কেবিনেট

মে’ আৰু জুন ২০২১ৰ বাবে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (তৃতীয় পৰ্যায়)ৰ অধীনত এনএফএছএ হিতাধিকাৰীসকললৈ অতিৰিক্ত খাদ্য শস্য যোগানত কেবিনেটৰ অনুমোদন

Posted On: 05 MAY 2021 12:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোক্তসমূহত কৰ্ম পৰৱৰ্তী অনুমোদন প্ৰদান কৰিছেঃ

 

১. মে’ আৰু জুন ২০২১ৰ বাবে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (তৃতীয় পৰ্যায়)ৰ অধীনত এনএফএছএ হিতাধিকাৰীসকললৈ অতিৰিক্ত খাদ্য শস্য যোগানৰ আৱণ্টন, প্ৰতিজন ব্যক্তিলৈ প্ৰতি মাহে ৫ কেজিকৈ বিনামূলীয়া খাদ্য শস্য

 

২. ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ হোৱা আৱণ্টনসমূহ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সিদ্ধান্তৰ ভেঁটিত প্ৰণয়ন কৰা হ’ব আৰু এয়া এনএফএছএৰ বিদ্যমান আৱণ্টন অনুপাতৰ অধীনত হ’ব৷

 

৩. আৱণ্টিত খাদ্য শস্যৰ পৰিমাণ প্ৰায় ৮০ লাখ মেট্ৰিকটন বুলি অনুমান কৰা হৈছে৷

 

আৱণ্টিত অতিৰিক্ত খাদ্য শস্য বিনামূলীয়াকৈ প্ৰায় ৭৯.৮৮ কোটি হিতাধিকাৰীক টিপিডিএছৰ অধীনত মে’ আৰু জুন মাহৰ প্ৰদান কৰা হ’ব৷ চাউলৰ বাবে ৩৬৭৮৯.২ টকা/মেট্ৰিকটন আৰু ঘেঁহুৰ বাবে প্ৰতি মেট্ৰিকটনত ২৫৭৩১.৪ টকা ধাৰ্য কৰা হৈছে৷

এই সাহায্য ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ অৰ্থনৈতিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা হৈছে৷ আগন্তুক দুটা মাহত যাতে কোনো দৰিদ্ৰ পৰিয়ালেই খাদ্যৰ অভাৱত জীৱন কটাবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেবিনেটে এই অনুমোদন প্ৰদান কৰিছে৷

 

*******

DS/MANN



(Release ID: 1716407) Visitor Counter : 182