প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 26 APR 2021 10:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোছেফ আৰ.বাইডেনৰ সৈতে  এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই নিজৰ নিজৰ দেশৰ ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ক’ভিড-১৯ৰ দ্বিতীয়টো লহৰ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে চলাই থকা টিকাকৰণ প্ৰক্ৰিয়া, জৰুৰীকালীন ঔষধৰ যোগান নিশ্চিত কৰা আদিৰ দৰে কাৰ্যব্যৱস্থাসমূহো আলোচনাত স্থান পায়।

ৰাষ্ট্ৰপতি বাইডেনে ভাৰতৰ দুৰ্যোগৰ সমভাগী হয় আৰু নিশ্চয়তা দিয়ে যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক ক’ভিডশ্বিল্ড ভেকচিন প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কেঁচা সামগ্ৰী যোগান ধৰাকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়াব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন আৰু সহযোগিতাৰ আশ্বাসৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে ভেকচিন মৈত্ৰী পদক্ষেপৰ জৰিয়তে ভাৰতে ক’ভিডৰ যুঁজত সমগ্ৰ বিশ্বক সহযোগ আগবঢ়াবলৈ সংকল্পবদ্ধ।

উভয় নেতাই ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ ভেকচিন বিকশিত কৰাৰ ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। এই দিশত সুসমন্বয় আৰু সহযোগিতা অক্ষুন্ন ৰাখিবলৈ তেওঁলোকে নিজৰ নিজৰ দেশৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।

তেওঁলোকে অনাগত দিনত নিয়মীয়া সম্পৰ্ক বজাই ৰাখিবলৈ সহমতত উপনীত হয়।

*****


DS/MS



(Release ID: 1714525) Visitor Counter : 257