স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘ইনছাকোগ’-ৰ দ্বাৰা কৰা ‘জিনম অনুক্ৰমণ’য়ে ‘চিন্তা উদ্ৰেককাৰী ৰূপান্তৰণ’ৰ নিদৰ্শন দাঙি ধৰিছে আৰু ভাৰতত এক নতুন ‘ৰূপান্তৰণ’ প্ৰত্যক্ষ কৰা গৈছে

Posted On: 24 MAR 2021 12:49PM by PIB Guwahati

দেশৰ ১০টা ৰাষ্ট্ৰীয় পৰীক্ষাগাৰৰে গঠিত এটি গোট হৈছে ‘ইণ্ডিয়ান ছাৰ্ছ-ক’ভ-২( SARS-CoV-2) কনছ’ৰ্টিয়াম অন জিনমিক্স’(আইএনএছএচিঅজি)-চমুকৈ ‘ইনছাকোগ’। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোৱা ২৫-১২-২০২০ত গঠন কৰা এই গোটে সংক্ৰমিত ক’ভিড-১৯ৰ ‘জিনম অনুক্ৰম’ যুগুতোৱাৰ লগতে ভাইৰাছবিধৰ বিশ্লেষণ তথা ‘জিনমিক ৰূপান্তৰণ’কে ধৰি মহামাৰী বিজ্ঞান সংক্ৰান্তীয় ধাৰাৰ মাজত থকা সামঞ্জস্যৰ বিশ্লেষণত ব্ৰতী হৈ আহিছে। বিভিন্ন ভাইৰাছৰ ক্ষেত্ৰত হোৱা ‘জিনমিক ৰূপান্তৰণ’ এক প্ৰাকৃতিক পৰিঘটনা আৰু প্ৰায় সকলো দেশতে ইয়াক প্ৰত্যক্ষ কৰা যায়।

‘ইনছাকোগ’-য়ে কাম-কাজ আৰম্ভ কৰাৰে পৰা দেশৰ বিভিন্ন ৰাজ্যই প্ৰেৰণ কৰা ক’ভিড-আক্ৰান্তৰ মুঠ ১০৭৮৭টা নমুনাৰ বিশ্লেষণ কৰি ৭৭১টা ‘চিন্তা উদ্ৰেককাৰী ৰূপান্তৰণ’(ভিঅ’চি) ধৰা পেলায়। এইসমূহত ৭৩৬টা ইউইনাইটেড কিংডম(বি.১.১.৭), ৩৪টা দক্ষিণ আফ্ৰিকীয়(বি.১.৩৫১) আৰু ১টা ব্ৰাজিলিয়ান(পি.১)বংশ-লতিকাৰ ভাইৰাছ আছে। দেশৰ ১৮খন ৰাজ্যৰ পৰা উপলব্ধ নুমনাত এইসমূহ ‘ভিঅচি’ ধৰা পেলোৱা হয়।

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী, তেওঁলোকৰ সংস্পৰ্শলৈ আহোতাসকলৰ মাজৰ সংক্ৰমণ নিশ্চিত হোৱাসকলৰ লগতে প্ৰায়বোৰ ৰাজ্যৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ‘জিনম অনুক্ৰম’ আৰু যাৱতীয় বিশ্লেষণ কৰিছিল ‘ইনছাকোগ’-ৰ অন্তৰ্গত ১০টা পৰীক্ষাগাৰে।

মহাৰাষ্ট্ৰ পৰা অহা নমুনাসমূহৰ বিশ্লেষণত ধৰা পৰা তথ্য অনুসৰি ২০২০ৰ ডিচেম্বৰৰ তুলনাত একাংশ নমুনাত ‘ই৪৮৪কিউ’ আৰু ‘এল৪৫২আৰ’ ৰূপান্তৰৰ হাৰ বৃদ্ধিৰ ধাৰা প্ৰত্যক্ষ কৰা গৈছে। তেনে ধৰণৰ ৰূপান্তৰে ৰোগ-প্ৰতিৰোধকক দুৰ্বল কৰি অপ্ৰভাৱশালীতাৰ হাৰ বৃদ্ধি কৰে। প্ৰায় ১৫-২০%নমুনাত এনে ৰূপান্তৰণ প্ৰত্যক্ষ কৰা গৈছে আৰু ইতিপূৰ্বে তালিকাভুক্ত কৰা ‘ভিঅ’চি’ৰ চাৰিত্ৰিক বৈশিষ্ট্যৰে এই ৰূপান্তৰৰ কোনো মিল নাই। এইসমূহক ‘ভিঅ’চি বুলি শ্ৰেণীভুক্ত কৰা হৈছে যদিও ইয়াৰ একে মহামাৰী বিজ্ঞান আৰু জন-স্বাস্থ্য সম্পৰ্কীয় বৰ্দ্ধিত পৰীক্ষণ, ঘনিষ্ঠভাবে সংস্পৰ্শলৈ আহোতাসকলৰ ব্যাপক অনুসৰণ, আক্ৰান্তৰ দ্ৰুত একাকীকৰণৰ দিহা কৰাৰ লগতে ৰাষ্ট্ৰীয় চিকিত্সা বিধি-নিৰ্দেশনা অনুসৰি চিকিত্সাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা আছে।

কেৰালা(১৪খন জিলাৰ পৰা)ৰ পৰা পোৱা ২০৩২টা নমুনাৰ অনুক্ৰম যুগুতোৱা হৈছে। ইয়াৰ ১১খন জিলাৰ পৰা পোৱা ১২৩টা নমুনাত ‘এন৪৪০কে’ শীৰ্ষক ৰোগ প্ৰতিৰোধকক দুৰ্বল কৰা ‘ভিঅ’চি’ ধৰা পেলোৱা হৈছে। এনে ৰূপান্তৰণ ইতিপূৰ্বে অন্ধ্ৰ প্ৰদেশৰ পৰা পোৱা ৩৩% নমুনা আৰু তেলেংগাণাৰ পৰা পোৱা ১০৪টা নমুনাৰ ৫৩টাত ধৰা পেলোৱা হৈচিল। এইবিধ ৰূপান্তৰ আকৌ ইউকে, ডেনমাৰ্ক, ছিংগাপোৰ, জাপান আৰু অষ্ট্ৰেলিয়াকে ধৰি মুঠ ১৬খন দেশতো প্ৰত্যক্ষ কৰা হৈছে বুলি তথ্য উপলব্ধ হৈছে। এই মুহূৰ্তত এইসমূহ ৰূপান্তৰৰ ক্ষেত্ৰত অনুসন্ধান অব্যাহত আছে বুলি ক’লেহে উচিত হ’ব।

যদিও এইসমূহ ‘ভিঅ’চি’ৰ লগতে দুবাৰকৈ পৰিৱৰ্তিত হোৱা এবিধ নতুন ৰূপান্তৰণ ভাৰতত প্ৰত্যক্ষ কৰা গৈছে, তথাপি ই ৰোগৰ সংক্ৰমণ বৃদ্ধি কৰাত প্ৰভৱ বিস্তাৰ কৰিছেনে নাই এই সংক্ৰান্তত তথ্য বিশ্লেষণ কৰিব পৰাকৈ ইয়াৰ সংখ্যা পৰ্যাপ্ত নহয়। পৰৱৰ্তি পৰিস্থিতিৰ বিশ্লেষণ কৰাৰ বাবে ‘জিনম অনুক্ৰম’ প্ৰস্তুত কৰা কিম্বা মহামাৰী বিজ্ঞানৰ অধ্যয়ন অব্যাহত ৰখা হৈছে।

 

****

MV/SJ/KB



(Release ID: 1707442) Visitor Counter : 345