কেবিনেট

শ্বেত সামগ্ৰী (এয়াৰ কণ্ডিচনাৰ আৰু এলইডি লাইট)ৰ বাবে উৎপাদন ভিত্তিক প্ৰোৎসাহন (পিএলআই) যোজনাত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ভাৰতত এই সামগ্ৰীসমূহ নিৰ্মাণৰ বাবে আগন্তুক পাঁচ বছৰত প্ৰোৎসাহন হিচাপে ৬,২৩৮ কোটি টকা প্ৰদান কৰা হ’ব

আগন্তুক পাঁচ বছৰত আনুমানিক ১.৬৮ লাখ কোটি টকাৰ উৎপাদন আৰু ৬৪,৪০০ কোটি টকাৰ ৰপ্তানি ধাৰ্য কৰা হৈছে

এই যোজনাৰ জৰিয়তে আগন্তুক পাঁচ বছৰত ৭,৯২০ কোটি টকাৰ অতিৰিক্ত বিনিয়োগৰ সুবিধা, ৪৯,৩০০ কোটি টকাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ৰাজহ প্ৰাপ্তি আৰু চাৰি লাখ চাকৰি সৃষ্টিত সহায় হ’ব

Posted On: 07 APR 2021 3:55PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাই আত্মনির্ভৰ ভাৰত অভিযানৰ বাবে আজি এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে। শ্বেত সামগ্ৰী (এয়াৰ কণ্ডিচনাৰ আৰু এলইডি লাইট)ৰ বাবে মন্ত্রীসভাই উৎপাদন ভিত্তিক প্ৰোৎসাহন যোজনাত অনুমোদন জনাইছে। ইয়াৰ বাবে ৬,২৩৮ কোটি টাকাৰ বাজেট ধাৰ্য কৰা হৈছে।

 
বিভিন্ন খণ্ডৰ সমস্যাসমূহ দূৰ কৰি ভাৰতক উৎপাদন ক্ষেত্রত আন্তর্জাতিক স্তৰৰ প্রতিযোগিতাত অংশ গ্ৰহণৰ বাবে শক্তিশালী কৰি তুলি দেশৰ অর্থনীতিৰ উন্নয়নত উৎপাদন ভিত্তিক উৎসাহদান কৰাটোৱেই এই যোজনাৰ মূল উদ্দেশ্য। ইয়াৰ ফলত দেশত প্রয়োজনীয় পৰিৱেশ গঢ় লৈ উঠাৰ লগতে ভাৰতক আন্তর্জাতিক সৰবৰাহ শৃংখলৰ অংশীদাৰ কৰা হ’ব। এই যোজনাৰ জৰিয়তে আন্তর্জাতিক বিনিয়োগকাৰী আকৃষ্ট হ’ব, প্রচুৰ পৰিমাণে কর্মসংস্থান সৃষ্টি হ’ব আৰু বিদেশলৈ ৰপ্তানী বৃদ্ধি পাব।

 

ভাৰতত আগন্তুক ৫ বছৰত বগা সামগ্ৰীৰ বাবে পিএলআই আঁচনিয়ে এয়াৰ কণ্ডিচনাৰ আৰু এলইডি লাইট নিৰ্মাণত নিয়োজিত কোম্পানীবোৰক পাঁচ বছৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা সামগ্ৰীৰ বৰ্ধিত বিক্ৰীৰ ওপৰত ৪শতাংশৰ পৰা ৬ শতাংশলৈ উদগনি প্ৰদান কৰিব। এই আঁচনিত সেইসমূহ কোম্পানীকেই বাছনি কৰা হ’ব যিসমূহে তেওঁলোকৰ সামগ্রী বৃহৎ পৰিমাণত দেশত উৎপাদন কৰিব। বিদেশৰ পৰা যন্ত্রাংশ আনি ইয়াত কেৱলমাত্র সংযোজিত কৰি দিলেই সংশ্লিষ্ট কোম্পানীসমূহ এই সুযোগৰ আওতাত নপৰিব।


এই প্রকল্পত অন্তর্ভুক্ত হ’বলৈ হলে কোম্পানীসমূহে বিনিয়োগ কৰিব লাগিব।এই বিনিয়োগৰ পৰিমাণ, উৎপাদিত পণ্যৰ বিক্রী বৃদ্ধি বিবেচনাৰ পাছত ইনচেনটিভ দাবী কৰা হ’ব।
 

কেন্দ্রৰ অন্য কোনো উৎপাদন ভিত্তিক উৎসাহ আঁচনিত কোনো সংস্থা সুবিধাপ্রাপক হলে সেই কোম্পানীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰিব। তেনেক্ষেত্ৰত কোম্পানীটোৱে কেন্দ্র বা ৰাজ্যৰ অন্য কোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। দেশৰ যিকোনো অঞ্চলৰ যিকোনো জনগোষ্ঠীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব। আঁচনিখনৰ পৰা দেশ-বিদেশৰ  বিভিন্ন কোম্পানী আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া কোম্পানীসমূহে সুবিধা লাভ কৰিব।


এই আঁচনিৰ জৰিয়তে দেশত যিসমূহ শীতাতপ যন্ত্র আৰু এলইডি লাইট উৎপাদনকাৰী কোম্পানী আছে সেইসমূহ উপকৃত হব আৰু সংশ্লিষ্ট কোম্পানীসমূহৰ আৰু অধিক বিকাশ হ’ব। সেয়ে এইসমূহ সংস্থাৰ উৎপাদিত পণ্য দেশৰ বজাৰত তথা বিদেশত বিক্রীৰ বাবে বিআইএছ আৰু বিইই গুণমান সম্পন্ন হ’ব লাগিব। এই আঁচনিৰ ফলত দেশত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি পাব যাৰ জৰিয়তে প্রযুক্তিৰ মানোন্নয়ন হ’ব।


এই যোজনাৰ জৰিয়তে আগন্তুক পাঁচ বছৰত ৭,৯২০ কোটি টকাৰ অতিৰিক্ত বিনিয়োগৰ সুবিধা, আগন্তুক পাঁচ বছৰত আনুমানিক ১.৬৮ লাখ কোটি টকাৰ উৎপাদন আৰু  ৬৪,৪০০ কোটি টকাৰ ৰপ্তানি ধাৰ্য কৰা হৈছে। ইয়াৰ জৰিয়তে ৪৯,৩০০ কোটি টকাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ৰাজহ প্ৰাপ্তি আৰু চাৰি লাখ চাকৰি সৃষ্টিত সহায় হ’ব।

 

***********

DS/KG



(Release ID: 1710338) Visitor Counter : 231