প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ইব্রাহিম মোহাম্মদ চোলিহৰ মাজত টেলিফোনিক বাৰ্তালাপ

प्रविष्टि तिथि: 14 JUL 2021 2:27PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপ প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ইব্রাহিম মোহাম্মদ চোলিহৰে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
ৰাষ্ট্ৰপতি চোলিহে ক’ভিড মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতৰ সহযোগিতা আৰু সহায়তাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়।
উভয় নেতাই মালদ্বীপত ভাৰত-সমৰ্থিত উন্নয়ন প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্য্যালোচনা কৰে আৰু ক’ভিড মহামাৰীটোৰ সীমাবদ্ধতা সত্বেও ৰূপায়ণৰ ক্ষীপ্ৰ গতিক লৈ সন্তোষ ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে মালদ্বীপ হৈছে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতি আৰু সমগ্ৰ অঞ্চলটোৰ বাবে সুৰক্ষা আৰু বিকাশৰ সামুদ্ৰিক দৃষ্টি (SAGAR) ৰ এটা কেন্দ্ৰীয় স্তম্ভ।
প্ৰধানমন্ত্ৰীয়ে তদুপৰি ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদৰ অধ্যক্ষ হিচাপে বৈদেশিক মন্ত্ৰী আবদুল্লা চাহিদৰ নিৰ্বাচনৰ বাবে মহামহিম ৰাষ্ট্ৰপতি চোলিহক অভিনন্দন জ্ঞাপন কৰে।
দুয়োজন নেতাৰ মাজত টেলিফোনিক বাৰ্তালাপে তেওঁলোকক দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক স্থিতিৰ বুজ লোৱাৰ সুযোগ প্ৰদান কৰে আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত অব্যাহত থকা সাৰ্বিক সহযোগিতালৈ পৰৱৰ্তী গতি আৰু পথ নিৰ্দেশনা আগবঢ়ায়।

***

DS/VJ/AK/SB


(रिलीज़ आईडी: 1736120) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam