প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ আগশাৰীৰ অক্সিজেন প্ৰস্তুতকাৰীৰ সৈতে মত-বিনিময় কৰে

Posted On: 23 APR 2021 5:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ আগশাৰীৰ অক্সিজেন প্ৰস্তুতকাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময় নহয়, অতি কম সময়ৰ ভিতৰত সমাধান আগবঢ়োৱাৰো সময়। প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ আৰু অক্সিজেন উৎপাদনকাৰীৰ মাজত সু-সমন্বয় বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

যোৱা কেইসপ্তাহত উৎপাদন বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অক্সিজেন প্ৰস্তুকাৰীসকলৰ শলাগ লয়। তৰল অক্সিজেনৰ উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপক তেওঁ প্ৰশংসা কৰে।

পৰিস্থিতি অধিক উন্নত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে এই উদ্যোগৰ সম্পূৰ্ণ সম্ভাৱনীয়তা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়, যাতে অনাগত দিনসমূহত অক্সিজেনৰ চাহিদা পূৰণ কৰিব পৰা যায়। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে অক্সিজেন চিলিণ্ডাৰৰ উপলব্ধতা বৃদ্ধিৰ লগতে অক্সিজেনৰ পৰিবহণ সা-সুবিধা উন্নত হোৱাৰ আৱশ্যক আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যসমূহৰ অক্সিজেনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰেলৱে’ আৰু বায়ুসেনা বাহিনীৰ সক্ৰিয় ব্যৱহাৰৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰি আছে, যাতে অক্সিজেনৰ টেংকাৰসমূহ যিমান পাৰি সোনকালে উৎপাদন কেন্দ্ৰত উপস্থিত হ’ব পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, উদ্যোগ আৰু পৰিবহণ খণ্ড তথা সকলো চিকিৎসালয় একগোট হোৱা আৰু ঐক্যবদ্ধভাৱে কাম কৰা উচিত। সু-সমন্বয় আৰু একতাই এই প্ৰত্যাহ্বানৰ মোকাবিলা অধিক সহজ কৰি তুলিব।

*****

DS /AKJ/MS



(Release ID: 1713714) Visitor Counter : 193