বিত্ত মন্ত্ৰালয়

ক্রমবর্ধমান মহামাৰীৰ পৰিপ্রেক্ষিতত চৰকাৰে নির্দিষ্ট ক্ষেত্রত সময়সীমা বৃদ্ধি কৰিছে

Posted On: 24 APR 2021 12:15PM by PIB Guwahati

অপ্রতিৰোধ্য কোভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত সমগ্ৰ দেশত সাধাৰণ মানুহৰ জীৱনযাত্রাত অভাবনীয় প্রভাৱ পৰিছে। ইয়াৰ ফলত কৰদাতা, কৰ উপদেষ্টা আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ ফালৰ পৰা যিবোৰ বিষয়ত আগতেই বিজ্ঞপ্তি জাৰি কৰি সেইবিলাক মানি চলাৰ সময়সীমা অহা ৩০ এপ্রিল পর্যন্ত কৰা হৈছিল, তাৰ পৰিপ্রেক্ষিতত সময় পুনর্বিবেচনা কৰাৰ একাধিক অনুৰোধ পোৱা গৈছে। চৰকাৰে প্রত্যক্ষ কৰ বিবাদ ছে বিশ্বাস আইন ২০২০ৰ আওতাত আগতেই জাৰি কৰা বিজ্ঞপ্তিবিলাকৰ নির্দিষ্ট সময়সীমা আৰু বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

 

কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে সংশ্লিষ্ট বিভিন্ন পক্ষ বর্তমান পৰিস্থিতিৰ পৰিপ্রেক্ষিতত যিবোৰ সমস্যাৰ সম্মুখীন হৈছে, তাৰ বাবে কৰ মান্যতাসমূহৰ পূর্ব নির্ধাৰিত সময়সীমা ৩০ এপ্রিলৰ পৰা বৃদ্ধি কৰি অহা ৩০ জুন পর্যন্ত কৰা হৈছে। চৰকাৰৰ পক্ষৰ পৰা লগতে কোৱা হৈছে :

 

(১) ১৯৬১ৰ আয়কৰ আইনৰ অধীনত মূল্যায়ণ বা পুনর্নিধাৰণৰ বাবে কোনো আদেশ কার্যকৰী কৰাৰ সময়সীমা ধাৰা ১৫৩ বা ধাৰা ১৫৩বি-ৰ অধীনত উল্লেখ আছে ;

 

(২) আয়কৰ আইনৰ ধাৰা ১৪৪চি-ৰ উপধাৰা ১৩ অনুযায়ী ডিআৰপি সংক্রান্তীয় নির্দেশ অনুযায়ী আদেশ কার্যকৰী কৰাৰ সময়সীমা ;

 

(৩) আয়কৰ আইনৰ ধাৰা ১৪৮-ৰ আওতাত নোটিচ জাৰিৰ সময়সীমা য'ত আয়ৰ মূল্যায়ণ কৰা হোৱা নাই, সেই মূল্যায়ণৰ পুনৰায় আদেশ জাৰি কৰা ;

 

(৪) আয়কৰ আইন ২০১৬ৰ ধাৰা ১৬৮ৰ ১ উপধাৰাৰ আওতাত সমতা আদায় প্রক্রিয়া সংক্রান্তীয় নোটিচ জাৰিৰ সময়সীমা।

 

লগতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে প্রত্যক্ষ কৰ বিবাদৰ মাধ্যমত ২০২০ৰ ট্রাষ্ট আইন অনুযায়ী প্রাপ্য পৰিষদৰ সময়সীমাও অতিৰিক্ত অর্থ ব্যতীত ২০২১ৰ ৩০ জুন পর্যন্ত বঢ়োৱা হ'ব।

 

উপৰোক্ত বিষয়সমূহৰ সময়সীমা বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত যথা সময়ত বিজ্ঞপ্তি জাৰি কৰা হ'ব।

********

RM/MV/KMN



(Release ID: 1713867) Visitor Counter : 155