বিত্ত মন্ত্ৰালয়

অক্সিজেন আৰু অক্সিজেন সম্পৰ্কীয় সঁজুলিৰ যোগান বৃদ্ধিৰ সন্দৰ্ভত উচ্চপর্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্রধানমন্ত্রীয়ে

অক্সিজেন আৰু অক্সিজেন সম্পৰ্কীয় সঁজুলিৰ মৌলিক উৎপাদন শুল্ক আৰু স্বাস্থ্য উপকৰ ৰেহাই দিয়া হ’ব

ক’ভিডৰ ভেকচিনৰ মৌলিক উৎপাদন শুল্ক ৰেহাই দিয়া হ’ব

এইসমূহ পদক্ষেপে সংশ্লিষ্ট সামগ্ৰীসমূহ পৰ্যাপ্ততা বৃদ্ধিৰ লগতে কম দামতে লাভ কৰিব

Posted On: 24 APR 2021 2:40PM by PIB Guwahati

দেশত অক্সিজেনৰ যোগান আৰু সৰবৰাহ বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ সন্দৰ্ভত উচ্চপর্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিলে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে। এই উপলক্ষে প্রধানমন্ত্রীয়ে সজোৰে কয় যে চিকিৎসাৰ বাবে ব্যৱহৃত অক্সিজেন আৰু ইয়াৰ লগত সম্পৰ্কীয় সৰঞ্জামৰ সৰবৰাহ আৰু যোগানত অযথা বিলম্ব কৰিব নোৱাৰিব৷ তেওঁ লগতে দেশত অক্সিজেন আৰু হাস্পতালসমূহত অক্সিজেনৰ যোগান অব্যাহত ৰাখিবলৈ সকলো মন্ত্ৰালয় তথা বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰি একেলগে হৈ কাম কৰাৰ নির্দেশ দিয়ে৷

উচ্চপর্যায়ৰ পর্যালোচনা বৈঠকত প্রধানমন্ত্রীক ৰেমডেছিভিৰ জাতীয় ঔষধৰ ওপৰত মৌলিক উৎপাদন শুল্ক প্রত্যাহাৰ কৰা হৈছে বুলি জনোৱা হয়। এই সম্পর্কে লগতে কোৱা হয় যে চিকিৎসাৰ কামত ব্যৱহৃত অক্সিজেন সংক্রান্ত সৰঞ্জামৰ আমদানিৰ ওপৰতো শুল্ক ৰেহাই দিয়া হ’ব। দেশত চিকিৎসাৰ বাবে ব্যৱহৃত অক্সিজেনৰ ক্রমবর্ধমান চাহিদাৰ পৰিপ্রেক্ষিতত চাহিদা পুৰণত উৎপাদনৰ ওপৰত শুল্ক সম্পূর্ণ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। অক্সিজেনৰ উৎপাদন আৰু অক্সিজেন সম্পৰ্কীয় সৰঞ্জামৰ ক্ষেত্রত এই শুল্ক ৰেহাইৰ সুবিধা তিনি মাহলৈ দিয়া হ’ব৷ শীঘ্ৰে শুল্ক ৰেহাইৰ সিদ্ধান্ত কার্যকৰী কৰা বুলি বৈঠকত জনোৱা হয়৷

বৈঠকত যিবোৰ বিষয়ত শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে, সেইবোৰ হৈছে-চিকিৎসাৰ বাবে ব্যৱহৃত অক্সিজেন, অক্সিজেন কনছেনট্রেটৰ, অক্সিজেন মিটাৰ, ৰেগুলেটৰ, ভেকুৱাম প্রেছাৰ ছুইং, অক্সিজেন ফাইলিং ছিষ্টেম, অক্সিজেন ষ্টোৰেজ টেংক, অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন জেনেৰেটৰ আৰু যিকোনো ধৰণৰ সামগ্রী য’ৰ পৰা অক্সিজেন উৎপাদন কৰিব পৰা যায়। বৈঠকত ক’ভিড ভেকচিন আমদানিৰ ক্ষেত্রতো তিনি মাহৰ শুল্ক ৰেহাই দিয়াৰ সন্দৰ্ভত আলোচন হয়। শীঘ্ৰে শুল্ক ৰেহাইৰ এই সিদ্ধান্ত কার্যকৰী কৰা হৈছে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে দেশত অক্সিজেন আৰু চিকিৎসা সৰঞ্জামৰ সৰবৰাহ তথা যোগান বৃদ্ধিত বিগত কেইটামান দিনত একাধিক পদক্ষেপ লোৱা হৈছে। ভাৰতীয় বিমান বাহিনীক অক্সিজেন টেংক সৰবৰাহৰ বাবে কামত লগোৱা হৈছে৷ কালি কেন্দ্রীয় চৰকাৰে আৰু ২ মাহৰ বাবে ৮০ কোটি ভাৰতীয়ক বিনামূলীয়া খাদ্যশস্য যোগানৰ সিদ্ধান্ত লৈছে।

পর্যালোচনা বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্রী; বাণিজ্য আৰু উদ্যোগ মন্ত্রী; স্বাস্থ্যমন্ত্রী; প্রধানমন্ত্রীৰ প্রধান সচিব; নিটী আয়োগৰ সদস্য; ৰাজহ বিভাগৰ সচিবকে ধৰি স্বাস্থ্য আৰু অন্যান্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলেও অংশ লয়৷

 

*****

RM/MV/KMN/DB



(Release ID: 1714039) Visitor Counter : 243