আইন আৰু ন্যায় মন্ত্ৰালয়

ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ল ন্যায়মূৰ্তি শ্ৰী নুথালাপতি ভেংকতা ৰমনা

Posted On: 06 APR 2021 10:58AM by PIB Guwahati

ভাৰতীয় সংবিধানৰ ১২৪নং দফাৰ উপ-অনুচ্ছেদ(২)য়ে প্ৰদান কৰা ক্ষমতা সাৰোগত কৰি দেশৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ শ্ৰী নুথালাপতি ভেংকতা ৰমনাক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। এই সন্দৰ্ভত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগে আজি এক অধিসূচনা জাৰি কৰিছে। ন্যায়মূৰ্তি এন ভি ৰমনাৰ হাতত নিযুক্তি পত্ৰ আৰু এই সংক্ৰান্তত জাৰি কৰা অধিসূচনাৰ প্ৰতিলিপি ইতিমধ্যে অৰ্পণ কৰা হৈছে।

অহা ২৪ এপ্ৰিল, ২০২১ তাৰিখে ন্যায়াধীশ নুথালাপতি ভেংকতা ৰমনাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ দেশৰ ৪৮সংখ্যক গৰাকী মুখ্য ন্যায়াধীশ হ’ব।

অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ পুন্নাভৰম গাঁৱৰ এটি কৃষক পৰিয়ালৰ সন্তান এইগৰাকী ব্যক্তি তেওঁৰ পৰিয়ালৰ প্ৰথমটো প্ৰজন্মৰ অধিবক্তা। সাহিত্যৰ প্ৰতি বিশেষ অনুৰাগ থকা এইগৰাকী ন্যায়াধীশ এগৰাকী উত্সাহী-পাঠকো। কৰ্ণাটকী সংগীতৰো তেওঁ এগৰাকী অনুৰাগী।

তেওঁ ১৯৮৩ চনৰ ১০ ফেব্ৰুৱাৰীত অধিবক্তা হিচাপে প্ৰথমবাৰৰ বাবে আদালতত যোগদান কৰিছিল। পৰৱৰ্তি সময়ত তেওঁ ‘অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়’, ‘কেন্দ্ৰীয় আৰু অন্ধ্ৰ প্ৰদেশ প্ৰশাসনীয় ন্যায়াধিকৰণ’ আৰু ‘উচ্চতম ন্যায়ালয়’ত ওকালতি কৰে। সাংবিধানিক, দেৱানী, শ্ৰম, সেৱা আৰু নিৰ্বাচন সংক্ৰান্তীয় প্ৰসংগসমূহত তেওঁ বিশেষত্ব প্ৰদৰ্শন কৰিছিল। ‘আন্তঃ ৰাজ্যিক নদী ন্যায়াধিকৰণ’তো তেওঁ ওকালতি কৰিছিল।

ওকালতি কৰা সময়ছোৱাত তেওঁ বিভিন্ন চৰকাৰী সংস্থাৰ নিয়োজিত অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি হায়দৰাবাদস্থিত ‘কেন্দ্ৰীয় প্ৰশাসনীয় ন্যায়াধিকৰণ’ত ৰে’ল বিভাগৰ ‘অতিৰিক্ত স্থায়ী অধিবক্তা’ হিচাপে কৰ্মৰত আছিল। পৰৱৰ্তি পৰ্যায়ত তেওঁ অন্ধ্ৰ প্ৰদেশৰ ‘অতিৰিক্ত মহাধিবক্তা’ৰ পদতো স্থলাভিষিক্ত হৈছিল।

ন্যায়াধীশ নুথালাপতি ভেংকতা ৰমনাই ১৭-০২-২০১৪ তাৰিখৰ পৰা উচ্চতম ন্যায়ালয়ৰ ‘অবৰ ন্যায়াধীশ’ হিচাপে সেৱা আগবঢ়াইছিল। ২০১৯চনৰ ৭মাৰ্চৰ পৰা ২০১৯চনৰ ২৬নৱেম্বৰ পৰ্যন্ত তেওঁ ‘উচ্চতম ন্যায়ালয়ৰ ন্যায় সেৱা সমিতি’ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২৭-১১-২০১৯তাৰিখৰ পৰা তেওঁ ‘ৰাষ্ট্ৰীয় ন্যায় সেৱা প্ৰাধিকৰণ’(এনএএলএছএ)ৰ ‘কাৰ্যবাহী অধ্যক্ষ’ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

প্ৰথম পৰ্যায়ত, ২৭-০৬-২০০০তাৰিখে তেওঁক ‘অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়’ত ‘স্থায়ী ন্যায়াধীশ’ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ১০-৩-২০১৩ৰ পৰা ২০-৫-২০১৩ তাৰিখ পৰ্যন্ত উচ্চ ন্যায়ালয়খনৰ ‘ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ’ হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

 

*******

 

RKJ/M/KB



(Release ID: 1710006) Visitor Counter : 3470