PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 02 MAY 2021 7:51PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ ৩-য় পৰ্যায়ৰ আৰম্ভণিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে ১৫.৬৮ কোটি অতিক্ৰম কৰিলে

  • কালিৰেপৰা ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ ৩-য় পৰ্যায় আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিনৰ মুঠ পালিৰ সংখ্যাই ১৫.৬৮ কোটি অতিক্ৰম কৰিলে।
  • যোৱা ২৪ ঘন্টাত ১৮ লাখৰো অধিক পালি ভেকচিন প্ৰদান।
  • ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ অৱনমিত হৈ আছে আৰু সম্প্ৰতি এই হাৰ হৈছে ১.১০%
  • যোৱা ২৪ ঘন্টাত চাৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা লাভ কৰা হোৱা নাই। সেয়া হৈছেঃ দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, লক্ষদ্বীপ, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম।

অধিক বিৱৰণৰ বাবেঃ

 

নাইট্ৰজেন প্লান্টসমূহক অক্সিজেন প্লান্টলৈ ৰূপান্তৰৰ অগ্ৰগতি পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

বৰ্তমানে থকা প্ৰেছাৰ চুইং এবচৰ্পশ্যন (PSA) নাইট্ৰ’জেন প্লান্টসমূহক অক্সিজেন উৎপাদনৰ অৰ্থে ৰূপান্তৰৰ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰা হয়। উদ্যোগসমূহৰ সৈতে কথোপকথনৰ জৰিয়তে, এতিয়ালৈকে ১৪ টা উদ্যোগ চিনাক্ত কৰি উলিওৱা হৈছে যিসমূহ প্লান্টৰ ৰূপান্তৰ প্ৰক্ৰিয়া অব্যাহত আছে। উদ্যোগ সংস্থাসমূহৰ সহায়ৰ জৰিয়তে আৰু ৩৭ টা নাইট্ৰ’জেন প্লান্ট চিনাক্ত কৰি উলিওৱা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

মেডিকেল উদ্দেশ্যৰে গেছীয় অক্সিজেনৰ ব্যৱহাৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

পেট্ৰ’কেমিকেল ইউনিটসহ ষ্টীল প্লান্ট, ৰিফাইনেৰীৰ দৰে বহু উদ্যোগ, সমৃদ্ধ দহন প্ৰক্ৰিয়া ব্যৱহাৰ কৰা উদ্যোগসমূহ, শক্তি প্ৰকল্প ইত্যাদিৰ অক্সিজেন প্লান্ট আছে যিয়ে গেছীয় অক্সিজেন উৎপাদন কৰে যাক এই প্ৰক্ৰিয়াটোত ব্যৱহাৰ কৰা যায়। এই অক্সিজেনকে মেডিকেল ব্যৱহাৰৰ অৰ্থে ব্যৱস্থা কৰিব পাৰি। এনে প্লান্টসমূহৰ সমীপত অস্থায়ী চিকিৎসালয় স্থাপনৰদ্বাৰা এটি চমু সময়ৰ বাবে প্ৰায় ১০,০০০ অক্সিজেন সংযোজিত বিছনা উপলব্ধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

দিল্লীৰ কভিড-১৯ প্ৰস্তুতিৰ স্থিতি পৰ্যালোচনা কেবিনেট সচিবৰ

ভাৰত চৰকাৰৰ কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাই আজি দিল্লীৰ ক’ভিড-১৯ প্ৰস্তুতিৰ ভিন্ন দৃষ্টিকোণ পৰ্যালোচনা কৰে। এই বৈঠকত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ চৰকাৰ (GNCTD) ৰ বিষয়াসকলে এটি প্ৰেজেনটেশ্যন আগবঢ়ায়। ইয়াত সক্ৰিয় ঘটনা, মৃত্যু আৰু পজিটিভিটি হাৰৰ শেহতীয়া ট্ৰেণ্ড; মেডিকেল আন্তঃগাঁথনিৰ উপলব্ধতা আৰু সম্প্ৰসাৰণ পৰিকল্পনা; অক্সিজেন উপলব্ধতাৰ স্থিতি; হ’ম আইছ’লেশ্যনৰ পদ্ধতি আৰু হেল্পলাইন; এম্বুলেন্স সেৱা আৰু টেষ্টিঙৰ প্ৰসংগই স্থান লাভ কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

১২০ মেট্ৰিক টন লিকুইড অক্সিজেনসহ ২য় খনি অক্সিজেন এক্সপ্ৰেছ পালেহি দিল্লী
ভাৰতীয় ৰেলৱেয়ে দেশখনৰ ভিন্ন ৰাজ্যলৈ অদ্যপি ৭৪ খন টেংকাৰত ১০৯৪ মেট্ৰিক টন এলএমঅ’ সৰবৰাহ কৰিছে। ইতিমধ্যে, ১৯ খন অক্সিজেন এক্সপ্ৰেছে নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু ২খন অক্সিজেন এক্সপ্ৰেছে ৪ খন টেংকাৰত ৬১.৪৬ মেট্ৰিক টন (প্ৰায়) এলএমঅ’ কঢ়িয়াই যাত্ৰাপথত আছে।

অধিক বিৱৰণৰ বাবেঃ

 

নাগালেণ্ড ৰাজ্য চৰকাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰেলৱেয়ে ডিমাপুৰত সুচলতাৰে মোতায়েন কৰিলে ১০ আইছলেশ্যন ক

ক’ভিডৰ বিৰুদ্ধে সমন্বিত যুঁজখনত, ৰাষ্ট্ৰখনৰ সামৰ্থ্যক সুদৃঢ় কৰি, ৰেল মন্ত্ৰালয়ে গ্ৰহণ কৰা বহু-মুখী প্ৰচেষ্টাৰ অন্যতম ব্যৱস্থা হিচাপে প্ৰায় ৬৪০০০ বিছনাযুক্ত প্ৰায় ৪০০০ আইছ’লেশ্যন ক’ছ নিয়োজিত কৰিছে। এতিয়া ভাৰতৰ ভিন্ন প্ৰান্তত ২১৩ এনে আইছ’লেশ্যন ক’ছ ব্যৱহৃত হৈছে। আজিৰ তাৰিখত, আইছ’লেশ্যন ক’ছসমূহত ৩২০০ ৰোধিক খালী বিছনা উপলব্ধ আছে।

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১৬.৫৪ ৰোধিক কোটি পালি ভেকচিন বিনামূলীয়াকৈ আগবঢ়াইছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ওচৰত প্ৰদানৰ অৰ্থে ৭৮ লাখৰোধিক পালি মজুত আছে। অহা ৩ দিনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অতিৰিক্তভাৱে ৫৬ লাখৰো অধিক পালি লাভ কৰিব।

অধিক বিৱৰণৰ বাবেঃ

 

গুৰুত্বপূৰ্ণ টুইটসমূহ

 

https://twitter.com/MoHFW_INDIA/status/1388682858290499588?s=08

https://twitter.com/MoHFW_INDIA/status/1388700295727751171?s=08

https://twitter.com/FinMinIndia/status/1388793940703203332?s=08

https://twitter.com/cbic_india/status/1388678157620842499?s=21

https://twitter.com/cbic_india/status/1388678198209118211?s=21

https://twitter.com/cbic_india/status/1388678245369794560?s=21

https://twitter.com/cbic_india/status/1388681730421256194?s=21

https://twitter.com/cbic_india/status/1388678279247253504?s=21

 

*********

 

MV/AP/SB



(Release ID: 1715588) Visitor Counter : 146