প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে টেলিফোনযোগে কথা পাতিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

পোষ্ট কৰা হৈছে: 19 JUL 2021 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত আস্থা ভোটত জয়ী হৈ নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা শ্ৰীযুত শ্বেৰ বাহাদুৰ দেউবাক টেলিফোনযোগে অভিনন্দন আৰু শুভেচ্ছা জনায়৷

ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্বক স্বীকৃতি জনাই দুয়োখন দেশৰ জনগণৰ যোগসুত্রবোৰৰ কথা স্মৰণ কৰি প্রধানমন্ত্রীয়ে উভয় দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ প্রতি গুৰু আৰোপ কৰে৷

তেওঁলোকে বর্তমান ক’ৰোনাজনিত মহামাৰী পৰিস্থিতিত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পর্ক কিদৰে সুদৃঢ় কৰিব পৰা যায়, তাক লৈও আলোচনা কৰে৷

*****

 

DS/AKJ/DB


(ৰিলিজ আই ডি : 1740504) অতিথি কক্ষ : 180