স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মহাৰাষ্ট্র, কেৰালা, পাঞ্জাব, তামিলনাডু, গুজৰাট আৰু কর্ণাটকত দৈনিক কৰোণাত আক্রান্তৰ সংখ্যা ধাৰাবাহিকভাৱে বাঢ়িছে

আজি পুৱা ৭টা পর্যন্ত ১.৬৬ কোটিৰো বেছি টীকাকৰণ

দেশত যোৱা ২৪ ঘণ্টাত প্রায় ১০ লক্ষ টীকাৰ ডোজ (পালি) দিয়া হৈছে

Posted On: 04 MAR 2021 11:45AM by PIB Guwahati

মহাৰাষ্ট্র, কেৰালা, পাঞ্জাব, তামিলনাডু, গুজৰাট আৰু কর্ণাটকত দৈনিক কৰোণাত আক্রান্তৰ সংখ্যা ধাৰাবাহিকভাবে বৃদ্ধি পাইছে। এই ৰাজ্যসমূহত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্তৰ হাৰ ৮৫.৫১ শতাংশ।

দেশত যোৱা ২৪ ঘণ্টাত কৰোণাত আক্রান্তৰ ১৭ হাজাৰ ৪০৭টা ঘটনা ঘটিছে। কেৱল মহাৰাষ্ট্রতে আক্রান্ত হৈছে ৯ হাজাৰ ৮৫৫ জন। যোৱা ১৮ অক্টোবৰৰ পিছত দৈনিক আক্রান্তৰ দিশৰ পৰা এতিয়ালৈকে ৰাজ্যত এয়া সর্বাধিক। আনহাতে, কেৰালাত আক্রান্ত হৈছে ২ হাজাৰ ৭৬৫ জন আৰু পাঞ্জাবত ৭৭২ জন।

দেশত আজি সুস্পষ্টভাৱে কৰোণাত আক্রান্তৰ সংখ্যা হৈছেগৈ ১ লক্ষ ৭৩ হাজাৰ ৪১৩। মুঠ কৰোণাত আক্রান্তৰ কেৱল ১.৫৫ শতাংশ সুস্পষ্টভাৱে কৰোণাত আক্রান্ত।

মহাৰাষ্ট্র, গুজৰাট, পাঞ্জাব আৰু মধ্যপ্রদেশত সুস্পষ্টভাৱে কৰোণাত আক্রান্তৰ সংখ্যা ক্রমশঃ বাঢ়িছে।

অৱশ্যে, যোৱা ২৪ ঘণ্টাত কেৰালা, উত্তৰ প্রদেশ, ঝাড়খন্ড, বিহাৰ আৰু অসমত সুস্পষ্টভাবে আক্রান্তৰ সংখ্যা হ্রাস পাইছে। অন্যহাতে, মহাৰাষ্ট্র, পাঞ্জাব, ৰাজস্থান, ছত্তিশগড়, মধ্যপ্রদেশ, হাৰিয়ানা আৰু গুজৰাটত আক্রান্তৰ সংখ্যা বাঢ়িছে।

দেশত সুস্থতাৰ সংখ্যা ক্রমশঃ উর্ধ্বমুখী। আজি পুৱা ৭টা পর্যন্ত সুস্পষ্টভাবে আক্রান্তৰ সংখ্যা, সুস্থতাৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যাৰ ৰেখাচিত্র নিম্নমুখী।

দেশত আজি পুৱা ৭টা পর্যন্ত ১ কোটি ৬৬ লক্ষ ১৬ হাজাৰ ৪৮টা টীকাৰ ডোজ (পালি) দিয়া হৈছে। ইয়াৰ মাজত ৬৭ লক্ষ ৯০ হাজাৰ ৮০৮টা ক্ষেত্রত টীকাৰ প্রথম ডোজ পাইছে স্বাস্থ্য কর্মীসকলে। দ্বিতীয় ডোজ দিয়া হৈছে ২৮ লক্ষ ৭২ হাজাৰ ৭২৫ জন স্বাস্থ্য কর্মীক। অন্যহাতে, কৰোণাৰ বিৰুদ্ধে যুঁজত আগশাৰীত থকা ৫৮ লক্ষ ৩ হাজাৰ ৮৫৬ জনক টীকাৰ প্রথম ডোজ আৰু ৪ হাজাৰ ২০২ জনক দ্বিতীয় ডোজ দিয়া হৈছে। ইয়াৰ উপৰিও, ৪৫ বছৰৰ বেছি বয়সৰ একাধিক উপসর্গবিশিষ্ট ১ লক্ষ ৪৩ হাজাৰ ৭৫৯ জন সুফলভোগীক প্রথম ডোজ আৰু ৬০ বছৰৰ বেছি বয়সৰ ১০ লক্ষ ৬৯৮ জনক টীকা দিয়া হৈছে।

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৬৭,৯০,৮০৮

২৮,৭২,৭২৫

৫৮,০৩,৮৫৬

৪,২০২

১,৪৩,৭৫৯

১০,০০,৬৯৮

১,৬৬,১৬,০৪৮

 

টীকাকৰণ অভিযানৰ ৪৭তম দিনত (তৃতীয় মার্চ) ৯ লক্ষ ৯৪ হাজাৰ ৪৫২ জন সুফলভোগীক টীকা দিয়া হৈছে। ইয়াৰ মাজত ৮ লক্ষ ৩১ হাজাৰ ৫৯০ জন সুফলভোগীক প্রথম ডোজ আৰু ১ লক্ষ ৬২ হাজাৰ ৮৬২ জনক দ্বিতীয় ডোজ দিয়া হৈছে।

তাৰিখঃ ৩ মাৰ্চ, ২০২১

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ প্ৰাপ্তি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৪৮,২০৫

১,৫৯,৪৯৪

২,৩৩,৫২২

৩,৩৬৮

৭১,৮৬০

৪,৭৮,০০৩

৮,৩১,৫৯০

১,৬২,৮৬২

 

দেশত যোৱা ২৪ ঘণ্টাত কৰোণাত আৰু ৮৯ জনৰ মৃত্যু হৈছে। ইয়াৰ মাজত ৮৮.৭৬ শতাংশৰ মৃত্যু হৈছে ৬খন ৰাজ্যত। মহাৰাষ্ট্রত সর্বাধিক ৪২ জনৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত কেৰালাত মৃত্যু হৈছে ১৫ জন আৰু পাঞ্জাবত মৃত্যু হৈছে ১২ জনৰ।

অন্যহাতে, যোৱা ২৪ ঘণ্টাত ২৩খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত কৰোণাত মৃত্যুৰ খবৰ নাই। ইয়াৰ মাজত আছে – মধ্যপ্রদেশ, হাৰিয়ানা, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, গোৱা, ঝাড়খন্ড, অসম, ছিক্কিম, লাডাখ প্রভৃতি।

*********

MV/SJ



(Release ID: 1702600) Visitor Counter : 211