰু সেয়ে, দেশে এই শিক্ষা নীতিক ইমানেই আধুনিক কৰি প্ৰস্তুত কৰিছে, ইমানেই ভৱিষ্যদৰ্শী ৰূপত সাজু কৰি উলিয়াইছে। আজি এই কাৰ্যক্ৰমৰে জড়িত অধিকাংশ মহানুভৱ, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাৰুকৈয়ে পৰিচিত হয়, কিন্তু এয়া ইমানেই ডাঙৰ মিছন যে, এই অনুভৱক আমি বাৰে বাৰে মনত ৰখাৰ প্ৰয়োজন আছে।

বন্ধুসকল,

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বহু সংখ্যক যুৱ-ছাত্ৰ আমাৰ সৈতে সমবেত হৈছেহি। আমি যদি এইসকল বন্ধুৰ আশা-আকাংক্ষাৰ বিষয়ে, তেওঁলোকৰ সপোনবোৰৰ বিষয়ে প্ৰশ্ন কৰো, তেন্তে দেখিবলৈ পাম যে প্ৰত্যেকগৰাকী যুৱ-সতীৰ্থৰ মনত একধৰণৰ নতুন ভাৱ, একধৰণৰ শক্তিৰ অনুভৱ হোৱা দেখিবলৈ পাম। আমাৰ যুৱ-প্ৰজন্ম পৰিৱৰ্তনৰ বাবে সম্পূৰ্ণ ৰূপেই সাজু হৈ আছে। তেওঁলোকে অপেক্ষা কৰিব বিচৰা নাই। আমি সকলোৱে দেখিছো, ক’ৰোনা-কালত কেনেকৈ আমাৰ শিক্ষা-ব্যৱস্থাৰ সন্মুখত ইমান ডাঙৰ প্ৰত্যাহ্বানে দেখা দিছে। ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা কৰাৰ, জীৱনশৈলীয়ে সলনি হৈ পৰিছে। কিন্তু দেশৰ বিদ্যাৰ্থীসকলে দ্ৰুত গতিৰে এই পৰিৱৰ্তনৰে তাল মিলাবলৈ শিকি পেলাইছে। অনলাইন শিক্ষা এতিয়া এক সহজ শৈলীত পৰিণত হৈছে। শিক্ষা মন্ত্ৰালয়েও ইয়াৰ বাবে অনেক প্ৰয়াস কৰিছে। মন্ত্ৰালয়টোৱে ‘দীক্ষা প্লেটফৰ্ম’ আৰম্ভ কৰিছে, ‘স্বয়ং প’ৰ্টেল’-ত পাঠ্যক্ৰম আৰম্ভ কৰিছে, আৰু আমাৰ বিদ্যাৰ্থীসকলেও সম্পূৰ্ণ উত্সাহৰে ইয়াত অংশগ্ৰহণ কৰিছে। মোক জানিবলৈ দিয়া মতে ‘দীক্ষা প’ৰ্টেল’-ত যোৱা এটা বছৰত ২৩শ কোটিৰো অধিক ‘হিট’ হোৱা কথাই এই পদক্ষেপৰ  উপযোগিতাকে প্ৰতিপন্ন কৰিছে বুলি ক’ব লাগিব। আজিৰ তাৰিখতো ইয়াত প্ৰতিদিনে প্ৰায় ৫কোটি ‘হিট’ হৈ থকা দেখিবলৈ পোৱা গৈছে।

বন্ধুসকল,

২১শতিকাৰ আজিৰ যুৱ-প্ৰজন্মই নিজৰ ব্যৱস্থাসমূহ, নিজৰ পৃথিৱীখন নিজেই নিজৰ হিচাপে তৈয়াৰ কৰি ল’ব বিচাৰে। সেয়ে, তেওঁলোকে ‘এক্সপ’জাৰ’ বিচাৰে, তেওঁলোকে পুৰণি বন্ধনৰ পৰা, পিঞ্জৰাবদ্ধতাৰ পৰা মুক্তি বিচাৰে। চাওকচোন এতিয়া সৰু সৰু গাঁৱৰ পৰা, অঞ্চলৰ পৰা ওলাই অহা যুৱক-যুৱতীয়ে কেনেকুৱা সাফল্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। দূৰ-দূৰণিৰ অঞ্চলসমূহৰ পৰা আৰু তেনেই সাধাৰণ পৰিয়ালসমূহৰ পৰা অহা যুৱক-যুৱতীসকলে আজি ‘টকিঅ’ অলিম্পিক’ত দেশৰ পতাকা উৰুৱাই ৰাখিছে, ভাৰতক এক নতুন পৰিচিতি প্ৰদান কৰিছে। এনে কোটি কোটি যুৱক-যুৱতীয়ে আজি বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কাম কৰি আছে, অসাধাৰণ লক্ষ্যৰ বুনিয়াদ গঢ়ি আছে। কোনোবাই হয়তো কলা আৰু সংস্কৃতিৰ জগতত পুৰাতন আৰু আধুনিকতাৰ ‘ফিউজন’ৰে নতুন শৈলীৰ জন্ম দিয়াত ব্ৰতী হৈছে, কোনোবা আকৌ ‘ৰ’ব’টিক্স’ৰ ক্ষেত্ৰত কেতিয়াবা ‘ছাই-ফাই’ বুলি খ্যাত কল্পনাক বাস্তৱ কৰাত ব্যস্ত আছে। আন কোনোবা হয়তো ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ ক্ষেত্ৰত মানৱীয় ক্ষমতাসমূহক নতুন উচ্চতালৈ নিয়াৰ প্ৰয়াসত ব্যস্ত আছে, কোনোবা ‘মেশ্বিন লাৰ্ণিঙ’ত নতুন অভিলেখ ৰচনাৰ বাবে প্ৰস্তুতি চলাই আছে। অৰ্থাত্ প্ৰতিটো ক্ষেত্ৰত ভাৰতৰ যুৱ-প্ৰজন্মই নিজৰ নিচান উৰুৱাৰ বাবে আগবাঢ়ি আহিছে। এয়াই যুৱ-ভাৰতৰ ‘ষ্টাৰ্টআপ ইক’-ছিষ্টেম’-ক ‘ৰিভলিউশ্যনাইজ’ কৰি আছে, ‘ইণ্ডাষ্ট্ৰী ৪.০’ত ভাৰতৰ নেতৃত্বক তৈয়াৰী কৰি আছে, আৰু ‘ডিজিটেল ইণ্ডিয়া’ক নতুন গতি প্ৰদান কৰি আছে। আপোনালোকে কল্পনা কৰকচোন, এই যুৱ-প্ৰজন্মই যেতিয়া তেওঁলোকৰ সপোনৰ অনুকূল বাতাবৰণ লাভ কৰিব তেতিয়া তেওঁলোকৰ শক্তি কিমান অধিক ৰূপত বৃদ্ধি পাবগৈ। আৰু সেয়ে, ‘নতুন শিক্ষা নীতি’-য়ে যুৱ-প্ৰজন্মক এই বিশ্বাস দিছে যে দেশ এতিয়া সম্পূৰ্ণ ৰূপতে তেওঁলোকৰ লগত আছে, তেওঁলোকৰ উদ্যমৰ সৈতে আছে। যি ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’-ৰ কাৰ্যক্ৰম এতিয়া শুভাৰম্ভ কৰা হৈছে, সেয়াও আমাৰ যুৱক-যুৱতীসকলক ‘ফিউচাৰ অৰিয়েণ্টেড’ কৰি তুলিব, ‘এআই ড্ৰিভেন’ অৰ্থনীতি-ৰ বাবে পথ প্ৰশস্ত কৰিব। শিক্ষাত এই ‘ডিজিটেল ৰিভলিউশ্যন’, সম্পূৰ্ণ দেশলৈ একেলগেই আহিছে, গাঁও-চহৰ সকলোকে সমান ৰূপতে ‘ডিজিটেল লাৰ্ণিং’-ৰে জড়িত কৰিছে, ইয়াৰ প্ৰতিও বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ‘নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকশ্যাৰ’, অৰ্থাত্ ‘এনডিইএআৰ’ আৰু নেশ্যনেল এডুকেশ্যন টেক্নল’জী ফোৰাম’- ‘এনইটিএফ’-য়ে এই দিশত সমগ্ৰ দেশতে ‘ডিজিটেল’ আৰু  ‘টেকনলজীকেল ফ্ৰেমৱৰ্ক’ উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যুৱ-মনে যি দৰেই চিন্তা কৰিব বিচাৰে, মুকলি আকাশত যেনেকৈ উৰিব বিচাৰে, দেশৰ নতুন শিক্ষা ব্যৱস্থাই তেওঁলোকক সেইদৰেই সুযোগ প্ৰদান কৰাব।

বন্ধুসকল,

যোৱা এটা বছৰত আপোনালোকেও চাগৈ অনুভৱ কৰিছে যে ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ক যিকোনো ধৰণৰ হেঁচাৰ পৰা মুক্ত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। যি নীতি ‘অ’পেননেছ পলিচী’ৰ অভিধাৰে পৰিপুষ্ট, সেই ‘অ’পেননেছ’ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা বিকল্পসমূহতো আছে। এতিয়া শিক্ষাৰ্থীসকলে কিমান পঢ়িব, কিমান সময় ধৰি পঢ়িব, এয়া কেৱল বোৰ্ড আৰু বিশ্ববিদ্যালয়সমূহে নিৰ্দ্ধাৰণ কৰিব নোৱাৰিব। এনে সিদ্ধান্তৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰো সহভাগিতা থাকিব। ‘মাল্টিপল এণ্ট্ৰী এণ্ড এগজিট’-ৰ যি ব্যৱস্থা আজি আৰম্ভ কৰা হৈছে, ইয়ে শিক্ষাৰ্থীসকলক এটাই শ্ৰেণী আৰু এটাই পাঠ্যক্ৰমতে বৰ্তী থাকিবলৈ বাধ্য কৰোৱা পৰিৱেশটোৰ পৰা মুক্ত কৰিব। আধুনিক প্ৰযুক্তি আধাৰিত ‘একাডেমিক বেংক অব ক্ৰেডিট’ এই পদ্ধতিৰ দ্বাৰা এই দিশত শিক্ষাৰ্থীৰ বাবে বৈপ্লৱিক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। এতিয়া প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিজৰ হেঁপাহ, নিজৰ সুবিধা অনুযায়ী যেতিয়াই মন যায় একোটা আঁচনিক পচন্দ কৰিব পাৰিব, অথবা ত্যাগ কৰিবও পাৰিব। এতিয়া কোনোবা এটা পাঠ্যক্ৰম পচন্দ কৰাৰ সময়ত ভয় কৰাৰো অৱকাশ নাথাকিব। সেই দৰে ‘ষ্ট্ৰাকচাৰ্ড এচেছমেণ্ট ফৰ এনালাজিং লাৰ্ণিং লেভেল’ অৰ্থাত্ ‘সফল’-ৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সমীক্ষা কৰাৰ বিজ্ঞানসন্মত পদ্ধতিও আৰম্ভ হৈছে। এই ব্যৱস্থাই আহিবলগীয়া সময়বোৰত শিক্ষাৰ্থীসকলক শংকাৰ পৰা মুক্তি প্ৰদান কৰিব। যুৱ-প্ৰজন্মৰ মনৰ পৰা এই শংকা যেতিয়া নোহোৱা হ’ব তেতিয়া নতুন কৌশল গ্ৰহণ কৰাৰ সাহস আৰু নতুন নতুন উদ্ভাৱনৰ নতুন যাত্ৰাৰ শুভাৰম্ভ হ’ব, সম্ভাৱনাৰ অসীম বিস্তাৰৰ পৰিবেশৰ সূচনা হ’ব। সেয়ে মই আকৌ এবাৰ কব বিচাৰিছো যে আজি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-ৰ ৰূপত যি নতুন কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে,  সিয়ে ভাৰতৰ ভাগ্য পৰিৱৰ্তন কৰাৰ সামৰ্থ্য বহণ কৰিছে।  


বন্ধুসকল,

আমি দশক দশক ধৰি এই পৰিস্থিতি প্ৰত্যক্ষ কৰি আহিছো যে ভালকৈ পঢ়াৰ বাবে বিদেশলৈ যাবই লাগিব। কিন্তু ভালকৈ পঢ়াৰ বাবে বিদেশৰ পৰা ভাৰতলৈ ছাত্ৰ-ছাত্ৰী আগমন হওক, সবাতোকৈ উত্তম শিক্ষা প্ৰতিষ্ঠান ভাৰতলৈ আহক, এতিয়া এই দৃশ্য আমি দেখিবলৈ আৰম্ভ কৰিম। এই কথা বহুত উত্সাহ প্ৰদানকাৰী যে দেশৰ ডেড়শৰো অধিক বিশ্ববিদ্যালয়ত ‘অফিচ অব ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ’ স্থাপিত কৰা হৈছে। ভাৰতৰ উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহে আন্তৰাষ্ট্ৰীয় স্তৰত গৱেষণা আৰু শিক্ষায়তনিক ক্ষেত্ৰত আৰু অধিক আগুৱাই যাওক, ইয়াৰ বাবে আজি নতুন বিধি-নিৰ্দেশনাও জাৰি কৰা হৈছে।

বন্ধুসকল,

আজিৰ তাৰিখত উজ্জীৱিত হোৱা সম্ভাৱনাসমূহক বাস্তৱায়িত কৰিবলৈ আমাৰ যুৱ-প্ৰজন্মক পৃথিৱীতকৈ এখোজ আগত খোজ পেলোৱাৰ প্ৰয়োজন আছে। তেওঁলোকে সদায় এখোজ আগত থকাৰ কথা চিন্তা কৰিব লাগিব। স্বাস্থ্যই হওক, প্ৰতিৰক্ষাই হওক, আন্তঃগাঁথনি নিৰ্মাণেই হওক, প্ৰযুক্তিয়েই হওক, দেশক প্ৰতিটো ক্ষেত্ৰতে সমৰ্থবান আৰু আত্মনিৰ্ভৰ কৰি তুলিবই লাগিব। আত্মনিৰ্ভৰ ভাৰতৰ এই পথ ‘স্কিল ডেভেলপমেণ্ট’ আৰু ‘টেকনলজী’ৰ জৰিয়তে সম্ভৱ হ’ব, যিটো কথাত ‘এনইপি’য়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। মোৰ ভাল লাগিছে যে যোৱা এটা বছৰত ১২০০ৰো অধিক উচ্চ শিক্ষা সংস্থাত কৌশল বিকাশৰে জড়িত শতাধিক নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তলৈ অনুমোদন জনোৱা হৈছে।


বন্ধুসকল,

শিক্ষা সন্দৰ্ভত পূজনীয় বাপুয়ে কৈছিল- “ৰাষ্ট্ৰীয় শিক্ষাক সঁচা অৰ্থত ৰাষ্ট্ৰীয় কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰিস্থিতিসমূহক প্ৰতিফলিত কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিব”। বাপুৰ এই দূৰদৰ্শী চিন্তাক পূৰ্ণতা প্ৰদান কৰিবলৈ স্থানীয় ভাষাসমূহৰে, মাতৃভাষা মাধ্যমৰে শিক্ষাদানৰ চিন্তা ‘এনইপি’ত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া উচ্চতৰ শিক্ষাত ‘শিক্ষণৰ মাধ্যম’-ৰ বাবে স্থানীয় ভাষাকো এক বিকল্প হিচাপে গণ্য কৰা হ’ব। মোৰ ভাল লাগিছে যে ৮খন ৰাজ্যৰ ১৪খন ‘ইঞ্জিনিয়েৰিং কলেজ’ত, ৫টা ভাৰতীয় ভাষা- হি্ন্দী, তামিল, তেলেগু, মাৰাঠী আৰু বাংলা ভাষাত ‘ইঞ্জিনীয়াৰিং’-ৰ পাঠ পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। ‘ইঞ্জিনিয়াৰিং’-ৰ পাঠ্যক্ৰমক ১১টা ভাৰতীয় ভাষালৈ তৰ্জমা কৰিবলৈ এটা আহিলাও উপলব্ধ কৰাৰ দিহা কৰা হৈছে। ক্ষেত্ৰীয় ভাষাত নিজৰ পঢ়া-শুনা আৰম্ভ কৰাৰ কাম আৰম্ভ কৰিবলৈ ওলোৱা ছাত্ৰ-ছাত্ৰীসকলক মই বিশেষ ভাবে অভিনন্দন দিব বিচাৰিছো। ইয়াৰ দ্বাৰা সকলোতকৈ লাভ দেশৰ দৰিদ্ৰ, গাঁও-বস্তিত বসবাস কৰা সকলৰ ছাত্ৰ-ছাত্ৰীৰ, দলিত পিছপৰা আৰু আদিবাসী ভাই-ভনীসকলৰ হ’ব।


বন্ধুসকল,

প্ৰাৰম্ভিক শিক্ষাৰ ক্ষেত্ৰতো মাতৃভাষাক প্ৰোতসাহিত কৰাৰ কাম আৰম্ভ কৰা হৈছে। ‘বিদ্যা প্ৰৱেশ’ কাৰ্যক্ৰমৰ আজি শুভাৰম্ভ কৰা হৈছে, তাৰো ইয়াত বহুত ডাঙৰ ভূমিকা আছে। ‘প্লে’ স্কুল’ৰ অৱধাৰণা ইমান দিনে ডাঙৰ ডাঙৰ চহৰ-নগৰসমূহৰ মাজতে সীমাবদ্ধ আছিল, ‘বিদ্যা প্ৰৱেশ’ৰ জৰিয়তে সেয়া এতিয়া দূৰ-দূৰণিৰ প্ৰত্যন্ত এলেকাৰ স্কুল পৰ্যন্ত গৈ পাবগৈ, গাঁৱে গাঁৱে উপলব্ধ হবগৈ। এই কাৰ্যক্ৰম আহিবলগীয়া সময়ত সাৰ্বজনীন কাৰ্যক্ৰম হিচাপে ৰূপায়িত হ’ব, আৰু ৰাজ্যসমূহেই নিজৰ নিজৰ প্ৰয়োজনীয়তাৰ আধাৰত ইয়াক ৰূপায়ণ কৰিব। অৰ্থাত্, দেশৰ কোনো এটা প্ৰান্তৰ শিশু লাগিলে ধনীৰে হওক কিম্বা দুখীয়াৰে হওক, তেওঁলোকৰ পঢ়া-শুনা হাঁহি হাঁহি আৰু খেলা-ধূলাৰ মাজেৰেই সম্ভৱ হ’ব, সহজ ভাবেই হ’ব। আৰু যেতিয়া শুভাৰম্ভ হাঁহিৰে হ’ব, তেন্তে আগলৈ সফলতাৰ পথো সহজেই সম্পূৰ্ণ হ’ব। 


বন্ধুসকল,

আজি আৰু এটা কাম হৈছে, যিটোৱে মোৰ অন্তৰক বাৰুকৈয়ে স্পৰ্শ কৰিছে, খুবেই সংবেনশীল। আজি দেশত ৩লাখৰো অধিক শিশুৰ অৱস্থা এনেকুৱা যে তেওঁলোকক শিক্ষাৰ বাবে সাংকেতিক ভাষাৰ প্ৰয়োজন হয়। এই কথা হৃদয়ংগম কৰিয়ে ভাৰতীয় ‘ছাইন লেংগুৱেজ’ক এই প্ৰথম বাৰ এক ভাষা বিষয় অৰ্থাত্ এক ‘ছাবজেক্ট’ৰ ৰূপত মান্যতা প্ৰদান কৰা হৈছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে ইয়াক ভাষা হিচাপেও পঢ়িব পাৰিব। ইয়াৰ ফলত ভাৰতীয় ‘ছাইন লেংগুৱেজ’ৰ ক্ষেত্ৰত বহুত লাভ হ’ব, আমাৰ দিব্যাংগ সতীৰ্থসকলেও বহুত সহযোগিতা লাভ কৰিব পাৰিব।

বন্ধুসকল,

আপোনালোকেও জানে যে যিকোনো ছাত্ৰৰে সম্পূৰ্ণ পঢ়া-শুনাত, তেওঁলোকৰ জীৱনত শিক্ষকসকলৰ অপৰিসীম প্ৰেৰণা থাকে। আমাৰ দেশতো কোৱাই হয় যে-

গুৰু ন প্ৰাপ্যতে যত্ তত্ ন অন্য অত্ৰাপি লভ্যতে।

অৰ্থাত্, ‘যি গুৰুৰ পৰা লাভ কৰিব পৰা নাযায়, সেয়া কৰো পৰা প্ৰাপ্ত কৰা সম্ভৱ নহয়’। অৰ্থাত্, এনেকুৱা একো বস্তু নাই ‘যাক এগৰাকী মহান গুৰু, এগৰাকী ভাল শিক্ষকক পোৱাৰ পিচত দুৰ্লভ হ’ব’। সেয়ে, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ‘ফৰ্মুলেশ্যন’ৰ পৰা ‘ই্ম্প্লিমেনটেশ্যন’ পৰ্যন্ত প্ৰতিটো পৰ্যায়তে আমাৰ শিক্ষকসকলে সক্ৰিয় ৰূপত এই অভিযানৰ অংগ হৈ কাম কৰি গৈছে। আজি শুভাৰম্ভ কৰা নিষ্ঠা ২.০ এই কাৰ্যক্ৰমো এই দিশত এক উল্লেখনীয় ভূমিকা পালন কৰিবগৈ। এই কাৰ্যক্ৰমৰ জৰিয়তে দেশৰ শিক্ষকসমাজে আধুনিক প্ৰয়োজনীয়তাৰ হিচাপত প্ৰশিক্ষণো লাভ কৰাৰ উপৰি তেওঁলোকে নিজৰ পৰামৰ্শও বিভাগলৈ আগবঢ়োৱাৰ সুবিধা লাভ কৰিব। আপোনালোক সকলো শিক্ষকৰ প্ৰতি, অকাডেমিচিয়ানৰ প্ৰতি মোৰ অনুৰোধ এই য়ে এই প্ৰয়াসত সকলোৱে উদ্যমৰে অংশগ্ৰহণ কৰক, অধিক হাৰত যোগদান কৰক। আপোনালোকে শিক্ষাজগতৰ বিষয়ে ইমানবোৰ অভিজ্ঞতা আহৰণ কৰিছে যে, বহু অভিজ়্তাৰে পৰিপুষ্ট যে আপোনালোকে যেতিয়া প্ৰয়াস কৰিব সেই প্ৰয়াসে দেশক বহুদূৰ আগুৱাই লৈ যাবলৈ সক্ষম হ’ব। মই ভাবো যে, এই কালখণ্ডত আমি যি কামতে নাথাকো কিয়, আমি সকলো সৌভাগ্যশালী হও, কিয়নো আমি ইমান এক বৃহত্ পৰিৱৰ্তনৰ সাক্ষী হোৱা সুযোগ লাভ কৰিছো, এই পৰিৱৰ্তনত ভূমিকা গ্ৰহণ কৰিবলৈ পাইছো। আপোনালোকৰ জীৱনলৈ এই সোণালী সুযোগ আহিছে যে আপোনালোকে দেশৰ ভৱিষ্যত নিৰ্মাণ কৰিব, ভৱিষ্যতৰ ৰূপৰেখা নিজৰ হাতৰে অংকণ কৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস যে, আহিবলগীয়া সময়বোৰত যিমানেই নতুন শিক্ষা নীতিৰ বেলেগ বেলেগ ‘ফিচাৰ’সমূহ বাস্তৱায়িত হ’বলৈ ধৰিব, আমাৰ দেশে এক নতুন যুগ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হব। আমাৰ যুৱ-প্ৰজন্মই যিমানেই এক আধুনিক আৰু ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰে জড়িত কৰি যাব, দেশে স্বাধীনতাৰ অমৃত সংকল্পসমূহ আহৰণ কৰি গৈ থাকিব। এই শুভ কামনাৰেই মই মোৰ ভাষণৰ সামৰণি মাৰিলো। আপোনালোক সকলো সুস্থ শৰীৰে, নতুন উদ্যমৰে আগুৱাই যাওক। বহুত বহুত ধন্যবাদ!


****


DS/SH/AV/KB



(Release ID: 1741182) Visitor Counter : 230