স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কোভিড-১৯ ক লৈ ডাঃ হৰ্ষ বৰ্ধনৰ সভাপতিত্বত মন্ত্ৰী গোটৰ ২৪ তম বৈঠক সম্পন্ন

‘যোৱা ৭ দিনত ১৪৯ খন জিলাত কোনোধৰণৰ নতুন ঘটনা নাই, ১৪ দিন ধৰি ৮ খন জিলা, ২১ দিন ধৰি ৩ খন জিলা আৰু যোৱা ২৮ দিন ধৰি ৬৩ খন জিলা কোভিড মুক্ত হৈ আছে’

উপলব্ধ ভেকছিনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ, আৰু নিদানিক পৰীক্ষণ চলি থকা সমূহৰ ক্ষমতা আৰু সময়সীমাৰ বিষয়ে অৱগত কৰে মন্ত্ৰীসকলে

Posted On: 09 APR 2021 2:31PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কোভিড-১৯ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ মন্ত্ৰী গোটৰ (জিঅ’এম) ২৪ তম বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত তেওঁৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী হৰদীপ এছ পুৰী, শ্ৰী মনসুখ মাণ্ডৱিয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে আৰু গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় উপস্থিত থাকে ।

নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডঃ বিনোদ কে পালো এই বৈঠকত উপস্থিত আছিল।

 

বিশ্বৰ বৃহত্তম টিকাকৰণ অভিযানৰ সাফল্যৰ কথা ডাঙি ধৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রীগৰাকীয়ে কয়, আজি পুৱা ৯বজা পর্যন্ত ৬০ বছৰৰ অধিক বয়সৰ ৩ কোটিতকৈ অধিক হিতাধিকাৰী তথা ৯.৪৩ কোট‌ি লোকক টিকা প্ৰদান কৰা হৈছে।

 

ভাৰতে ‘টিকা মৈত্রী’ অভিযানৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশলৈ টিকা প্ৰেৰণ কৰি সাহায্য আগবঢ়াইছে। ইয়াৰ জৰিয়তে ৮৫খন দেশক ৬.৪৫ কোটি কোভিড টিকাৰ পালি প্ৰেৰণ কৰিছে। আনহাতে বাণিজি্যক চুক্তিৰ অধীনত ২৫ খন দেশক ৩.৫৮ কোটি কোভিড টিকাৰ পালি প্ৰেৰণ কৰিছে। ইয়াৰ লগতে ৪৪ খন দেশক ১.০৪ কোটি কোভিড টিকাৰ পালি অনুদান হিচাপে দিয়া হৈছে। কোভাক্স-ৰ অধীনত ৩৯ খন দেশলৈ ১.৮২ কোটি টিকা সৰবৰাহ কৰা হৈছে। তেওঁ কয়, দেশৰ ১৪৯ খন জিলত বিগত সাত দিনত নতুনকৈ কোনো লোক কোভিডত আক্রান্ত হোৱাৰ খবৰ লাভ কৰা নাই। একেদৰে বিগত ১৪ দিনত ৮খন জিলাত নতুনকৈ কোনো লোক কোভিডত আক্রান্ত হোৱাৰ বাতৰি লাভ কৰা নাই। লগতে বিগত ২১ দিনত দেশৰ তিনিখন জিলা আৰু বিগত ২৮ দিনত ৬৩খন জিলাৰ পৰা কোভিড আক্রান্ত ৰোগীৰ কোনো খবৰ লাভ কৰা নাই। কোভিড সংক্রমণ প্রতিৰোধত মুঠ পৰীক্ষা পৰিচালন আৰু স্বাস্থ্য পৰিকাঠামো সম্পর্কে মন্তব্য কৰি ডাঃ বর্ধনে কয়, বৰ্তমান পর্যন্ত মুঠ ২৫,৭১,৯৮,১০৫ কোভিড পৰীক্ষা কৰা হৈছে। লগতে বিগত ২৪ ঘন্টাত ১৩,৬৪,২০৫ কোভিড পৰীক্ষা পৰিচালিত হৈছে। দেশত বৰ্তমান ১,২৩০টা চৰকাৰী পৰীক্ষাগাৰ আৰু ১,২১৯টি বেচৰকাৰী পৰীক্ষাগাৰত কাম চলি আছে। তেওঁ কয়, কোভিড-১৯ মোকবিলা কৰাৰ ক্ষেত্ৰত দেশত হাস্পতাল আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা হৈছে। বৰ্তমান দেশত মুঠ ৪,৬৮,৯৭৪খন কোভিড বিছনাসহ ২ হাজাৰ ৮৪ খন কোভিড হাস্পতাল সাজু কৰা হৈছে। ইয়াৰ ভিতৰত ৮৯খন কোভিড হাস্পতাল কেন্দ্র চৰকাৰৰ দ্বাৰা পৰিচালিত আৰু ১,৯৯৫ খন কোভিড হাস্পতাল ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত। মুঠ কোভিড বিছনাৰ ভিতৰত ২,৬৩,৫৭৩ খন আইচোলেশ্যন বিছনা, ৫০,৪০৮খন আইচিইউ বিছনা আৰু ১,৫৪,৯৯৩খন অক্সিজেন সংলগ্ন বিছনা। ইয়াৰোপৰি ৪ হাজাৰ ৪৩টা কোভিড স্বাস্থ্য কেন্দ্র গঢি় তোলা হৈছে। ইয়াৰ ভিতৰত ৮৫টা কেন্দ্র চৰকাৰৰ দ্বাৰা পৰিচালিত আৰু ৩,৯৫৮টা ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত। ইয়াত মুঠ ৩,৫৭,০৯৬খন কোভিড বিছনা আছে। যাৰ ভিতৰত ২,৩১,৪৬২খন আইচোলেশ্যন বিছনা, ২৫,৪৫৯খন আইচ‌িইউ বিছনা আৰু ১ লাখ ১৭৫খন অক্সিজেন সংলগ্ন বিছনা। দেশত মুঠ ১২,৬৭৩টা কোৱাৰেন্টাইন চেন্টাৰ আৰু ৯,৩১৩ট কোভিড কেয়াৰ চেন্টাৰ সাজু কৰা হৈছে। ইয়াৰ ভিতৰত ২৮টা কোভিড কেয়াৰ কেন্দ্ৰ দিল্লীতেই আছে। তাত ৯,৪২১খন আইচোলেশ্যন বিছনা আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রীগৰাকীয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় প্ৰতিষ্ঠানত মুঠ পিপিই কিট, এন ৯৫ মাস্ক বিতৰণ সহ চিকিৎসা সৰঞ্জাম প্রদান সম্পর্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

 

ডাঃ হর্ষ বর্ধনে কয়, কোভিড-১৯ নিয়ন্ত্ৰণ আৰু মোকবিলা কৰাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ(এছঅ’পি) মানি চলা প্ৰয়োজন। লগতে কোভিড ৰোধত যথাযথ আচৰণ সকলোৱে মানি চলা প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, এই নিয়ম মনি চলিলে ভাৰতে অত‌ি সোনকালে ক’ৰোনা মুক্ত হ’ব পাৰিব। বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলক সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰীয়ে এই সংকটময় পৰিস্থিতিত যি নিৰ্দেশ দিছে সেইসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

 

দেশৰ ১১ খন ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বিষয়ে বিস্তাৰিত বাখ্য আগবঢ়ায় এনচিড‌িচিৰ সঞ্চালক ডাঃ সুজিত্‍ কুমাৰ সিঙে। ভাৰতত ৭ দিনত সংক্ৰমণ বৃদ্ধিৰ হাৰ ১২.৯৩ শতাংশ। সংক্ৰমণৰ ক্ষেত্ৰত আমেৰিকা আৰু ব্ৰাজিলৰ পাছতেই আছে ভাৰত। ডাঃ সুজিত্‍ কুমাৰ সিঙে কয়, ভাৰতত আৰোগ্যৰ হাৰ ৯১.২২ শতাংশলৈ হ্ৰাস পাইছে। দেশত এতিয়া অধিকাংশ ক’ৰোনা ৰোগী ১৫ৰ পৰা ৪৪ বছৰৰ ভিতৰৰ। অধিকাংশ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৬০ বছৰৰ উৰ্দ্ধৰ লোকৰ ক্ষেত্ৰত। মহাৰাষ্ট্ৰত সংক্ৰমণৰ হাৰ ২৫ শতাংশ আৰু ছত্তিশগড়ত ১৪ শতাংশ।

 

ডাঃ সুজিৎ কুমাৰ সিঙে কয়, দেশত আৰটিপিচিআৰ পৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

 

নীতি আয়োগৰ স্বাস্থ্য বিষয়ক সদস্য ডঃ ভি কে পলে কয়, অগ্রাধিকাৰ ভিত্তিত দেশত টিকাকৰণ অভিযান চলোৱা হৈছে। বৈঠকত স্বাস্থ্য মন্ত্রালয়ৰ সচিব শ্রী ৰাজেশ ভূষণ, তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ সচিব শ্রী অমিত খাৰে সহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকত বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা বৈঠকত বিশিষ্ট জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ আৰ গংগাখেড়কাৰো উপস্থিত থাকে।

 

 

     ***************

MV/KG



(Release ID: 1710967) Visitor Counter : 225