জল শক্তি মন্ত্ৰালয়

জল জীৱন মিচনৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ ১,৬০৫ কোটি টকাৰ কেন্দ্ৰীয় অনুদান মুকলি

২০২০-২০২১ বৰ্ষত উত্তৰ-পূবৰ ৰাজ্যসমূহত ১১লাখ নলযোগে পানী সংযোগ প্ৰদান কৰা হৈছে

Posted On: 25 MAY 2021 3:16PM by PIB Guwahati

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দ্ৰুত উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ভাৰত চৰকাৰে গ্ৰামাঞ্চলৰ লোকসকলক নলসংযোগী পানী যোগানৰ লক্ষ্যৰে ৰূপায়ণ কৰা জল জীৱন মিচনৰ অধীনত ২০২১-২০২২ বিত্তীয় বৰ্ষত সংশ্লিষ্ট ৰাজ্যসমূহলৈ ১,৬০৫ কোটি টকা মুকলি কৰি দিছে৷ চলিত বিত্তীয় বৰ্ষৰ এয়া প্ৰথমটো কিস্তি৷ ইমান বৃহৎ পৰিমাণ পূঁজি মুকলি কৰি দিয়াটোৱে গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱনৰ উন্নতিত কেন্দ্ৰীয় চৰকাৰে কিমান অগ্ৰাধিকাৰ প্ৰদান কৰিছে, তাকে প্ৰতিপন্ন কৰিছে৷

জল জীৱন মিচনঃ পূঁজিৰ আৱণ্টন আৰু মুকলি

(কোটি টকাৰ হিচাপত)

ক্রমিক সংখ্যা

উত্তৰ-পূবৰ ৰাজ্য

আৱণ্টন

প্রদত্ত ধনৰ পৰিমাণ

১.

অৰুণাচল প্রদেশ

,০১৩.৫৩

২৫৩.৩৮

২.

অসম

,৬০১.১৬

৭০০.০০

৩.

মণিপুৰ

৪৮১.১৯

১২০.৩০

৪.

মেঘালয়

৬৭৮.৩৯

১৬৯.৬০

৫.

মিজোৰাম

৩০৩.৮৯

৭৫.৯৭

৬.

নাগালেণ্ড

৪৪৪.৮১

১১১.২০

৭.

ছিকিম

১২৪.৭৯

৩১.২০

৮.

ত্রিপুৰা

৬১৪.০৯

১৪২.৯১

মুঠ

,২৬১.৮৫

,৬০৪.৫৬

 

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে দেশৰ উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নত সৰ্বাধিক অগ্রাধিকাৰ দি আহিছে৷ উত্তৰ-পূবৰ পূর্ণ সম্ভাৱনাক বাস্তবায়িত কৰিবলৈ প্রধানমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু  এই সমগ্র অঞ্চলৰ উন্নয়নকে ত্বৰান্বিত কৰাৰ ক্ষেত্রত তেওঁৰ প্রচেষ্টা সর্বজনবিদিত। ২০২১-২২ বিত্তীয় বৰ্ষত জল জীৱন মিচনৰ অধীনত উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে কেন্দ্রীয় অনুদান হিচাপে আৱণ্টিত ধনৰ পৰিমাণ ৯,২৬২ কোটি টকা। বর্ধিত অনুদানৰ লগতে পূঁজি আৱণ্টনৰ বিষয়টো দেশৰ এই অঞ্চলৰ অর্থনীতিৰ বিকাশত তথা গ্রামাঞ্চলত পানী সংযোগ প্ৰদানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷

জল জীৱন মিচনৰ অধীনত কেন্দ্রীয় আৱণ্টিত পূঁজিৰ ভিতৰত ৯০ শতাংশ ধন খৰচ কৰা হ’ব পানী যোগান সংক্রান্তীয় আন্তঃগাঁথনিৰ মান উন্নয়নত। একেদৰে, ৫ শতাংশ ধন খৰচ কৰা হ’ব সংশ্লিষ্ট অন্যান্য কাম-কাজত। বাকী ২ শতাংশ ধন পানীৰ গুণা-গুণ বজাই ৰখা আৰু নিৰীক্ষণৰ কামত খৰচ কৰা হ’ব। উল্লেখ্য যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নলযোগে পানী যোগানৰ সংখ্যাৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে পূঁজি আৱণ্টন কৰে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আৱণ্টিত কেন্দ্রীয় অনুদান ১৫ দিনৰ ভিতৰত এক ন’ডেল একাউণ্টত স্থানান্তৰিত কৰিব লাগে৷ এই একাউণ্টৰ পৰা মিচনৰ অধীনত আঁচনি ৰূপায়ণৰ প্রয়োজনীয় ধন খৰচ কৰা হয়৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এনেভাৱে পৰিকল্পনা প্রণয়নৰ প্রস্তাৱ দিয়ে, যাতে গোটেই বছৰ ধৰি পূঁজিৰ ধন কামত লগোৱা হয়।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ গ্ৰামাঞ্চলত প্রায় ৯০ লাখ পৰিয়াল আছে। ইয়াৰে ভিতৰত অসমত ৬৩.৩৫ লাখ পৰিয়াল আছে৷ ২০২০-২১ বিত্তীয় বৰ্ষত এই ৰাজ্যসমূহত প্রায় ১১লাখ পৰিয়ালক নলযোগে পানী যোগান ধৰা হৈছে৷ বৰ্তমানলৈকে উত্তৰ-পূবৰ ৰাজ্যসমূহত ১৬.২৭লাখ পৰিয়ালক নল সংযোগী পানী প্ৰদান কৰা হৈছে৷ উল্লেখ্য যে ২০২৪ চনৰ ভিতৰত দেশৰ প্রতিটো গ্রামীণ পৰিয়ালক নল সংযোগী পানী প্ৰদানৰ লক্ষ্যৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০১৯ৰ ১৫ আগষ্টত জল জীৱন মিচন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল৷ সেই হিচাপে এতিয়ালৈকে সমগ্ৰ দেশৰ ৪.২০ কোটি(২১.৮৭%) পৰিয়ালে ইতিমধ্যে নলসংযোগী পানীৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ গোৱা, তেলেংগানা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু পুডুচেৰীৰ সকলো গ্ৰামীণ পৰিয়ালে ইতিমধ্যে নলসংযোগী পানীৰ সুবিধা লাভ কৰিছে৷

***

BY/AS/DB



(Release ID: 1722069) Visitor Counter : 170