PIB Headquarters

কোভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 09 APR 2021 5:52PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

Image

 

বিগত ২৪ ঘণ্টাত মুঠ টীকাকৰণৰ পৰিমাণ .৪৩ কোটিৰ অধিক হৈছে, ৩৬ লাখৰো অধিক পালি দিয়া হৈছে, দৈনিক নতুন ঘটনাৰ ক্ষেত্ৰত ১০খন ৰাজ্যত এক ঊৰ্ধমুখী গতি পৰিলক্ষিত হৈছে; অকল ৫খন ৰাজ্যত সক্ৰিয় ঘটনাৰ ৭৩% পোৱা গৈছে

আজি দেশত মুঠ কোভিড-১৯ প্ৰতিষেধকৰ পালি ৯.৪৩ কোটিৰো অধিক দিয়া হৈছে। আজি প্ৰভিজনেল ৰিপ'ৰ্টৰ মতে পুৱা ৭ বজালৈকে ১৪,২৮,৫০০টা সত্ৰৰ জৰিয়তে মুঠ ৯,৪৩,৩৪,২৬২ পালি ভেকচিন দিয়া হৈছে। ইয়াৰ ভিতৰত আছে ৮৯,৭৪,৫১১ এইচচিডব্লিউ যি প্ৰথম পালি লৈছে আৰু ৫৪,৪৯,১৫১ এইচচিডব্লিউ যি দ্বিতীয় পালি লৈছে, ৯৮,১০,১৬৪ এফএলডব্লিউ (প্ৰথম পালি), ৪৫,৪৩,৯৫৪ এফএলডব্লিউ (দ্বিতীয় পালি), ৩,৭৫,৬৮,০৩৩ (প্ৰথম পালি) সুফলভোগী আৰু ১৩,৬১,৩৬৭ (দ্বিতীয় পালি) ৬০ বছৰৰ ওপৰৰ সুফলভোগী আৰু ২,৬১,০৩,৮১৪ (প্ৰথম পালি) আৰু ৫,২৩,২৬৮ (দ্বিতীয় পালি) ৪৫ৰ পৰা ৬০ বছৰৰ সুফলভোগী। দেশত এতিয়ালৈকে ৮খন ৰাজ্যত মুঠ পালিৰ ৬০% দিয়া হৈছে। বিগত ২৪ ঘণ্টাত ৩৬ লাখৰো অধিক প্ৰতিষেধকৰ পালি দিয়া হৈছে। টীকাকৰণৰ ৮৩তম দিনা (৮ এপ্ৰিল, ২০২১), ৩৬,৯১,৫১১ পালি ভেকচিন দিয়া হৈছে। মহাৰাষ্ট্ৰ, ছত্তিশগড়, উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত দৈনিক কোভিডৰ নতুন ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বাৰখন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত যোৱা ২৪ ঘণ্টাত কোভিডত কোনো নতুন মৃত্যু নথিভুক্ত হোৱা নাই।  

সবিশেষ জানিবলৈ: https://pib.gov.in/PressReleseDetail.aspx?PRID=1710596

 

ড৹ হৰ্ষ বৰ্ধনে কোভিড-১৯ সন্দৰ্ভত গ্ৰুপ অফ মিনিষ্টাৰছ (জিঅএম) ২৪তম বৈঠকত অধ্যক্ষতা কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে আজি ভিডিঅকনফাৰেঞ্চৰ জৰিয়তে কোভিড-১৯ সন্দৰ্ভত উচ্চ স্তৰীয় মন্ত্ৰী গোটৰ (জিঅএম) ২৪তম বৈঠকত অধ্যক্ষতা কৰে তেওঁৰ সৈতে কেন্দ্ৰীয় বহিঃ পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ, অসামৰিক বিমান পৰিবহনৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ এছ পুৰী বন্দৰ, শ্বিপিং এণ্ড ৱাটাৰৱেইজ (আই/চি), আৰু ৰাসায়নিক আৰু সাৰ বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী মনসুখ মন্দাভিয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ভাগ লয় নীতি আয়োগৰ সদস্য ড৹ বিনোদ কে পল ভাৰ্চুৱেলি উপস্থিত থাকে

সবিশেষ জানিবলৈ: https://pib.gov.in/PressReleseDetail.aspx?PRID=1710629  

 

কোভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে; দেশে প্ৰথমটো ঢৌৰ শীৰ্ষ অতিক্ৰম কৰিলে আৰু বিকাশৰ হাৰ আগতকৈ অধিক দ্ৰুত হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে কোভিড ১৯ পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে প্ৰত্যাহ্বান সত্ত্বেও আমাৰ ভাল অভিজ্ঞতা, সম্পদ আৰু লগতে ভেকচিনো আছে। কঠোৰ পৰিশ্ৰমী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সৈতে জনসাধাৰণৰ সহযোগিতাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত যথেষ্ট অৰিহণা যোগাইছে আৰু তেওঁলোকে এতিয়াও সেয়া কৰি আছে।

সবিশেষ জানিবলৈ : https://pib.gov.in/PressReleasePage.aspx?PRID=1710531

 

কোভিড-১৯ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাঠ

সবিশেষ জানিবলৈ : https://pib.gov.in/PressReleasePage.aspx?PRID=1710541

 

ডে-এনআৰএলএমে গ্ৰামীণ জনসাধাৰণৰ মাজত ইয়াৰ আত্মসহায়ক গোটৰ জৰিয়তে কোভিড ১৯ টীকাকৰণৰ সময়ত পালন কৰিবলগা সঠিক আচৰণ, স্বাস্থ্য বিধি সম্পৰ্কে প্ৰচাৰ চলায়

কোভিড ১৯ৰ ঘটনাৰ ক্ষেত্ৰত শেহতীয়া দ্ৰুত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২ আৰু ৩ তৰপীয়া নগৰক ভাইৰাছৰ প্ৰসাৰ ৰোধ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা লোৱা দৰকাৰ। দীনদয়াল অন্ত্যোদয়া যোজনা- নেচনেল ৰুৰেল লাইভলিহুড মিছন, গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ইয়াৰ ৬৯ লাখৰো অধিক আত্মসহায়ক গোটৰ বিশাল নেটৱৰ্কৰ মাজত যুদ্ধকালীন তৎপৰতাৰে অনলাইন ট্ৰেইনিং চলাই আছে।

সবিশেষ জানিবলৈ : https://pib.gov.in/PressReleasePage.aspx?PRID=1710652

 

হোমিঅ'পেথি-ৰোডমেপ ফৰ ইণ্টিগ্ৰেটিভ মেডিচিন ওপৰত দুদিনীয়া সন্মিলনৰ আয়োজন

হোমিঅ'পেথিৰ প্ৰতিষ্ঠাপক ড৹ ছেমুৱেল হেনিমেনৰ জন্মজয়ন্তীত বিশ্ব হোমিঅ'পেথি দিৱস উদযাপন কৰিবলৈ ১০-১১ এপ্ৰিল, ২০২১ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ চেণ্ট্ৰেল কাউঞ্চিল ফৰ ৰিছাৰ্চ ইন হোমিঅ'পেথি (চিচিআৰএইচ)য়ে হোমিঅ'পেথি-ৰোডমেপ ফৰ ইণ্টিগ্ৰেটিভ মেডিচিন শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে।

সবিশেষ জানিবলৈ : https://pib.gov.in/PressReleseDetail.aspx?PRID=1710665

 

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ভিডিঅকনফাৰেঞ্চৰ মাধ্যমত আইএমএফৰ প্লেনেৰী মিটিং অফ ইণ্টাৰনেচনেল মণিটৰী এণ্ড ফাইনেঞ্চিয়েল কমিটী (আইএমএফচি) ভাগ লয়

ফাইনেঞ্চ এণ্ড কৰ্পৰেট এফেয়াৰ্ছৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কালি ইণ্টাৰনেচনেল মণিটৰী ফাণ্ডৰ (আইএমএফ)ৰ ব’ৰ্ড অফ গভৰ্ণৰছৰ ফাইনেঞ্চিয়েল কমিটীৰ প্লেনেৰী মিটিঙৰ  ভাৰ্চুৱেল স্প্ৰিং মিটিং ২০২১ত ভাগ লয়।

সবিশেষ জানিবলৈ : https://pib.gov.in/PressReleasePage.aspx?PRID=1710498

 

আইএনৱাইএএছে কোভিড ১৯ টীকাকৰণৰ অভিযান সম্পূৰ্ণ কৰিবলৈ দেশজোৰা গণ সজাগতা অভিযান আৰম্ভ কৰিছে

কোভিড ১৯ টীকাকৰণৰ অভিযান সম্পূৰ্ণ আৰু সফল কৰি তুলিবলৈ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই এটা দেশজোৰা গণ সজাগতা অভিযান এপ্ৰিলত আৰম্ভ কৰিছে, ইংৰাজী আৰু হিন্দীকে ধৰি ১১টা ভাষাত তথ্যৰ পেকেজ সন্নিৱিষ্ট আছে

সবিশেষ জানিবলৈ : https://pib.gov.in/PressReleasePage.aspx?PRID=1710488

 

চাহিদা অনুসৰি ভাৰতীয় ৰে'লৱেই ট্ৰেইন চলাই থাকিব

ভাৰতীয় ৰে'লৱেই চাহিদা অনুসৰি ট্ৰেইন সেৱা অব্যাহত ৰাখিব।

সবিশেষ জানিবলৈ : https://pib.gov.in/PressReleasePage.aspx?PRID=1710655

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা পোৱা ইনপুট

  • কেৰালা ৰাজ্যখনত ৪৩৫৩টা কোভিড ১৯ ঘটনা বৃহস্পতিবাৰে নিশ্চিত কৰা হৈছে, মৃত্যুৰ সংখ্যা ৪৭২৮লৈ বাঢ়িছে পজিটিভিটিৰ হাৰ .৮১
  • তামিলনাডু ০৮.০৪.২০২১ত কোভিড ৰিপ'ৰ্ট অনুসৰি, ,২৭৬জন লোকৰ কোভিড ১৯ৰ সংযোগ পোৱা গৈছে আৰু ১৯জন সংক্ৰমিত হৈছে; ৮৬,১৭৯জন লোকক টীকাকৰণ কৰা হয় ১৫২০জনক চেন্নাইত পজিটিভ পোৱা গৈছে
  • কৰ্ণাটকঃ ০৮.০৪.২০২১ত ৰাজ্যখনত পোৱা কোভিড ১৯ৰ সংখ্যা অনুসৰিঃ- নতুন ঘটনাঃ ৬৫৭০; মুঠ সক্ৰিয় ঘটনাঃ ৫৩৩৯৫; নতুন কোভিড মৃত্যুঃ ৩৬; মুঠ কোভিড মৃত্যুঃ ১২৭৬৭
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত নতুনকৈ কোভিড১৯ত সংক্ৰমিত লোকৰ সংখ্যা নথিভুক্ত হৈছে ২৫৫৮, মুঠ ঘটনাৰ সংখ্যা লগৈ ,১৫,৮৩২; আৰু অতিৰিক্ত মৃত্যু নথিভুক্ত হৈছে, মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ৰাজ্যখনত ৭২৬৮
  • তেলেংগানাঃ সংবাদ মাধ্যমৰ ৰিপ'ৰ্ট অনুসৰি ৰাজ্যখনত দৈনিক সক্ৰিয় ঘটনাৰ সংখ্যা এসপ্তাহৰ ভিতৰত দুগুণতকৈ অধিক হৈছে আৰু কোৱা হৈছে যে এপ্ৰিলত দৈনিক ঘটনাৰ সংখ্যা আছিল ৯৬৫ আৰু এতিয়া ২০৫৫লৈ বৃদ্ধি পাইছে
  • অসমঃ ৰাজ্যখনত বৃহস্পতিবাৰে ধৰা পৰা মুঠ সক্ৰিয় কোভিডৰ ঘটনা হৈছে ২৪৫, যাৰ ভিতৰত কামৰূপ মহানগৰৰ ১২৮ মুঠ ২২,৮৮৮টা পৰীক্ষা কৰা হৈছে
  • মণিপুৰঃ ৰাজ্যখনত অতিৰিক্ত ৯৬১ লোকক কোভিড ১৯ ভেকচিন দিয়া হৈছে ইয়াৰ লগে লগে টীকাকৰণৰ মুঠ সংখ্যা লগৈ ৯০,৫৫১, ইয়াৰ মাজত আছে ৩১,৮১৩ স্বাস্থ্য কৰ্মী
  • মেঘালয়ঃ কোভিড ১৯ পজিটিভ পোৱা এজন লোকৰ মৃত্যু হৈছে ৰাজ্যখনত মৃত্যুৰ সংখ্যা হৈছেগৈ ১৫১ ৰাজ্যখনত ২৫টা নতুন কোভিড ১৯ৰ ঘটনা পোৱা গৈছে আৰু এটা আৰোগ্য নথিভুক্ত হৈছে
  • ত্ৰিপুৰাঃ যোৱা ২৪ ঘণ্টাত ৩৭জন লোকক সক্ৰিয় পোৱা গৈছে মুঠ ঘটনা হৈছেগৈ ১১৬
  • ছিক্কিমঃ ছিক্কিমত কোভিড ১৯ৰ নিশ্চিত ঘটনা হৈছেগৈ ,৩২৩ আৰু ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনা হৈছে ৯৭
  • নগালেণ্ডঃ নগালেণ্ডত ৫টা নতুন কোভিডৰ ঘটনা নথিভুক্ত হৈছে সক্ৰিয় ঘটনা হৈছে ১৪৭ আৰু মুঠ ১২,৩৮১ বৰ্তমানলৈকে ,০৬,১৯৯ পালি কোভিড ভেকচিন দিয়া হৈছে
  • মহাৰাষ্ট্ৰঃ আজি প্ৰকাশিত শেহতীয়া তথ্য অনুসৰি, মহাৰাষ্ট্ৰত সৰ্বাধিক ৯৩.৩৮ লাখ পালি প্ৰতিষেধক দিয়া হৈছে
  • গোৱাঃ গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ শাৱন্তে কৈছে যে ৰাজ্যখনত টীকাকৰণৰ পৰিসৰ বৃদ্ধি কৰিবলৈ টীকা উৎসৱপঞ্চায়ত পৰ্যায়ত ১১-১৪এপ্ৰিলত
  • মধ্যপ্ৰদেশঃ ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ ৪৩২৪টা কোভিডৰ ঘটনা আৰু ২৭টা মৃত্যু নথিভুক্ত কৰা হৈছে
  • ছত্তিশগড়ঃ ছত্তিশগড়ত বৃহস্পতিবাৰে ,২৪২টা নতুন কোভিডৰ ঘটনা নথিভুক্ত হৈছে আৰু ৰাজ্যখনত সক্ৰিয় ঘটনা হৈছেগৈ ৬৮,১২৫

 

ফেক্ট চেক

Image

Image

Image

Image

Image

Image

 

 



(Release ID: 1710815) Visitor Counter : 178