প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কানপুৰৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

পীড়িতসকললৈ এককালীন সাহাৰ্য ঘোষণা

प्रविष्टि तिथि: 09 JUN 2021 8:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ কানপুৰত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে যিসকলে আত্মীয়ক হেৰুৱালে, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ আত্মীয়লৈ পিএমএনআৰএফৰ পৰা গাইপতি ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ এককালীন সাহাৰ্য ঘোষণা কৰে৷

 

***

DS/DB


(रिलीज़ आईडी: 1726424) आगंतुक पटल : 212
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam