প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী কে.ভি. সম্পথ কুমাৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 30 JUN 2021 6:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনিক সংস্কৃত কাকত সুধাৰ্মাৰ সম্পাদক শ্ৰী কে.ভি. সম্পথ কুমাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “শ্ৰী কে. ভি. সম্পথ হৈছে এগৰাকী প্ৰেৰণাদায়ক ব্যক্তি, যি সংস্কৃতৰ সংৰক্ষণ আৰু বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত ভাষাটো জনপ্ৰিয় কৰাত অহোপুৰুষাৰ্থ কৰিছিল৷ তেওঁৰ দৃঢ়তা আৰু সংকল্প প্ৰেৰণাদায়ক আছিল৷ তেওঁৰ বিয়োগত দুঃখিত হৈছো৷ তেওঁৰ পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

***

DS/SH/DB



(Release ID: 1733050) Visitor Counter : 162