স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড ভেকচিনৰ শেহতীয়া তথ্য
ৰাষ্ট্ৰীয় ক’ভিড টিকাকৰণৰ বাবে জুন,২০২১ত প্ৰায় ১২ কোটি ড’জ উপলব্ধ হ’ব
মে’,২০২১ত ৰাষ্ট্ৰীয় ক’ভিড টিকাকৰণৰ বাবে ৭,৯৪,০৫,২০০ ড’জ উপলব্ধ হৈছিল
গোটেই জুন মাহটোৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আগতীয়াকৈ ভেকচিন আগবঢ়াইছে
प्रविष्टि तिथि:
30 MAY 2021 10:50AM by PIB Guwahati
মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত টিকাকৰণ এক অবিচ্ছেদ্য অংগ। ৰাষ্ট্ৰজোৰা টীকাকৰণ অভিযানৰ অংশস্বৰূপে ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিনামূলীয়া ক’ভিড ভেকচিন আগবঢ়াইছে।
ব্যৱহাৰৰ ধৰণ, জনসংখ্যা আৰু ভেকচিন অপচয়ৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ অনুমোদন আগবঢ়াইছে। ভেকচিনৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গোটেই জুন মাহৰ বাবে ভেকচিন প্ৰদান কৰিছে।
জুন মাহৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৬.০৯ কোটি ক’ভিড ভেকচিনৰ ড’জ আগবঢ়োৱা হ’ব। অতিৰিক্তভাৱে ৫.৮৬ কোটি ড’জ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত হস্পিতালৰ ক্ৰয়ৰ বাবে উপলব্ধ হ’ব। গতিকে, জুন ২০২১ত ৰাষ্ট্ৰীয় টিকাকৰণ অভিয়ানৰ বাবে মুঠ প্ৰায় ১২ কোটি ড’জ উপলব্ধ হ’ব।
মে’ মাহত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক বিনামূলীয়াকৈ ৪.০৩ কোটিৰো অধিক ভেকচিনৰ ড’জ প্ৰদান কৰিছিল। তদুপৰি, ৩.৯০ কোটি ৰাজ্য আৰু ব্যক্তিগত হস্পিতালৰ ক্ৰয়ৰ বাবে উপলব্ধ কৰিছিল। এইদৰে, মে’ ২০২১ত ৰাষ্ট্ৰীয় ভেকচিন অভিযানৰ বাবে মুঠ ৭,৯৪,০৫,২০০ ড’জ উপলব্ধ হৈছিল।
***
MV/MS
(रिलीज़ आईडी: 1723049)
आगंतुक पटल : 314
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam