প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক’ভিড-পীড়িত বিশ্বত যোগাসন আশাৰ ৰেঙনি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়
ফ্ৰণ্টলাইন কৰোনা ৱাৰিয়ৰ্ছসকলে যোগাসনক ঢাল হিচাপে ব্যৱহাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
21 JUN 2021 8:34AM by PIB Guwahati
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামাৰীৰ সময়ত যোগাসনৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে এই জটিল সময়ত যোগাসন মানুহৰ শক্তি আৰু প্ৰেৰণা স্ৰোত হিচাপে পৰিগণিত হৈছে। মহামাৰীৰ মাজত অন্যান্য দেশসমূহে যোগ দিৱসৰ কথা পাহৰি যোৱাটো কোনো ডাঙৰ কথা নাছিল, কিন্তু গোলকীয় ৰূপত একেই উৎসাহেৰে তেওঁলোকে যোগ দিৱস পালন কৰিলে।
যোগে মানুহক মহামাৰীৰ সৈতে যুঁজিবলৈ আত্মবিশ্বাস আৰু শক্তি দিছে। ই মানুহক মানসিকভাৱে সৱল কৰিছে।
প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে কিদৰে ফ্ৰণ্টলাইন কৰোনা ৱাৰিয়ৰ্ছসকলে যোগক ঢাল হিচাপে ব্যৱহাৰ কৰিছে আৰু যোগৰ জৰিয়তে নিজকে শক্তিশালী কৰিছে। ভাইৰাছৰ সংক্ৰমণৰে মোকাবিলা কৰিবলৈ সাধাৰণ নাগৰিক, চিকিৎসক, নাৰ্ছসকলে যোগাসনক আশ্ৰয় হিচাপে গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত ডক্টৰ আৰু নাৰ্ছসকলে যোগাসনৰ অনুষ্ঠানৰ আয়োজন কৰে।
****
DS/MS
(रिलीज़ आईडी: 1730482)
आगंतुक पटल : 232
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam