কেবিনেট

কেবিনেটে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা (এবিআৰওৱাই) ৰ অধীনত পঞ্জীয়নৰ অন্তিম তাৰিখ ৩০ জুন ২০২১ৰ পৰা ৩১ মাৰ্চ ২০২২ লৈ বৃদ্ধি কৰাৰ অনুমোদন প্ৰদান কৰিছে

Posted On: 30 JUN 2021 4:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে অনুষ্ঠিত কেবিনেটে ভাৰত ৰোজগাৰ যোজনা (এবিআৰওৱাই) ৰ অধীনত সুবিধা লাভৰ বাবে হিতাধিকাৰী পঞ্জীয়নৰ অন্তিম তাৰিখ নমাহৰ বাবে অৰ্থাৎ ৩০ জুন, ২০২১ ৰ পৰা ৩১ জুলাই, ২০২২ লৈ বৃদ্ধিত অনুমোদন জনাইছে৷ এই সম্প্ৰসাৰণৰ ফলস্বৰূপে, এইটো আশা কৰা হৈছে যে ব্যৱহাৰিক ক্ষেত্ৰত পূৰ্বৰ অনুমান ৫৮.৫ লাখৰ তুলনাত ৭১.৮ লাখ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব৷ উল্লেখযোগ্য যে ১৮/০৬/২০২১ পৰ্যন্ত, এবিআৰওৱাই ৰ অধীনত ৭৯,৫৭৭ প্ৰতিষ্ঠানৰ যোগেৰে ২১.৪২ লাখ হিতাধিকাৰীক ৯০২ কোটি টকাৰ সুবিধা প্ৰদান কৰা হৈছে৷

৩১.০৩.২০২২ লৈ প্ৰস্তাৱিত বৰ্ধিত সম্প্ৰসাৰণৰ সময়সীমা সামৰি আঁচনিখনৰ আনুমানিক ব্যয় ২২,০৯৮ কোটি টকা হ’ব৷

এই আঁচনিখন কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (ইপিএফও) ৰ দ্বাৰা ৰূপায়ন কৰা হৈছে বিভিন্ন ক্ষেত্ৰসমূহ/ উদ্যোগসমূহৰ নিয়োগকৰ্তাসকলৰ আৰ্থিক বোজা হ্ৰাস আৰু তেওঁলোকক অধিক ৰোজগাৰ প্ৰদানৰ বাবে উৎসাহিত কৰাৰ বাবে৷

এবিআৰওৱাই ৰ অধীন, ইপিএফও ৰ সৈতে পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানসমূহ আৰু মহিলী ১৫,০০০/- টকাৰ তলত দিন হাজিৰা লাভ কৰি থকা তেওঁলোকৰ নতুন কৰ্মচাৰীসকল সুবিধা লাভ কৰিছে যদিহে প্ৰতিষ্ঠানটোই নতুন কৰ্মচাৰী নিয়োগ কৰে বা তেওঁলোকে যিয়ে ০১.০৩.২০২০ ৰ পৰা ৩০.০৯.২০২০ ৰ ভিতৰত কৰ্মসংস্থাপণ হেৰুৱাইছে৷

এবিআৰওৱাই ৰ অধীন, ভাৰত চৰকাৰে, ইপিএফও ৰ সৈতে পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানসমূহ ক্ষমতাৰ উপৰত নিৰ্ভৰ কৰি দুবছৰৰ বাবে কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ অংশ (আয়ৰ ২৪%) বা কেৱল কৰ্মচাৰীৰ অংশ (আয়ৰ ১২%) প্ৰদান কৰিব৷ আঁচনিখনৰ বিষদ নিৰ্দেশাৱলী শ্ৰম আৰু ৰোজগাৰ মন্ত্ৰণালয়ৰ আৰু ইপিএফও ৰ ৱেবচাইটত চাব পাৰে৷

এবিআৰওৱাই প্ৰচলন কৰা হৈছিল আত্মনিৰ্ভৰ ভাৰতৰ ৩.০ পেকেজৰ অধীনত অৰ্থব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু ক’ভিডৰ পিছত বিকাশৰ গতি দ্ৰুত কৰিবলৈ ব্যৱহাৰিক প্ৰতিষ্ঠানসমূহত কৰ্মসংস্থাপন বৃদ্ধি কৰাৰ বাবে৷ এই আঁচনিয়ে দেশৰ অৰ্থনীতিত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ কম কৰিব আৰু কম আয়ৰ শ্ৰমিকসকলে মুখামুখী হোৱা সমস্যাসমূহ দূৰ কৰিব, পুনৰ আৰম্ভণি কৰিবলৈ আৰু ব্যৱসায়িক কাৰ্য্যকলাপ সম্প্ৰসাৰণৰ বাবে  নিয়োগকৰ্তাসকলক উদগণি প্ৰদানৰ জড়িয়তে৷

 

*******

 

DS/MANN



(Release ID: 1732108) Visitor Counter : 218