প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১ জুলাইত 'ডিজিটেল ইণ্ডিয়া'ৰ সুফলভোগীৰ সৈতে বাৰ্তালাপ কৰিব

Posted On: 29 JUN 2021 7:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জুলাইত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে 'ডিজিটেল ইণ্ডিয়া'ৰ সুফলভোগীসকলৰ সৈতে বাৰ্তালাপ কৰিব।

 

২০১৫ৰ ১ জুলাইত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰাৰ পৰা বৰ্তমান 'ডিজিটেল ইণ্ডিয়া'ই ছবছৰ সম্পূৰ্ণ কৰা উপলক্ষে ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই কাৰ্যক্ৰমৰ আয়োজন কৰিছে। 'ডিজিটেল ইণ্ডিয়া' হৈছে নতুন ভাৰতৰ অন্যতম সৰ্ববৃহৎ সফলতাৰ কাহিনী-যি সেৱাসূহক সাৰ্থক কৰি তুলিছে, চৰকাৰক নাগৰিকৰ কাষ চপাই আনিছে, নাগৰিকৰ অংশগ্ৰহণক উদগণি যোগাইছে আৰু জনসাধাৰণক সবল কৰিছে।

 

অনুষ্ঠানত কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীও উপস্থিত থাকিব।

 

********

 

DS/SH



(Release ID: 1731313) Visitor Counter : 145