ভাৰতীয় নিৰ্বাচন আয়োগ

অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ ও পুডুচেৰীৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচন আৰু ভিন্ন ৰাজ্যৰ লোকসভা আৰু বিধান সভাৰ উপ নিৰ্বাচন- এক্সিট প’ল নিষিদ্ধ

प्रविष्टि तिथि: 26 MAR 2021 4:59PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগে ৰিপ্ৰেজেনটেশ্যন অৱ দ্য পিপুল এক্ট, ১৯৫১ ৰ ১২৬এ অনুচ্ছেদৰ উপ-ধাৰা (১) ৰ অধীনত ক্ষমতা প্ৰয়োগেৰে অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ ও পুডুচেৰীৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচন আৰু ভিন্ন ৰাজ্যৰ লোকসভা আৰু বিধান সভাৰ উপ নিৰ্বাচন সন্দৰ্ভত ২৭ মাৰ্চ, ২০২১ (শনিবাৰ) ৰ পুৱা ৭:০০ বজাৰপৰা ২৯ এপ্ৰিল, ২০২১ (বৃহস্পতিবাৰ) ৰ সন্ধিয়া ৭.৩০ বজালৈকে সময়ছোৱাত ছপা বা ইলেকট্ৰনিক মিডিয়া বা অন্য ধৰণেৰে এক্সিট প’ল অনুষ্ঠিত কৰা আৰু এক্সিট প’লৰ ফলাফল প্ৰকাশ বা প্ৰচাৰ নিষিদ্ধ কৰিছে। ২৬ ফেব্ৰুৱাৰী, ২০২১ আৰু ১৬ মাৰ্চ, ২০২১ তাৰিখে আয়োগৰ প্ৰেছ টোকাৰ জৰিয়তে এই নিষেধাজ্ঞা আৰোপ কৰা যায়।

তদুপৰি, ৰিপ্ৰেজেনটেশ্যন অৱ দ্য পিপুল এক্ট, ১৯৫১ ৰ ১২৬ (১) (বি) অনুচ্ছেদৰ অধীনত, কোনো ইলেকট্ৰনিক মিডিয়াত উল্লেখিত সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচনসমূহৰ প্ৰতিটো পৰ্যায়ৰে সংশ্লিষ্ট পুলিং এলেকাসমূহৰ ভোটদান সমাপ্তিৰ বাবে নিৰ্ধাৰিত সময়লৈকে ৪৮ ঘন্টাৰ ভিতৰত সংশ্লিষ্ট অ’পিনিয়ন প’ল বা আন কোনো ভোটদান সমীক্ষাৰ ফলাফলকে ধৰি নিৰ্বাচনী বিষয় প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছে।

এই সংক্ৰান্তত ২৪ মাৰ্চ, ২০২১ ত জাৰি কৰা অধিসূচনা সকলো পক্ষৰ অৰ্থে ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া হৈছে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ অধিসূচনাখন প্ৰত্যক্ষ কৰিবলৈ ইয়াত ক্লিক কৰক

SBS/RP/AC/SB


(रिलीज़ आईडी: 1707916) आगंतुक पटल : 241
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Tamil , Telugu , Malayalam