প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ বৃদ্ধিৰ সময়ছোৱাত দ্বিগজ আৰু তেওঁলোকৰ পৰিজনক শুশ্ৰুষাৰ অৰ্থে ৫১ হাই প্ৰেছাৰ ইচিএইচএছ পলিক্লিনিকত অতিৰিক্ত ঠিকাভিত্তিক ষ্টাফৰ অস্থায়ী নিযুক্তিত অনুমোদন জনালে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে

Posted On: 27 APR 2021 10:56AM by PIB Guwahati

সাম্প্ৰতিক ক’ভিড-১৯ সংকটটো অতিক্ৰমৰ অৰ্থে সমগ্ৰ দেশখনৰ চিনাক্ত কৰি উলিওৱা ৫১ হাই প্ৰেছাৰ এক্স-চাৰ্ভিছমেন কন্ট্ৰিবিউটৰী হেল্থ স্কিম (ECHS) পলিক্লিনিকত অতিৰিক্ত ঠিকাভিত্তিক ষ্টাফৰ অস্থায়ী নিযুক্তিত অনুমোদন জনালে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে। চিনাক্ত কৰি উলিওৱা ইচিএইচএছ পলিক্লিনিকসমূহৰ অৰ্থে এজনকৈ চিকিৎসা বিষয়া, নাৰ্ছিং সহকাৰী, ফাৰ্মাচিষ্ট, ড্ৰাইভাৰ আৰু চকীদাৰকে ধৰি এই ঠিকাভিত্তিক ষ্টাফক তিনি মাহ সময়ৰ বাবে সাধাৰণ কৰ্মৰ সময়ৰ পৰিৱৰ্তে নৈশ দায়িত্বৰ অৰ্থে ষ্টেচন হেডকোৱাৰ্টাৰসমূহৰ জৰিয়তে নিযুক্ত কৰা হব।

চিনাক্ত কৰি উলিওৱা হাই প্ৰেছাৰ ইচিএইচএছ পলিক্লিনিকসমূহ হৈছেঃ লক্ষ্ণৌ, দিল্লী কেন্ট (বিএইচডিচি), বেংগালুৰু (নগৰ), দেৰাদুন, কটপুটলী, অমৃতসৰ, মিৰাট, চণ্ডীগড়, জম্মু, নতুন দিল্লী (লুধি ৰোড), ছেকেন্দ্ৰাবাদ, আগ্ৰা, আমবালা, গ্ৰেটাৰ নয়দা, গুৰুদাসপুৰ, পুনে, ত্ৰিবান্দ্ৰম, জলন্ধৰ, কানপুৰ, গুৰগাঁও, গুৰগাঁও (চোহোনা ৰোড), হুছিয়াৰপুৰ, ম’হালি, চান্দিমন্দিৰ, এলাহাবাদ, গাজিয়াবাদ (হিন্দন), পাঠানকোট, যোধপুৰ, লুধিয়ানা, ৰোপাৰ, টাৰানতৰন/পট্টি, কলকাতা, দানাপুৰ (পাটনা), খাদকী (পুনে), পালামপুৰ, বেৰেলী, কোলহাপুৰ, ইয়ল, দক্ষিণ পুনে (লহেগাঁও), বিশাখাট্টনম, জয়পুৰ, গুন্টুৰ, বেৰাকপুৰ, চেন্নাই, গোৰখপুৰ, পাটিয়ালা, নয়দা, ভূপাল, কোচি, ভেল্লুৰ আৰু ৰাঁচী।

এই ব্যৱস্থাই নিশাৰ ভাগতো উক্ত অঞ্চলসমূহত দ্বিগজ আৰু তেওঁলোকৰ পৰিজনৰ গুৰুতৰ ঘটনাত তাৎক্ষণিক মেডিকেল ধ্যানৰ উপলব্ধতা নিশ্চিত কৰিব। এই অনুমোদনৰ ম্যাদ ২০২১ ৰ ১৫ আগষ্টলৈকে।

***

ABB/Nampi/KA/DK/Savvy/ADA/SB



(Release ID: 1714528) Visitor Counter : 180