স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কেন্দ্রীয় স্বাস্থ্য সচিবে সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলৰ সৈতে কোভিড টীকাকৰণ অভিযান পর্যালোচনা আৰু এপ্রিল ২০২১ৰ প্রস্তুতিৰ পুনৰীক্ষণ কৰে

ৰাজ্যসমূহত টীকাৰ কোনো নাটনি নাই; টীকাৰ যোগান অব্যাহত থাকিব

টীকাৰ ডোজৰ অপচয় ১%ৰ তলত ৰাখিব লাগিব

Posted On: 31 MAR 2021 2:37PM by PIB Guwahati

দেশত কোভিড-১৯ টীকাকৰণ অভিযানৰ বর্তমান পৰিস্থিতি, টীকাকৰণ হাৰত গতি আৰু অন্যান্য বিষয়ক লৈ কেন্দ্রীয় স্বাস্থ্য সচিব শ্রী ৰাজেশ ভূষণ, জাতীয় স্বাস্থ্য কর্তৃপক্ষৰ মুখ্য কার্যনির্বাহী আধিকাৰিক আৰু কোভিড টীকাকৰণ সংক্রান্ত ক্ষমতাপ্রাপ্ত গোষ্ঠীৰ চেয়াৰমেনে আজি ৰাজ্য/কেন্দ্রশাসিত অঞ্চলৰ স্বাস্থ্য সচিব, জাতীয় স্বাস্থ্য মিছনৰ ৰাজ্যস্তৰীয় অধিকর্তা আৰু ৰাজ্য টীকাকৰণ সংক্রান্ত আধিকাৰিকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত উচ্চ পর্যায়ৰ বৈঠক কৰে। এই বৈঠকত বর্তমান টীকাকৰণ অভিযানক লৈ আলোচনাৰ সমান্তৰালকৈ, এপ্রিল মাহত টীকাকৰণৰ প্রস্তুতিক লৈও আলোচনা হয়। উল্লেখ কৰিব পাৰি, এপ্রিল মাহৰ পৰাই ৪৫ বছৰৰ বেছি বয়সীয়া ব্যক্তিসকলক টীকাকৰণ আৰম্ভ হৈছে। যিসমূহ জিলাত কোভিড আক্রান্তৰ ঘটনা বাঢ়িছে, তাত টীকাকৰণৰ গতি বঢ়োৱাক লৈও আলোচনা হৈছে।

 

 

স্বাস্থ্য কর্মী (এইচচিডব্লিউ) আৰু আগশাৰীৰ ক'ৰোণা যোদ্ধাসকলৰ (এফএলডব্লিউ) টীকাকৰণ সম্পর্কে ৰাজ্য/কেন্দ্রশাসিত অঞ্চলসমূহক পৰামর্শ দিয়া হৈছেঃ

 

১। তেওঁলোকে কেৱল যোগ্য সুফলভোগীসকলক চিহ্নিত কৰি তেওঁলোকৰ টীকাকৰণ দ্রুত সম্পন্ন কৰাটো নিশ্চিত কৰিব লাগিব।

 

২। কো-উইন প্লেটফর্মত ডুপ্লিকেট বা নকল নামনথিভুক্তিকৰণৰ বিষয়েও প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ কথা কোৱা হৈছে।

 

৩। যি জিলা বা অঞ্চলসমূহত টীকাকৰণৰ হাৰ নগণ্য, তাত দ্রুত কার্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ পৰামর্শ দিয়া হৈছে।

 

৪। অগ্রাধিকাৰৰ ভিত্তিত বয়স-ভিত্তিক শ্রেণীৰ মানুহৰ টীকাকৰণৰ হাৰ আৰু বঢ়াবলৈ কোৱা হৈছে।

 

 

ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহত বেচৰকাৰী কোভিড টীকাকৰণ কেন্দ্র (চিভিচি) সম্পর্কে কোৱা হৈছেঃ

 

১। নিয়মিতভাৱে টীকাকৰণৰ বিভিন্ন দিশ পর্যালোচনা কৰিব লাগিব।

 

২। তাৰ লগতে, অতিৰিক্ত কোভিড টীকাকৰণ কেন্দ্রৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জিআইএছ পদ্ধতিত পৰিস্থিতি পর্যালোচনাৰ বাবে ৰাজ্য/কেন্দ্রশাসিত অঞ্চলসমূহক পৰামর্শ দিয়া হৈছে।

 

৩। ভেকচিন যোগান, নীতি-নিৰ্দেশনা ইত্যাদিৰ ক্ষেত্ৰত বেচৰকাৰী চিভিচিৰ সক্ৰিয়তাৰ বাবে সকলো সুবিধা কৰি দিয়া।

 

 

পর্যাপ্ত পৰিমাণে টীকাৰ মজুত সম্পর্কে ৰাজ্য/কেন্দ্রশাসিত অঞ্চলসমূহক পৰামর্শ দি কোৱা হৈছেঃ

 

১। টীকাকৰণৰ কোনো পর্যায়তেই যেন টীকাৰ ডোজৰ নাটনিয়ে দেখা নিদিয়ে।

 

২। ক'ল্ড চেইন পইণ্ট আৰু চিভিচিত অতিৰিক্ত মজুত এৰাই চলিবলৈ টীকাৰ ডোজ ব্যৱহাৰৰ ভিত্তিত টীকা বন্টনৰ পৰামর্শ দিয়া হৈছে।

 

৩। লগতে কোৱা হৈছে, যিবোৰ ক্ষেত্রত টীকা সৰবৰাহত নাটনি আছে, সেইবোৰ দ্রুত চিহ্নিত কৰি মজুত টীকাৰ নিয়মিত পর্যালোচনা কৰিব লাগিব।

 

 

কেন্দ্রৰ ফালৰ পৰা ৰাজ্য/কেন্দ্রশাসিত অঞ্চলসমূহক লগতে কোৱা হৈছেঃ

 

১। টীকাৰ ডোজৰ অপচয় বর্তমান জাতীয় স্তৰত ৬%ৰ পৰা কমাই ১% কৰিব লাগিব।

 

২। টীকাৰ অপচয় কমাবলৈ নিয়মিত পৰিস্থিতি পর্যালোচনা কৰিব লাগিব।

 

৩। মজুত থকা টীকাৰ মিয়াদ উত্তীর্ণ হোৱাৰ আগেই তাক সদ্ব্যৱহাৰ কৰিব লাগিব।

 

৪। কো-উইন তথা ই-ভিন পোর্টেলত টীকাৰ ডোজ ব্যৱহাৰ সম্পর্কিত তথ্য সময় মতে আপডেট কৰিব লাগিব।

 

জাতীয় স্বাস্থ্য কর্তৃপক্ষৰ মুখ্য কার্যনির্বাহী আধিকাৰিক ডঃ আৰ এছ শর্মাই জনায়, কোভিড টীকাৰ কোনো নাটনি নাই আৰু পৰিবহণতো কোনো সমস্যা নাই। তেওঁ প্রথম ডোজৰ পিছত দ্বিতীয় ডোজৰ ক্ষেত্রত টীকা সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

 

********

MV



(Release ID: 1708868) Visitor Counter : 224