প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-৭ সন্মিলনৰ প্রথম আউটৰীচ্চ অধিৱেশনত অংশগ্রহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 JUN 2021 11:07PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জি-৭ সন্মিলনৰ প্রথম আউটৰীচ্চ অধিৱেশনত আজি অংশগ্রহণ কৰে৷ “স্বাস্থ্য সেৱা-আৰু অধিক শক্তিশালী ৰূপত গঢ়ি তোলা” শীর্ষক অধিৱেশনত ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰা সমগ্ৰ বিশ্বক ৰোগমুক্ত আৰু ভৱিষ্যতে যিকোনো মহামাৰীৰ বিৰুদ্ধে যুঁজক শক্তিশালী কৰাৰ বিষয়টোক লৈ আলোচনা হয়৷

অধিৱেশনত প্রধানমন্ত্রীয়ে ভাৰতত বৰ্তমান ক’ভিড সংক্রমণৰ যি লহৰ চলি আছে, তাৰ প্রতিৰোধত জি-৭ আৰু অন্যান্য অতিথি ৰাষ্ট্রই আগবঢ়োৱা সহযোগিতাৰ প্রশংসা কৰে৷ তেওঁ ভাৰতত এই মহামাৰীৰ বিৰুদ্ধে যুঁজত সমগ্র সমাজৰ ঐক্যবদ্ধ হোৱাৰ উদ্যোগৰ সন্দৰ্ভত উল্লেখ কৰে৷ চৰকাৰ, উদ্যোগ সংস্থা আৰু সভ্য সমাজক সকলো স্তৰত ঐক্যবদ্ধ হৈ এই যুঁজ দি আহিছে। সংক্রমিত লোকসকলৰ সংস্পর্শলৈ অহা লোকসকলক চিহ্নিত কৰা আৰু টিকাকৰণৰ ব্যৱস্থাপনাৰ বাবে ডিজিটেল প্রক্রিয়াক ভাৰতে সফলভাৱে ব্যৱহাৰ কৰিছে বুলি সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে৷ অন্যান্য উন্নয়নশীল ৰাষ্ট্রসমূহৰ সৈতে ভাৰতে এই অভিজ্ঞতা আৰু দক্ষতা ভাগ কৰাৰ প্ৰতি উৎসাহী। প্রধানমন্ত্রীয়ে বিশ্বজুৰি স্বাস্থ্য সেৱাৰ উন্নয়নত সামহিক প্ৰচেষ্টাৰে ভাৰতৰ সমর্থনৰ কথা উল্লেখ কৰে৷ ক’ভিড প্রতিৰোধত প্রয়োজনীয় প্রযুক্তিৰ ক্ষেত্রত ট্রিপছ সংক্রান্তীয় বিষয়ত ৰেহাই পোৱাৰ বাবে বিশ্ব বাণিজ্য সংস্থাত ভাৰত আৰু দক্ষিণ আফ্রিকাই যি প্রস্তাৱ আনিছে, তাত তেওঁ জি-৭ গোষ্ঠীভুক্ত দেশসমূহৰ সমর্থন বিচাৰে৷

এই বৈঠকৰ জৰিয়তে সমগ্ৰ বিশ্বৰ বাবে “এক বিশ্ব, এক স্বাস্থ্য ব্যৱস্থা” বার্তা প্ৰচাৰ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে৷ ভৱিষ্যতে যি কোনো মহামাৰীৰ বিৰুদ্ধে যুঁজত আন্তর্জাতিক স্তৰত ঐক্য, নেতৃত্ব আৰু সহমর্মিতাৰ আহ্বান জনাই এই বিষয়ত গণতান্ত্রিক আৰু স্বচ্ছ সমাজ ব্যৱস্থাৰ বিশেষ দায়িত্বৰ ওপৰ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ প্রধানমন্ত্রীয়ে জি-৭ সন্মিলনৰ অন্তিম দিনা অৰ্থাৎ কাইলৈ দুখন অধিৱেশনত অংশগ্রহণ কৰিব৷

****

DS/DB



(Release ID: 1727140) Visitor Counter : 187