প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়াৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 20 MAY 2021 9:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়া জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়া জীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক আৰু প্ৰশাসনিক জীৱনত তেওঁ সমাজৰ সবলীকৰণৰ ক্ষেত্ৰত কেতবোৰ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

*****

DS/SH/DB



(Release ID: 1720508) Visitor Counter : 135