স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
শেহতীয়া ২৪ ঘণ্টাত ৩৫লাখৰো অধিকৰ সংযোজনৰে দেশত সৰ্বমুঠ টীকাকৰণৰ পৰিসংখ্যাই ১০কোটিৰ ঘৰ অতিক্ৰম কৰিলে
প্ৰতি দিনে সৰ্বাধিক পালি প্ৰতিষেধক প্ৰদানৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতে
দিনৌ নতুন আক্ৰান্তৰ ৮১শতাংশই ১০খন ৰাজ্যৰ
Posted On:
11 APR 2021 11:55AM by PIB Guwahati
দেশত ক’ভিড-১৯ৰ টীকাকৰণৰ সৰ্বমুঠ পৰিসংখ্যাই আজি ১০কোটিৰ ঘৰ অতিক্ৰম কৰিলে।
আজি পুৱা ৭বজা পৰ্যন্ত দেশত অনুষ্ঠিত ১৫,১৭,৯৬৩টা টীকাকৰণ শিবিৰৰ জৰিয়তে ১০,১৫,৯৫,১৪৭পালি প্ৰতিষেধক প্ৰদান কৰা হয়।
এইসকলৰ মাজত ৯০,০৪,০৬৩গৰাকী স্বাস্থ্যসেৱা কৰ্মী(প্ৰথম পালি), ৫৫,০৮,২৮৯গৰাকী স্বাস্থ্যসেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ৯৯৯,৫৩,৬১৫গৰাকী(প্ৰথম পালি)আগশাৰীৰ সেৱা কৰ্মী আছিল। ইফালে, ৪৭,৫৯,২০৯গৰাকী আগশাৰীৰ সেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ৬০বছৰৰ উৰ্ধ্বৰ ৩,৯৬,৫১,৬৩০গৰাকী(প্ৰথম পালি) আৰু ১৮,০০,২০৬গৰাকী(দ্বিতীয় পালি)ক আৰু ৪৫ৰ পৰা ৬০বছৰৰ মাজৰ ৩,০২,৭৬,৬৫৩গৰাকী(প্ৰথম পালি) আৰু ৬,৪১,৪৮২গৰাকী(দ্বিতীয় পালি)ক প্ৰতিষেধক প্ৰাদন কৰা হয়।
স্বাস্থ্যসেৱা কৰ্মী
|
আগশাৰীৰ সেৱা কৰ্মী
|
৪৫-৬০বছৰৰ মাজৰ
|
৬০বছৰৰ উৰ্ধ্বৰ
|
মুঠ
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
|
|
90,04,063
|
55,08,289
|
99,53,615
|
47,59,209
|
3,02,76,653
|
6,41,482
|
3,96,51,630
|
18,00,206
|
10,15,95,147
|
|
এই পৰ্যন্ত দেশত প্ৰদান কৰা ৬০.২৭শতাংশ প্ৰতিষেধ প্ৰাদন কৰা হৈছে ৮খন ৰাজ্যই।

ইফালে, শেহতীয়া ২৪ঘণ্টাত ৩৫লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।
টীকাকৰণৰ ৮৫-সংখ্যক দিনা(১০এপ্ৰিল, ২০২১) পৰ্যন্ত দেশত ৩৫,১৯,৯৮৭পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ৪২,৫৫৩টা টীকাকৰণ শিবিৰৰ জৰিয়তে ইয়াৰে ৩১,২২,১০৯গৰাকী স্বাস্থ্যসেৱা কৰ্মী আৰু আগশাৰীৰ সেৱা কৰ্মীক ক’ভিড-১৯ বিৰোধী টীকাৰ প্ৰথম পালি প্ৰদান কৰা হয়। সেইদৰে ৩,৯৭,৮৭৮গৰাকী স্বাস্থ্য আৰু আগশাৰীৰ সেৱা কৰ্মীক দ্বিতীয় পালি টীকা প্ৰদান কৰা হৈছে।
তাৰিখ: ১০এপ্ৰিল, ২০২১
|
স্বাস্থ্যসেৱা কৰ্মী
|
আগশাৰীৰ সেৱা কৰ্মী
|
৪৫বছৰৰ উৰ্ধ্বৰ<৬০বছৰ
|
৬০বছৰৰ উৰ্ধ্বৰ ব্যক্তি
|
মুঠ
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
প্ৰথম পালি
|
প্ৰথম পালি
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
প্ৰথম পালি
|
দ্বিতীয়
পালি
|
15,690
|
28,468
|
86,285
|
1,00,174
|
20,21,609
|
59,418
|
9,98,525
|
2,09,818
|
31,22,109
|
3,97,878
|
দিনৌ গড়ে ৩৮,৩৪,৫৭৪পালি প্ৰতিষেধক প্ৰদানৰে পৃথিৱীৰ সবাতোকৈ দ্ৰুতগতিত টীকাকৰণ সম্পন্ন কৰা দেশ হিচাপে ভাৰতে নিজৰ গতিধাৰা অব্যাহত ৰাখিছে।

তলত ভাৰত আৰু অন্যদেশত প্ৰদান কৰা প্ৰতিষেধকৰ তুলনাত্মক ধাৰা প্ৰদৰ্শন কৰা হৈছে।

যোৱা ২৪ঘণ্টাত দেশত ১,৫২,৮৭৯গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পেলোৱা হৈছে।
মহাৰাষ্ট্ৰ, চত্তিশগড়, উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, তামিল নাডু, গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত ক’ভিড-ৰ প্ৰকোপ পুনৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে। শেহতীয়া ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা ৮০,৯২% লোকেই এই ৮খন ৰাজ্যৰ।
এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ৫৫,৪১১গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ১৪,০৯৮ আৰু ১২,৭৪৮গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে চত্তিশগড় আৰু উত্তৰ প্ৰদেশ।





শেহতীয়া ২৪ঘণ্টাত দেশত ১১,০৮,০৮৭গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। দিনৌ নতুনকৈ আক্ৰান্ত লোকৰ হাৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে। শেহতীয়া ভাবে এই হাৰ ৮.২৯% বুলি নিশ্চিত কৰা হৈছে।
আজিৰ তাৰিখত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১১,০৮,০৮৭গৰাকী। দেশৰ মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতাংশ হাৰ এতিয়া হৈছেহি ৮.২৯%।
দেশৰ মুঠ সক্ৰিয় ৰোগীৰ ৭০.৮২%ই মহাৰাষ্ট্ৰ, চত্তিশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু কেৰালাৰ। ইফালে, মহাৰাষ্ট্ৰই অকলেই ইয়াৰ ৪৮.৫৭%ৰ অংশীদাৰিত্ব বহণ কৰিছে।

তলত দেশৰ সক্ৰিয় ৰোগীৰ হাৰ চিত্ৰায়িত কৰা হৈছে।

দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছেগৈ ১,২০,৮১,৪৪৩গৰাকী। দেশৰ আৰোগ্যৰ গড় হাৰ হৈছে ৯০.৪৪%। শেহতীয়া ২৪ঘণ্টাত ৯০,৫৮৪গৰাকী লোক নতুনকৈ আৰোগ্য হোৱা বুলি তথ্য উপলব্ধ হৈছে।
যোৱা ২৪ ঘণ্টাত দেশত ৮৩৯গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে।
মৃত্যু সাৱটা ৮৬.৪১% মৃতকেই ১০খন ৰাজ্যৰ।
ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৩০৯গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে চত্তিশগড়ত ১২৩গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে, দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা যোৱা ২৪ঘণ্টাত এটাও মৃত্যুৰ তথ্য পোৱা হোৱা নাই। সেয়া হৈছে দমন আৰু দিউ, দদ্ৰা আৰু নগৰ হাভেলী, লক্ষাদ্বীপ, মণিপুৰ, ছিক্কিম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা।
*****
MV/KB
(Release ID: 1711092)
Visitor Counter : 228
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam