কেবিনেট
বাঙ্গালোৰ মেট্রো ৰে'ল প্রকল্পৰ ২এ আৰু ২বি পর্যায়ৰ অনুমোদন দিছে কেন্দ্রীয় মন্ত্রীসভাই
प्रविष्टि तिथि:
20 APR 2021 3:44PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত বাঙ্গালোৰ মেট্রো ৰে'ল প্রকল্পক ৫৮.১৯ কিলোমিটাৰ দীর্ঘ ২এ আৰু ২বি পর্যায়ৰ অনুমোদন দিয়া হৈছে। ২এ পর্যায়ত চেন্ট্রেল ছিল্ক বোর্ড জংছনৰ পৰা কে আৰ পুৰম আৰু ২বি পর্যায়ত কে আৰ পুৰমৰ পৰা হেব্বল জংছন হৈ বিমানবন্দৰ পর্যন্ত মেট্রো ৰে'লৰ কাম কৰা হ'ব। সম্পূৰ্ণ প্রকল্পৰ ব্যয় ধৰা হৈছে ১৪,৭৮৮.১০১ কোটি টকা। এই প্রকল্পৰ কাম শেষ হ'লে বাঙ্গালোৰত গণপৰিবহণ পৰিকাঠামোত নতুন মোৰ যুক্ত হ'ব।
লক্ষ্য :
এই প্রকল্পই বাঙ্গালোৰৰ চহৰাঞ্চলৰ গণপৰিবহণ ব্যৱস্থাক উন্নত কৰিব। প্রচুৰ উন্নয়ন, নিজস্ব গাড়ীৰ পৰিমাণ বৃদ্ধি আৰু গধুৰ শিল্পৰ প্রসাৰ ঘটাত চহৰৰ মাজত যথেষ্ট যানজঁটৰ সৃষ্টি হয়। মেট্রো ৰে'লৰ নতুন অংশৰ কাম শেষ হ'লে, চহৰত যতায়াত আৰু শিল্প সংস্থাবিলাকৰ বিভিন্ন কাম-কাজত সুবিধা হ'ব। চহৰৰ মানুহে নিৰাপদ, সুৰক্ষিত আৰু আৰামদায়ক গণপৰিবহণ ব্যৱস্থা পাব।
মেট্রো প্রকল্পই চহৰাঞ্চলৰ প্রচলিত যানবাহন ব্যৱস্থাক অধিক আৰামদায়ক কৰি তুলিব। এই প্রকল্প বাস্তবায়িত হ'লে চহৰৰ বাহিৰৰ অন্যান্য অংশৰ লোকসকলেও এই পৰিসেৱাৰ সুযোগ পাব।
*******
DS
(रिलीज़ आईडी: 1713164)
आगंतुक पटल : 281
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam